Ojaantric || Assamese Podcast ft Khagen Gogoi || Ep.75

Поділитися
Вставка
  • Опубліковано 8 жов 2022
  • A small donation can make our dreams turn into big realities. Help OJAANTRIC to grow :
    paytm.me/M2f-vgp
    Our Second channel:
    Oasis Talukdar : • ONATAR || Assamese Pod...
    Udayan Duarah : • Hanayah's first day at...
    OJAANTRIC.....
    For business inquiries you can mail us at: oasismotionfilms@gmail.com
    Our contact number : 7002428586
    #ojaantric
    #assamesepodcast
    #KhagenGogoi
  • Розваги

КОМЕНТАРІ • 1,3 тис.

  • @indrajitsarma5706
    @indrajitsarma5706 Рік тому +15

    অভিভূত।গগৈ দেৱৰ দীৰ্ঘ জীৱন কামনা কৰিলো,🙏

  • @munindrasarma3233
    @munindrasarma3233 Рік тому +8

    খগেন দাৰ সাক্ষাৎকাৰ শুনি এখন ডাঙৰ গ্ৰন্থ, মূল্যবান গ্ৰন্থ পঢ়া যেন পালো। কিমান ভাল পালো, কিমান উপকৃত হলো তাক ভাষাৰে বুজাব নোৱাৰিম। লগতে এইকণ সুবিধা দিয়াৰ বাবে তালুকদাৰ আৰু দুৱৰা দুয়োজনকে অশেষ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ভবিষ্যতলৈ বহুত বহুত শুভকামনা যাচিলো।

  • @tulikadevi8507
    @tulikadevi8507 Рік тому +11

    সংস্কৃতি কি আচলতে উলব্ধি কৰিব পৰা এটি মন পৰশা অনুষ্ঠান ।।বহুত নজনা কথা শিকিব পাৰিছোঁ ।।অযান্ত্রিক লৈ বিশেষ ভাবে ধন্যবাদ ।।লগতে খগেন গগৈ ছাৰ কুশলে থাকক ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ।।

  • @kulaprakashboruah2578
    @kulaprakashboruah2578 Рік тому +73

    আজিৰ খণ্ডটি সচাঁই ভাল লাগিল । সচাঁ গাঁৱলীয়া নিভাঁজ মানুহজন সদায়ে এনেকৈ থাকক, তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো ।

    • @chaochingb
      @chaochingb Рік тому

      ধুনীয়া সাধু এটা শুনি থকাৰ দৰে লাগিল। তথাপি যেন মন নভৰে, আৰু শুনিম শুনিম লাগি আছে। নিভাঁজ মানুহজন সদায় এনেদৰে ৰসাল কথাৰে ভৰি থাকক। তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ।
      অযান্ত্রিক পৰিয়াললৈ বহুত বহুত ধন্যবাদ আমাৰ সকলোৰে মৰমৰ খগেন গগৈ ডাঙৰীয়াদেৱক মাতি অনাৰ বাবে।🙏🏻

    • @indirabaruah8033
      @indirabaruah8033 6 місяців тому

      Legend

  • @bhagyoshreeboruah4834
    @bhagyoshreeboruah4834 Рік тому +42

    অজান্তিক ত ঘৰৰ মানুহ জনক দেখি ভাল লাগিল,, ভগৱানে ভালে ৰাখক খগেন বৰ্তাক ,,, মৰম জাচিলো লংপতিয়াৰ পৰা❤️

  • @lizaranigogoi2400
    @lizaranigogoi2400 Рік тому +168

    অৱশেষত আটাইতকৈ প্ৰিয় ব্যক্তিজন প্ৰিয় অনুষ্ঠানটিত😍 ভালে থাকক তেখেত সদায়ে..

  • @shyamoliphukan8626
    @shyamoliphukan8626 Рік тому +6

    খুব সুন্দৰ হৈছে অনুষ্ঠান টি।। খগেন গগৈ ডাঙৰীয়া লৈ নমস্কাৰ জনাইছোঁ লগতে সু স্বাস্থ্য কামনা কৰিছোঁ।। Lv frm Namrup

  • @pallaviburagohain6374
    @pallaviburagohain6374 Рік тому +24

    প্ৰিয় শিল্পীজন💚। কথাবোৰ শুনি সাধুকথা যেন লাগিছে। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো। বহুত বহুত মৰম সোণাৰিৰ পৰা ❤️

