Nelage Gathibo ( নেলাগে গাঁঠিব ) - Taraquddin Ahmed ( তাৰিকুদ্দিন আহমেদ )

Поділитися
Вставка
  • Опубліковано 7 вер 2024
  • Tribute To Taraquddin Ahmed On His Death Anniversary.
    Assamese song of Taraquddin Ahmed / Lyrics by Malin Bora.
    #_আজি_২৯_আগষ্ট_।
    কণ্ঠশিল্পী "তাৰিকুদ্দিন আহমেদ"দেৱৰ আজি মৃত্যু দিৱস ।
    ১৯২৩ চনৰ ৪ নৱেম্বৰত জন্ম হৈছিল তেখেতৰ নগাঁওত।
    পিতৃ-মাতৃৰ নাম আছিল ক্ৰমে - মহম্মদ চৰিফুদ্দিন আহমেদ আৰু জেবিনা খাটুন।
    সৰুতে পিতৃহাৰা হোৱা তাৰিকুদ্দিন আহমেদৰ সংগীতৰ ক্ষেত্ৰখনৰ লগত সম্পৰ্ক আছিল অতিকৈ মধুৰ। ভাৰতীয় শাস্ত্ৰীয় সংগীত জগতখনৰ বিশিষ্ট সংগীতশিল্পী ওমকাৰ নাথ ঠাকুৰ, বড়ে গোলাম আলি খাঁ, ওস্তাদ ফায়াজ খাঁ আদিৰ সংগীতৰ প্ৰতি বাৰুকৈয়ে আকৰ্ষিত হৈছিল তাৰিকুদ্দিন আহমেদে।
    নগাঁৱৰ সংগীত জগতখনত তেখেতৰ সহযোগী আছিল মলিন বৰা, দুৰ্গাপ্ৰসাদ ভূঁঞা, ইক্ৰামুল মজিদ (পাৰবীন চুলতানাৰ পিতৃ) ইত্যাদি।
    "তাৰিকুদ্দিন আহমেদ"দেৱে শ্ৰোতাৰ মাজত প্ৰথম পৰিচিত হৈছিল - "কমলানন্দ ভট্টাচাৰ্য্য"ৰ গীত ‘মোৰে ফুলনিতে উৰহি পখিলী, ফুলতে পাখি লগাই…’ গীতটিৰ যোগেদি।
    ১৯৪৮ চনত ক’লম্বিয়া কোম্পানীয়ে "তাৰিকুদ্দিন আহমেদ"দেৱৰ কণ্ঠত এখন ৰেকৰ্ড (78RPM) বাণীবদ্ধ কৰিছিল । তাত সন্নিৱিষ্ট ‘ইমান ধুনীয়া মুকুতাৰ মালা, ক’ত পালা তুমি দান…’-গীতটিক অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ গীতসমূহৰ ভিতৰতে ৰখা হয়। এই গীতটিৰ যোগেদিয়েই তেখেত অসমৰ সংগীতপ্ৰেমী সকলৰ মাজত এক পৰিচিত নাম হৈ পৰিছিল । গীতটিৰ লেখক আছিল মলিন বৰা আৰু সুৰেৰে সজাইছিল দুৰ্গাপ্ৰসাদ ভূঞাই।
    তেখেতে ১৯৫৪ চনত আকাশবাণী গুৱাহাটীৰ এগৰাকী নিয়মীয়া শিল্পী হিচাবে স্বীকৃতি লাভ কৰিছিল ।
    "তাৰিকুদ্দিন আহমেদ"দেৱে ১৯৫৯ চনত মুক্তিপ্ৰাপ্ত "পূবেৰুণ" নামৰ কথাছবিৰ সংগীত পৰিচালনাৰ দায়িত্ব পালন কৰিছিল।
    ১৯৯০ চনৰ ২৯ আগষ্টত এইগৰাকী সংগীত শিল্পীয়ে ইহলীলা সম্বৰণ কৰিছিল ।
    মৃত্যু দিৱসত শ্ৰদ্ধাৰে সোঁৱৰিলোঁ 🙏 ।

КОМЕНТАРІ • 7

  • @nishamaniborah9776
    @nishamaniborah9776 Рік тому +2

    আপুৰুগীয়া নজহা নপমা। সুন্দৰ উপহাৰ। প্ৰণাম যাচিছেো।

  • @RBPets
    @RBPets Рік тому +2

    বহুত বেছি একো নাজানো । কিন্তু অকণমান শিকিছিলোঁ, এটি ৰাগৰ লগত জড়িত গোটেই গীতটো ।

  • @ankurpriyadarshan
    @ankurpriyadarshan Рік тому +1

    অতি সুন্দৰ।

  • @parulchoudhury5557
    @parulchoudhury5557 10 місяців тому +1

    আজি কালিৰাগ পধানগীত নোহোৱাই হল।বহুতভাল পাও

  • @bijandutta1591
    @bijandutta1591 Рік тому +2

    It is a great regret for me that, till now i am not being able to to know the life history of this famous singer of yesteryear.I am listening his songs since a long back. The trio, Late Malin Ch Bora, Late Durgaram Bhuyan were the Jewels of assamese song. I thank you for uploading this song and will be very glad if you provide some meterias of Late Tariquddin Ahmed.

  • @sumedhasarma9865
    @sumedhasarma9865 9 місяців тому +1

    Xarodiyo botor xei modhur kotha monot pori goise.