Ahar Dorei Ubhati Aatori ( অহাৰ দৰেই উভতি আঁতৰি গ'লা ) - by Gayatri Hazarika.

Поділитися
Вставка
  • Опубліковано 28 тра 2019
  • Assamese song of Gayatri Hazarika / Lyrics by Surya Kumar Raja / Melody by Syd. Saddulla / Original song was sung by Mandira Sharma Lahiri : Link - • Ahar Dorei Ubhati Aato... / Lyrics of the song :
    অহাৰ দৰে উভতি আঁতৰি গ'লা
    বাটে বাটে ফুল সিচি থৈ,
    ৰ'দৰ তাপত মৰহি শুকালেও
    তোমাৰ কথাকে আছে কৈ ॥
    ভৰ বাৰিষাৰ মেঘৰ দৰেই
    আহিছিলা বুৰাও বুলি
    বৰষি বৰষি মোৰ হৃদয়ত
    তিয়ালা যে পথৰ ধূলি ।
    নেজানো কিয়যে তুমি আঁতৰি গ'লা
    বুকুভৰা অভিমান লৈ ॥
    বাৰিষাৰে ঢল আকৌ শুকাল
    মাথো পৰি ৰ'ল বালিচৰ
    জীৱন ডিঙা মোৰ তাতে মেলিলোঁ
    ব'ঠা তোমাৰ চেনেহৰ ।
    আজি যে শুকাল প্ৰীতিৰ নদীখনি
    লাগি আছোঁ মোহনাত গৈ ॥

КОМЕНТАРІ • 561

  • @buleswarkachari7649
    @buleswarkachari7649 2 місяці тому +7

    এই বোৰ গীত সঁচাকৈয়ে অসমৰ সংগীত জগতত চিৰসেউজ আৰু জীপাল কৰি ৰখাৰ দায়িত্ব লৈছিল চাগে। সেয়ে আজিৰ প্ৰতি জনৰ মুখে মুখে,,,,,,।

  • @dilipphangsho47
    @dilipphangsho47 4 місяці тому +5

    শ্ৰদ্ধাৰে মূৰ দোৱাইছো এই চিৰসেউজ গীতটি সৃষ্টিকৰ্তা সমূহ শিল্পীসকললৈ 🙏🙏🙏🙏🙏🙏

  • @mridulsharma6739
    @mridulsharma6739 Рік тому +16

    গীতটি বহু বছৰৰ আগতে আকাশবাণী ডিব্ৰুগড় যোগে মন্দিৰা শৰ্মা লাহিৰীৰ কণ্ঠত বাজিছিলা।মনজুৰুৱা গীত।গায়ত্ৰীয়ে আবেগ ঢালি গাইছে।

    • @pradiphandique2961
      @pradiphandique2961 11 місяців тому

      দেহা- মন জুৰ পৰি যায়।কিমান যে সুন্দৰ উপস্থাপন।

  • @pinkikalita4706
    @pinkikalita4706 2 роки тому +16

    মোৰ ঘৰৰ ওচৰ ৰ সূৰ্য কুমাৰ ৰাজা দেৱ লৈ বহুত বহুত ধন্যবাদ, ইমান ধুনীয়া অৰ্থ ৰ এটি গীত তেওঁ অসম বাসী লৈ আগবঢ়াই দিলে

  • @jogamayachutia2269
    @jogamayachutia2269 2 роки тому +17

    প্ৰিয়জন যেতিয়া দুৰাৰোগ্য ৰোগত ভুগি শয্যাগত হৈ থাকিবলগীয়া হয় তেতিয়া এই গীতটো শুনি থাকিলে হিয়া থকাসৰকা হয় তথাপিও আজৰি সময়ত মই এই গীতটো শুনো

  • @ashokdas8961
    @ashokdas8961 2 роки тому +25

    শুনি শুনি ভাগৰ নলগা গান ,কি কম ,কিমান সুমধুৰ কণ্ঠ, এক চিৰসেউজ গীত.....