  • @hirkha234
    @hirkha234 Рік тому +24

    চৰাইদেউ জিলাৰ সোণাৰিৰ লংপতিয়াৰ নিজ গাঁওৰ পৰা এগালমান মৰম জাচিলো ♥️

  • @pankajbaruah5770
    @pankajbaruah5770 Рік тому +8

    লগত টাই আহোমৰ চিহ্ন মুগাৰ গামোচা খন লৈ যায় সদায় আৰু নিজৰ পৰিচয়টো ৰাখে ভাল লাগে

  • @smritientertainment43
    @smritientertainment43 Рік тому +31

    1sec skip nkora k salu episode 2.. proud of you khagen gogoi sir ❤️
    শিৱসাগৰিয়ান ❤️

  • @akshayanirbangogoi3842
    @akshayanirbangogoi3842 Рік тому +4

    নিজৰ ঠাইৰে এজন মানুহৰ মুখত নিজৰ অঞ্চলটোৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহুত নজনা কথা জানিবলৈ পায় সুখী অনুভৱ কৰিছোঁ। আপোনাৰ সু-স্বাস্থ্য কামনা কৰিছোঁ খগেন গগৈ ডাঙৰীয়া। লগতে Ojaantric ৰ পৰিয়ালৰ লৈও ধন্যবাদ জনাইছোঁ। love from Charaideo 🙏

  • @ashonasarmah5685
    @ashonasarmah5685 Рік тому +113

    খগেন ছাৰক নিমন্ত্ৰণ কৰি অনাৰ বাবে অশেষ ধন্যবাদ উদয়ন দা, অ'ৱেচিছ দা আৰু সমূহ অযান্ত্ৰিক পৰিয়াল ☺️🙏🏻 বিহু গীতৰ কথা ভাবিলে আমাৰ মনলৈ অহা প্ৰথম নামটিয়েই হ'ল *খগেন ছাৰ* 😊🌹 And interestingly, দুয়োজন খগেন ছাৰৰ কথাই মনলৈ আহে। এজন *খগেন গগৈ ছাৰ* আৰু আনজন *খগেন মহন্ত ছাৰ* ☺️🌹 দুয়োজনে চিৰসেউজ, দুয়োজনে বিহু সম্ৰাট ❤️🌹 ভালে থাকক সদায় ছাৰ 😊 ছাৰলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা থাকিল ☺️🙏🏻
    Much love to Udayan da, Oasis da and the entire team of *Ojaantric* 😊🌹
    Oasis da, your voice is so soothing 🥺♥️ শুনিলে শুনিয়েই থাকিব মন যায় ❤️❤️

  • @gautambharadwajofficial3494
    @gautambharadwajofficial3494 Рік тому +20

    যেন বহুত কথা য়েই থাকি গ'ল। অসাংসাৰিক হৈ থকাৰ, লগতে মহানন্দ মজিন্দাৰ বৰুৱা, বিপুল চেতিয়া ফুকন, ৰঞ্জিত গগৈ আৰু নিশ্চয় জুবিন দা

    • @girinchetia1376
      @girinchetia1376 Рік тому +1

      জানিব লগা বহুত আছিলে 🥺

  • @subhabratgogoi28
    @subhabratgogoi28 Рік тому +60

    লংপতিয়াৰ পৰা নমস্কাৰ জনালোঁ 🙏❤️❤️আমাৰ গৌৰৱ খগেন গগৈ 💖

  • @user-qu5pg1vs3j
    @user-qu5pg1vs3j Рік тому +20

    podcast টো আৰু দীঘল হলেও শুনি থাকিব পাৰিলোঁ হয়, কথাবোৰ শুনি সাধু সাধু দৰে লাগিছে ❤️

  • @manash_axom_07
    @manash_axom_07 Рік тому +35

    খগেন দাই আজি UD আৰু OASIS ক কথা কবলৈ নিদিলেই 😂💝🔥

  • @SantoshMohanPhukan
    @SantoshMohanPhukan Рік тому +11

    প্ৰশ্ন সুধিবলৈকে নিদিলে!! নিজেই এটাৰ পিছত আন এটা জীৱনৰ খণ্ড ব্যাখ্যা কৰি গ'ল!! জীৱনৰ বাটত লগ পোৱা প্ৰতি গৰাকী ব্যক্তিৰ নাম মনত আছে তেওঁৰ!
    Thats Khogen Gogoi for you❤

  • @BalinKonwar
    @BalinKonwar 19 годин тому

    বিহুৰ সম্ৰাট খগেন গগৈ ডাঙৰীয়াৰ তেখেতৰ নিজা ব্যক্তিগত জীৱনৰ লগতে ,বহু পুৰণি সাংস্কৃতিক বিষয়ৰ লগত জড়িত অসমৰ বহু পুৰণি নজনা কথাবোৰ জানিব পাৰি বহুত ভাল লাগিল ৷ তেখেতলৈ অশেষ ধন্যবাদ আৰু শ্ৰদ্ধা জনাইছো ৷
    ইয়াতে ,অসম চুক্তিৰ স্বাক্ষৰ কথাটো ১৯৮৩বুলি ভুলবশত তেখেতৰ মুখৰ উলাই গৈছে যদিও সেইয়া ১৯৮৫হে হব লাগিছিল ৷
    সদৌ শেষত তেখেতলৈ অশেষ শ্ৰদ্ধাৰে...

  • @ruponhatiboruah2782
    @ruponhatiboruah2782 Рік тому +11

    ভাল লগা episode বোৰৰ ভিতৰত এটা। শিৰ যদিও আকাশত চেপেটা পতাৰে ভৰি খন কিন্তু এতিয়াও মাটিত দৃঢ়ভাবে লাগি থকা মানুহ জন।।
    লগতে অজান্ত্ৰিকক বহু বহু ধন্যবাদ।।

  • @ritumonigogoi2757
    @ritumonigogoi2757 Рік тому +5

    মাটিৰ মানুহজনক অন্তৰৰ পৰা প্ৰণিপাত জনাইছো। ধন্যবাদ টিম অযান্ত্ৰিক। আপোনাসবৰ পদক্ষেপ প্ৰশংসনীয়।

  • @uttarabaruva1270
    @uttarabaruva1270 Рік тому +115

    Khogen da is the king of bihu songs. His voice is unique for folk songs . Thanks Ojantrick for inviting him.

  • @murchanaborah9140
    @murchanaborah9140 Рік тому +2

    নিজৰ ঠাইৰ নিজৰ মানুহ ...সঁচাকৈ গৌৰাম্বিত আপোনাকলৈ ....নিজৰ ঠাইখনৰ ইমানখিনি কথা আজি জানিবলৈ পালোঁ ...সোণাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী যদিও কলেজখনৰ অতীত আজি আপোনাৰ মুখেৰেই শুনিলোঁ । বিহুক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰা এজন উল্লেখযোগ্য ব্যক্তি ..আপোনাক শত কোটি প্ৰণাম ..UD দা আৰু Oasis দালৈ বহুত বহুত ধন্যবাদ তেখেতক আপোনালোকৰ যোগেদি আৰু বহুখিনি চিনিব পাৰিলোঁ .....Lots of Love From Sapekhati, Sonari ❤️❤️

  • @zubeelandzgargmusic2220
    @zubeelandzgargmusic2220 5 місяців тому +1

    বহুত ভাল লাগিল অনুষ্ঠানটি । আটাইতকৈ ভাল লাগিল অন্য সাক্ষাৎকাৰত যেনেকৈ মাজতে ৰখাই লৈ বেলেগ প্ৰশ্ন উলিয়াই , কিন্তু ইয়াত তাৰ ব্যতিক্ৰম ।

  • @niranjandeka1303
    @niranjandeka1303 Рік тому +6

    খগেন গগৈ ডাঙৰীয়া সচাকৈ মাটিৰ মানুহ ❤️❤️ বহুত ভাল লাগিল আজি দ্বিতীয় বাৰৰ বাবে চালো।

  • @prarthanagogoi7874
    @prarthanagogoi7874 Рік тому +6

    আৰম্ভণিৰ পৰা শেষলৈকে গোটেই খণ্ডটিয়েই অতি আকৰ্ষণীয়। খগেন গগৈদেৱৰ কথাবোৰ সাৰুৱা আৰু ৰসাল। ভাল লাগিল। মায়েও লগতে শুনিলে, অনুষ্ঠানটি আগবাঢ়ি যাওক। বহুতো শুভকামনা।

  • @debashisdas2452
    @debashisdas2452 Рік тому +20

    this episode with Khagen Gogoi sir set a different benchmark of ojaantric , that part sir explain how song is related with your journey of life is one of the best part . I also felt motivated from the story of sir starting from a village of assam with very limited resources to journey to coke studio . Salute to you sir

  • @souravgogoi322
    @souravgogoi322 Рік тому +11

    অযান্ত্ৰিকৰ পৰিয়াললৈ অশেষ ধন্যবাদ সোণাৰিৰ লংপতীয়াৰ পৰা ♥️

  • @p.gassam8552
    @p.gassam8552 Рік тому +5

    আমাৰ মৰমৰ সকলোৰে বুকুৰ আপোন বিহু গীতৰ ৰজা একে গাঁৱৰ আমি ইমান ভিতৰৰ এখন গাঁৱৰ আজি সম্পূৰ্ণ চিনাকি কৰিলে বহুত বহুত ধন্যবাদ 🙏🙏🙏 খগেন গগৈ ডাঙৰীয়া লগতে oasis motion flims 🥰❤️