    • @ishandeka3652
      @ishandeka3652 2 роки тому

      সচাই হিদয়ৰ কোনোবা এটা চুকত বৰকৈ আমনি কৰে।

  • @aninditaborthakur1880
    @aninditaborthakur1880 2 роки тому +11

    মোৰ ব্যক্তিগত অভিমত গায়ত্ৰী বাৰ গীতটো অৰিজিনেলটোতকৈও ভাল শুনিছোঁ। আপুনি বৰ বেছি ভাল গায় বাইদেউ ❤️❤️❤️

  • @dr.iftikaraliahmed9496
    @dr.iftikaraliahmed9496 7 місяців тому +8

    হৃদয় চুই গ'ল। শব্দ নাই প্ৰকাশ কৰিবলৈ। কথা,সুৰ,কণ্ঠ মিউজিক সকলো অতুলনীয়।

  • @tapanbaishya5771
    @tapanbaishya5771 Рік тому +8

    হৃদয় চুই যোৱা গান । ইমান ধুনীয়া পৰিবেশন । মন জুৰাই গৈছে । এয়াই আছল সঙ্গীত যত আছে মধুৰতা । বহুত ভাল লাগিছে, কোৱাৰ ভাষা নাই । বাইদেউ আপুনি আৰু বহুত আগবাঢ়ি য়াওঁক আমাৰ শুবকামনা আপোনাৰ লগত আছে ।

  • @dipendeka9140
    @dipendeka9140 2 роки тому +9

    এনে গীত বোৰেই চিৰযুগমীয়া আৰু সকলো স্তৰ স্পৰ্শী

  • @polymahanta1562
    @polymahanta1562 2 роки тому +16

    আপোনাৰ কণ্ঠত যাদূ আছে প্ৰতিটো গীতয়েই খুব ভাল লাগে

  • @user-dp8vh7yq1p
    @user-dp8vh7yq1p 2 місяці тому +2

    ইমান ধুনীয়া লাগিছে, শুনিলে শুনি থাকিম যেন লাগে

  • @kartick1957
    @kartick1957 2 роки тому +17

    কণ্ঠ অতি সুন্দৰ। গীতটি শুনি আপ্লুত হলো।

  • @mridulbharali7284
    @mridulbharali7284 2 роки тому +7

    মন্দিৰা বাইদেউৰ পিছত আপোনাৰ কণ্ঠতহে গীতটোৱে প্ৰাণ পাই উঠিছে।

  • @parthachetia1525
    @parthachetia1525 2 роки тому +7

    হৃদয় চুই যোৱা গান। সঁচাকৈ মন হাত পৰি গল।

  • @bipulkalita8631
    @bipulkalita8631 2 роки тому +8

    এই গীতটো মই সদায় শুনো। ইমান সুন্দৰ গীত! Evergreen

  • @pranabtalukdar6456
    @pranabtalukdar6456 10 місяців тому +12

    জীৱনৰ বাটত লগ পোৱা মনৰ মানুহ বোৰৰ কথা সোঁৱৰাই দিব যোৱা এই গীতটি শুনিলেও আমনি নালাগে।

  • @bijudas2596
    @bijudas2596 2 роки тому +5

    অতি সুন্দৰ গীত, শুনি থাকিলেও আমনি নেলেগে , বহুত ভাল‌ লাগিছে গীতটো শুনি

  • @98647mahanta
    @98647mahanta 2 роки тому +53

    গীতটো বৰ সুন্দৰকৈ গাইছে। কোনো খিনিতেই বিশেষ খুঁত বিচাৰি নাপালোঁ। সুন্দৰ কণ্ঠ, সুন্দৰ feel...... God bless👌🙏