  • @phuljyotihandique663
    @phuljyotihandique663 Рік тому +48

    Upper assamor manuh buror kotha bur bor rokhal ako... 🥰
    Love from sonari ❤

  • @gayatreegogoi3212
    @gayatreegogoi3212 Рік тому +5

    নিভাঁজ গাঁৱলীয়া সুবাস বিয়পি থকা,মাটিৰ মানুহজনৰ কথাখিনি যেন শুনিয়েই থাকিম তেনেকুৱা অনুভৱ হ'ল ❤️ শ্ৰদ্ধাৰ খগেন গগৈৰ ডাঙৰীয়ালৈ অশেষ শুভকামনা জনাইছোঁ 🙏 আপুনি ভালে থাকক। এই খণ্ডটিৰ প্ৰথমৰেপৰা এটা সাধু শুনি থকা যেন লাগিল💞 উদয়ন দা আৰু অয়েছিচ দা লৈ বহুত বহুত ধন্যবাদ🥰

  • @bhupengogoi2984
    @bhupengogoi2984 Рік тому +11

    এনেদৰেই আগবঢ়াই লৈ যোৱা খাতীঅসমীয়া সচা তেজৰে গঢ়িব খোজা সোনালী অসমৰ ৰনোৱা সকলক লৈ তোমালোকৰ অযান্ত্ৰিক । বহুত ভাল হৈছে। keep it up.

  • @debojitray1050
    @debojitray1050 Рік тому +5

    খগেন গগৈ ছাৰক মাতি অনাৰ বাবে বহুত বহুত ধন্যবাদ উদয়ন দা।🙏🙏😍

  • @gyandipdutta9275
    @gyandipdutta9275 Рік тому +9

    Legend of Bihu🙏...
    One of the best episode so far...
    Thank you Ojaantric..

  • @HamidAli-yk6rf
    @HamidAli-yk6rf Рік тому +1

    Bohut val lagil. Bohu nojona kotha janibo parilu. 30years r agote dhukua tekhetor teacher Mur bor-deauta Hidor Ali sir r nam tu luar babe Khogen gogoi sir 🙏 jonaisu

  • @supriyakaushik7399
    @supriyakaushik7399 Рік тому +1

    ইমান ডাঙৰ শিল্পী হৈও ইমান অহংকাৰ নাই। So grounded 🙏

  • @ANUJ_CHUTIA
    @ANUJ_CHUTIA Рік тому +4

    বিহু সম্ৰাট খগেন দা 🌸💗ভালে থাকক সদায় ❤️ভালে থাকক সদায়

  • @Himanta.boruah
    @Himanta.boruah Рік тому +13

    মাটিৰ মানুহ। প্ৰিয় ব্যক্তিজন ❤❤❤❤❤

    • @bidyutphukan3440
      @bidyutphukan3440 Рік тому +1

      কোন অʼ এইটো পিটপিটাই ফুৰিছ যে

  • @pranobgogoi5508
    @pranobgogoi5508 Рік тому +1

    প্ৰিয় মানুহ জনক দেখি সুখী হলো । খগেন গগৈক ভগৱানে কুশলে ৰাখক । অজান্তিকক বহুত ধন্যবাদ ।

  • @aninditadeka1998
    @aninditadeka1998 Рік тому +15

    Ojaantaric is becoming prestigious platform day by day. When we and future generation will look back Ojaantaric will called as legendary show. Following this show since it's first episode and always will. Ojaantaric has made me watch interview of those artists whom I was not a fan of but I became one.

  • @bhaskarj4700
    @bhaskarj4700 Рік тому +6

    The only episode which i never hv skipped even for a second 😇his voice has a divine connection

  • @junakgogoi7444
    @junakgogoi7444 Рік тому +5

    বহুত ভাল লাগিল 🤍 বাকী কবলৈ একো নাই আৰু ❤️❤️❤️
    আৰু এটা খণ্ড‌ খগেন ছাৰৰ লগত অতি সোনকালে ।
    🔴 নিপন গোস্বামী ছাৰকো এবাৰ 🙏🏻

  • @bishnustatus711
    @bishnustatus711 Рік тому +1

    Ojaantric কক হাত যোৰ কৰি প্ৰণাম কৰিছো এজন বিখ্যাত মানুহ আমাৰ নিচিনা গাঁৱলীয়াৰ গৌৰৱ বিহুৰ সম্ৰাটক মতা কাৰণে বহুত শিকিলোঁ ,নজনা কথা জনিলো , আপোনালোকক হাতে ভৰিয়ে ধৰি কৈছোঁ অতি সোনকালে আকৌ তেওঁক যাতে দেখিব পাওঁ অতি সোনকালে 🙏 love you ojaantric

  • @niruborah1823
    @niruborah1823 Рік тому +1

    অযান্তিক চাই থাকিলে চাই থাকিব মন যায় ।অযান্তিকৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।

  • @beautisivsagar2354
    @beautisivsagar2354 Рік тому +5

    শতকোটি প্ৰণাম খগেন গগৈ ডাঙৰীয়া🙏🙏🙏💙💙💙

  • @riturajsonowal6553
    @riturajsonowal6553 Рік тому +7

    Master of Bihu Khagen Gogoi is Finally at Ojaantric. Thank to both of you.

  • @rajorshisharma9089
    @rajorshisharma9089 Рік тому +8

    Got to know a lot about khogen da...he is the most underrated artist of Assam as well as India.... Hige repeat 🙏... Please invite him one more time

    • @rupjyotidutta7475
      @rupjyotidutta7475 Рік тому

      Ojaantric Once more plz invite him.. Zubindar lgt huwa teur jibonor kothakhini janiboloi eeshya thakil

  • @Dipandita888
    @Dipandita888 Рік тому +3

    He is the king.. bihur roja hoi hodai thakibo tekhet rojaaaa hoi.. best episode of ojantric

  • @tukhargogoi6494
    @tukhargogoi6494 Рік тому +13

    He is one of my favourite singer

  • @ritamjyotidutta6982
    @ritamjyotidutta6982 Рік тому +3

    Best episode of ojaantric..... Mousum gogoi.. dipen Baruah sir... Khogen gogoi... bishrut saikia aikaita best episode of ojaantric......

  • @chaochingb
    @chaochingb Рік тому

    ধুনীয়া সাধু এটা শুনি থকাৰ দৰে লাগিল। তথাপি যেন মন নভৰে, আৰু শুনিম শুনিম লাগি আছে। নিভাঁজ মানুহজন সদায় এনেদৰে ৰসাল কথাৰে ভৰি থাকক। তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ।
    অযান্ত্রিক পৰিয়াললৈ বহুত বহুত ধন্যবাদ আমাৰ সকলোৰে মৰমৰ খগেন গগৈ ডাঙৰীয়াদেৱক মাতি অনাৰ বাবে।

  • @suklachetia3813
    @suklachetia3813 5 місяців тому

    খগেন ককাইদেউৰ জীৱন পৰিক্ৰমা ইমান সুন্দৰ ভাৱে উপস্থাপন কৰিলে খুব ভাল লাগিল ,আপোনাৰ বিষয়ে বহুত কথা জানিব পাৰিলো ,যিবোৰ জানিবলৈ প্ৰৱল ইচ্ছা আছিল ।ধন্যবাদ।

  • @birinchiboruah9143
    @birinchiboruah9143 Рік тому +8

    King is back......❤️❤️ One of my favourite king always king....... haven't to tel[❤️❤️💝

  • @alokeshneog
    @alokeshneog Рік тому +4

    One of the best in Ojaantric. Love u Khagen Da and the Ojaantric family.

  • @santanuphukan4109
    @santanuphukan4109 4 місяці тому

    What humility!!!!!! Total respect!!!!!! Such a brilliant mind! Thanks so very much for building the bond between a great soul and us, lesser mortals ❤

  • @hiyayoutubechannel3799
    @hiyayoutubechannel3799 Рік тому +2

    আৰু শুনি থাকিবলৈ মন আছিল অলপো আমনি নালাগিল।।। খগেন দাক ওচৰৰ পৰা পাইছো বৰপথাৰৰ দ- পথাৰত দাদা এজনৰ ঘৰত।। তেওঁ একদম মাটিৰ মানুহ

  • @manasharandhara4534
    @manasharandhara4534 Рік тому +3

    সুন্দৰ হৈছে অনুষ্ঠান টো, লগত আছে প্ৰিয় শিল্পী গৰাকী...👍 তিনিওৰে কুশল কামনা কৰিছো..।।

  • @drkalyanirajkumari1513
    @drkalyanirajkumari1513 Рік тому +4

    উজনিৰ প্ৰতিখন গাওঁ বা চুবুৰিত যে সেই এজন দুজন দদাইদেউ/ বৰদেউতা থাকে, যাৰ মুখত অনবৰতে বিহুগীত এফাকি লাগিয়ে থাকে (বিশেষকৈ ৰস এটুপি পৰাৰ পিছত 😉), এই মানুহজন সেই প্ৰত্যেকজন দদাই, বৰদেউতাৰ প্ৰতিনিধি। ভাবিলেই ভয় লাগে যে তেওঁলোকৰ প্ৰজন্মৰ পিছত সেই স্বতঃস্ফূৰ্ত বিহুবোৰ, বিহু নামেৰে ইজনে সিজনৰ লগত কৰা চুপতিবোৰ নোহোৱা হৈ তাৰ ডুখৰীয়া ৰূপৰ কিছুমান কৃত্ৰিম গানহে থাকিবগৈ। এই ভিডিওটোৱে কিছু পৰিমাণে হ'লেও সেই সময়খিনি আমাৰ পিছৰ প্ৰজন্মলৈ হয়তু থৈ যাব। ধন্যবাদ 😊

  • @kolpochitra3869
    @kolpochitra3869 Рік тому

    আপোনাৰ জীৱনৰ কথাখিনি শুনি বহুত ভাল লাগিল।এনেকুৱা জাতীয় জীৱনৰ গৌৰৱ লৈ সদায় বহুত দিন জীয়াই থকাৰ শুভ কামনা যাচিলোঁ

  • @rishikeshsaikia8754
    @rishikeshsaikia8754 Рік тому +5

    One of a best episode of Ojantrik❤️Khogen Sir beautiful explanation of his musical and social life .And the last song part🥺

  • @Deepjyoti_kakati
    @Deepjyoti_kakati Рік тому +3

    অযান্ত্ৰিকত থকা দুজনৰ আজন্ম প্ৰেমিক মই সদায় বিশেষ তাতেই আকৌ মোৰ গুৰু আজি অযান্ত্ৰিকৰ মঞ্চত কেনে এটা ধুনীয়া হব ভাৱিয়েই ভাল লাগিছে সম্পূৰ্ণ ভিডিঅ টো চাই আকৌ এটা কমেন্ট কৰিম ৰখিবলৈ ধৈৰ্য্য নাই ধন্যবাদ আপোনালোক দুজনক।।❤️❤️🙏🙏

  • @arunjyotihazarika3407
    @arunjyotihazarika3407 Рік тому +5

    Bohut val loga manuh jon dekhilu aji... Bohut val lagil.. Thank u ojaantric

  • @ShyamjyotiBorah-fs1qj
    @ShyamjyotiBorah-fs1qj 4 місяці тому

    খগেন গগৈ ডাঙৰীয়াৰ কথা শুনি থাকিলো মোৰ ৰাঁতিপুৱাই যাব তেওঁ আমনি নালাগে এখেতৰ অনুষ্ঠান শুনি, প্ৰত্যেক দিনাই এখেতৰ এটা এটা অনুষ্ঠান শুনি মোৰ সন্ধ্যা আৰাম্ভ হয়,❤❤❤❤❤

  • @EduGain1
    @EduGain1 Рік тому +1

    বহুদিনীয়া আশা পূৰণ হ'ল। ভাল লাগিল।

  • @OasisMotionFilms
    @OasisMotionFilms  Рік тому +59

    A small donation can make our dreams turn into big realities. Help OJAANTRIC to grow :
    paytm.me/M2f-vgp

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 Рік тому +37

    খগেন খুড়াক দেখি বহুত দিনৰ মূৰত মজ্জা লাগিল,, শিৱসাগৰ গেলেকীৰ পৰা মৰম যাছিলোঁ 😍❤️

  • @debasishdas2680
    @debasishdas2680 Рік тому

    Khagen gogoi, Rupam bhuiyan ৰ দৰে আমাক শিক্ষকৰ প্ৰয়োজন; সকলো বিষয়তে। তেখেসকলৰ explaination বৰ ধুনীয়া।

  • @muhiboruah2104
    @muhiboruah2104 Рік тому +1

    বিহু নাম আৰু দিহা নামৰ অতিকৈ মোৰ প্ৰিয় গায়ক জন।চৰাইদেউ দিচাংপানীৰ পৰা বহুত বহুত মৰম শুভেচ্ছা জনালোঁ।

  • @kapilkalita4427
    @kapilkalita4427 Рік тому +4

    Ojantric bohut priyo aji xocake bhut besi vl lgile aji r episode tu khagen gogoi sir lots of love ❤️ ojantric ❤️

  • @123tapash
    @123tapash Рік тому +5

    This is the episode I can watch over and over again. Khagen da ❤️

  • @prathanagogoi6643
    @prathanagogoi6643 Рік тому

    Ajihe sabo parilu Moi ... Bhut besie val lagil ..hosai .. khogen Gogoi amar gourob .. aru ojaantric saiue prai bhut val lage..bhut dhyonobad enekua ata potokhep hatot lua babe

  • @anjandas4324
    @anjandas4324 Рік тому

    মাটিৰ মানুহক ভাল পাবলৈ কোনো কাৰকৰ প্ৰয়োজন নহয়, এইয়াই খগেন দাৰ পৰিচয়। অযান্ত্ৰিক পৰিয়ালে চিৰদিনলৈ বাণীবদ্ধ কৰিলে খগেনদাৰ জীৱনৰ মুকুতাৰ গাথাঁবোৰ। ধন্যবাদ।
    খগেন দা-জুবিন দাক একেলগে দেখিলে গুৰুজনা শংকৰ-মাধৱৰ মণিকাঞ্চনৰ দৰে অনুভৱ হয়। দীৰ্ঘায়ু আৰু সু-স্বাস্থ্যৰ কামনা সকলোলৈ।

  • @rahuldola
    @rahuldola Рік тому +24

    Ojantric was in goosebumps in the full series❤️

  • @banashreerajkonwar6926
    @banashreerajkonwar6926 Рік тому +5

    সোণাৰিৰ গৌৰৱ ❤️❤️ . love from sonari

  • @letsmakeyourenglisheasy584
    @letsmakeyourenglisheasy584 Рік тому

    অত্যন্ত ভাল লাগিল।খগেন গগৈ দেৱলৈ আমাৰ মৰম আৰু শ্ৰদ্ধা নিবেদিছো 🙏। তেখেতৰ পৰা বহু নজনা কথা জানিলো। ধন্যবাদ🙏।

  • @user-cv9qp3oy6l
    @user-cv9qp3oy6l Рік тому

    অ মই স্কুলিয়া শিক্ষা লোৱা স্কুল খনৰ তেওঁ শিক্ষক আছিল মই আজিহে গম পালোঁ,,,,,,,আজি UD/OSS ক মাত মাতিবলৈ সুবিধা নিদিলে,,,,,,,,,তেওঁ লগত তেতিয়া ৰাতি ৰাতি দিহানাম/টোকাৰীগীত গোৱা মানুহ আছে আমাৰ গাওঁত,,,,,অযান্ত্রিক বহু নজনা কথা জানিবলৈ সুবিধা কৰি দিছা তাৰ বাবে🙏🙏🙏🙏🙏🙏🙏🙏,,,,,,,,,ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত শাৰী শাৰী নাহৰ গছৰ মাজত আজি চিৰসেউজ হৈ আছে স্কুলখন,,,,,,,,,,

  • @JalimBadshah546
    @JalimBadshah546 Рік тому +3

    He is so kind 🙏 The legend of Assamese folk😊

  • @chinmoyeechetia1496
    @chinmoyeechetia1496 Рік тому +11

    One of the best interviews so far! ❤️

  • @napoleon97
    @napoleon97 Рік тому

    ভাল লাগিল, বহু কথা জনিলো...
    কেতিয়াবা বেয়া লাগে, মূল কথখিনি তল পৰি যায়...কিন্তু ভাল লাগিল
    Proud feel ধৰণৰ শব্দ বিলাক কম কৈ ব্যৱহাৰ কৰিলে আৰু ভাল লাগিব
    এনেদৰেই আগ বাঢ়ি যাওক ...অসম তথা অসমীয়াক গৌৰাম্বিত কৰি ৰাখক...

  • @lifeforzg3225
    @lifeforzg3225 Рік тому

    বিহু সম্ৰাট খগেন গগৈ ডাঙৰীয়াক নিমন্ত্ৰণ কৰি অনাৰ বাবে বহুত বহুত ধন্যবাদ অযান্ত্ৰিক ।
    সদায় কুশলে থাকক বৰ্ত্তা ❤️🙏🏼

  • @hiyaborah_22
    @hiyaborah_22 Рік тому +6

    I can't explain how much I'm in love with ojantrick 😭❤

  • @epsilon9826
    @epsilon9826 Рік тому +4

    Oasis da is one of the most humble guy.

  • @momigogoi7751
    @momigogoi7751 Рік тому

    বহুতো নজনা কথা শিকিলোঁ জানিলো খগেন গগৈৰ বিষয়ে আৰু বিহুৰ বিষয়ে । ভাল লাগিল । জয় আই অসম ।

  • @083kaushal
    @083kaushal Рік тому +1

    Salute ,
    Ojantic group ,khagen da k eman val loga interview amak agborhuwa karoney okhekh dhyanabaad...

  • @zank4471
    @zank4471 Рік тому +309

    First time in the history of Ojaantric, someone has not given even a single chance to UD da to tell a story of his own life 😁

  • @rupkumarbordoloi2311
    @rupkumarbordoloi2311 Рік тому +6

    Thank you for inviting the legend.. more power to the team Ojantric

  • @deepagogoi392
    @deepagogoi392 Рік тому

    Bohut bhal lagil...... Nojona bohutu janibole palu..... Mur u houbhagya asil Joya Saikia Duara r hanidhya paisilu.... Nass hikaesile.....Moran Oil colony t thakute

  • @dear_zindegi2020
    @dear_zindegi2020 Рік тому +1

    গোটেই এপিছ'ডটো খগেন ছাৰৰ টাইম মেচিনত উঠি বহুত কথা জানিলো। বৰ ভাল লাগিল আজি। উদয়ন দাই কোৱাৰ দৰে অযান্ত্ৰিক সচাকৈ আপুৰুগীয়া হৈ ৰব ভবিষ্যত প্ৰজন্মৰ বাবে।

  • @Pragyan_Parasar
    @Pragyan_Parasar Рік тому +33

    Petition to declare this as the best episode of Ojaantric !!!!!!

  • @drajkhowa9998
    @drajkhowa9998 Рік тому +4

    One of the best one ever…. Thanks for inviting him … so inspiring 😊…. Mamu from UK

  • @nirusaikia7631
    @nirusaikia7631 Рік тому +1

    নিভাজ গায়ক। কণ্ঠ শিল্পী খগেন গগৈ মহাশয়ৰ সুস্বাস্থ কামনা কৰিলো। কষ্ট কৰিলেহে আচল ফল পোৱা যায়। ভগৱানে মানুহক ক'ৰ পৰা কলৈ লৈ যায় কোনেও নেজানে ।🙏🌹🌹🙏

  • @rupamgogoi9959
    @rupamgogoi9959 Рік тому +1

    Apunaak nomoshkaar Khagen kokaideo…..
    Thank you 🙏 team Ojantrik.

  • @ZeeshanHaiderSyed
    @ZeeshanHaiderSyed Рік тому +4

    The most entertaining Ojaantric podcast till date. Imaan local flavour....

  • @darshannagaria8059
    @darshannagaria8059 Рік тому +3

    Was waiting for this special episode since beginning, KHAGEN GOGOI Dangoriya is a Gem for us ❤ Thank You Ojaantric for fulfilling my continuous request. আমি উঠি অহা প্ৰজন্মই তেওঁৰ পৰা বহু শিকিব আছে, ভৱিষ্যতলৈ এইয়া আগুৱাই নিবলৈ |

  • @purobeegogoi1343
    @purobeegogoi1343 Рік тому

    আজি খগেন দাৰ কথাখিনিৰ পৰা বহুত নজনা কথা শিকিলোঁ আৰু জানিলো। তাৰ বাবে খগেন দা আৰু অজান্ত্ৰিক লৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ

  • @jintusaikia4256
    @jintusaikia4256 Рік тому

    বহুত বহুত ভাল লগা মানুহ জনৰ বিষয়ে আপোনালোকৰ চেনেলটোৰ জৰিয়তে জানি সঁচাই বহুত আনন্দিত হৈছোঁ।

  • @indradeepdeka.iamnotintere8346

    He is my favorite folk singer🎤 I love his voice

  • @gitugoswami5042
    @gitugoswami5042 Рік тому +3

    Best of Ojantric...Thanks to both of you bro for giving us this kind mind-blowing episode..God bless you Khagen Gogoi Sir🙏🙏🙏🙏

  • @madhuri1545
    @madhuri1545 Рік тому

    Bohut kotha janibo pai Val lagil. Khogen kokai dewoloi dhonyabad 🙏🏻 thakil. 🙏🏻

  • @rupanjalisaikia6810
    @rupanjalisaikia6810 Рік тому

    ভাল লাগিলে শুনি। অনুৰোধ এটি থাকিল ডিব্ৰগড়ৰ বিহু সম্ৰাট দুৰ্লভ বুঢ়াগোহাঁই ক এই অনুষ্ঠান তোলে মাতি ৰাইজৰ আগত চিনাকি কৰি দিব।ৰাইজে ভাল পাব।