  • @nanghunpha
    @nanghunpha 3 роки тому +12

    বহুত সুন্দৰ শুৱলা কণ্ঠ ।মোৰ ভাল লগা এইটো সংগীত । তেওঁলৈ অনেক ধন্যবাদ জনালো ।

  • @mridulkonwar7567
    @mridulkonwar7567 2 роки тому +17

    মন পৰশা গীত । গায়ত্ৰীক এবাৰ লগ পোৱাৰ সৌভাগ্য হওক ❤️

  • @mayuribaruah571
    @mayuribaruah571 3 роки тому +8

    হৃদয় পৰশা গানটো আপোনাৰ কণ্ঠত আৰু যেন সজীৱ হৈ উঠিছে ৷

    • @minakshigogoi9054
      @minakshigogoi9054 2 роки тому

      ইমান সুন্দৰ৷৷কি বুলিযে ক’মমম৷৷৷

  • @jitennath9196
    @jitennath9196 2 роки тому +13

    হৃদয় চুই যোৱা কন্ঠ , অসাধাৰণ ।

  • @munborgohain7644
    @munborgohain7644 2 роки тому +5

    এটা শুনি আমনি নলগা গীত । কিমান শুনিছোঁ যে,

  • @digantakalita7414
    @digantakalita7414 5 місяців тому +3

    একদম হৃদয়ত লগা কণ্ঠ |অতি ধুনীয়া হৈছে |

  • @durlavsonowal2600
    @durlavsonowal2600 2 роки тому +4

    মন পৰশা অন্তৰ আত্মাক চুই যোৱা গীত । মই শুনি ভাল পোৱা এটি শ্ৰেষ্ঠ গীত ।

  • @bornarayanpur7133
    @bornarayanpur7133 Рік тому +1

    bhut dhunia moi bhut huni thku gantu ..gantur katha aru xur bhut dhunia .lgate konth hasai halag loba logia

  • @aruphazarika4717
    @aruphazarika4717 3 роки тому +3

    ১৯৮৪ চনৰ পৰা এই গীত টো শুনিছো
    বিভিন্ন গৰাকী গায়িকাৰ কন্ঠেৰে এই
    গীতটি নিগৰিছে , মই নিজেও এগৰাকীৰ
    লগত সঙ্গত কৰিছিলো এসময়ত । প্ৰত্যেকেই ইমান মন - প্ৰাণ ঢালি গায়
    কাৰনেই নেকি ! এই গীত টো আজিও নতুন । আপোনালৈ বহুত বহুত ধন্যবাদ।

  • @sarajudevi3456
    @sarajudevi3456 3 роки тому +6

    বহুত ভাল লাগে এই গানটো। নিজৰ লগতেই যেন মিলি গৈছে। সুৰীয়া কণ্ঠ

  • @jayantasaikia5747
    @jayantasaikia5747 Рік тому +2

    এনেকুৱা গীত বোৰ শুনিলে বুকোখ শিতল পৰী যাই ইমান মনোমোহা গীত যে সচাঁ কৈয় 👍🏻👍🏻

  • @debatis1444
    @debatis1444 4 роки тому +13

    Kije jadu ase ..
    apunar eman hundor kontho....
    hunile huni thakiboi mon jay
    God bless you 🙏🙏🙏

  • @pragyasaikia5261
    @pragyasaikia5261 Рік тому +4

    💖💖💖 অতিকৈ প্ৰিয় গীত । বহুত বাৰ শুনিছোঁ বা... অনন্য অপূৰ্ব। অনন্য সৃষ্টি এয়া। গভীৰ অভিনন্দন।।

  • @snehatmikavlog.253
    @snehatmikavlog.253 2 роки тому +6

    অন্তৰ চুই যোৱা গীত শুনি শুনি থাকিলেও আমনি নলগা গীত।

  • @nilsaikia9653
    @nilsaikia9653 3 роки тому +7

    মোৰ প্ৰিয় শিল্পী
    গাযত্ৰী বহুত ভাল পাওঁ তোমাক
    মোৰ অতি ভাল গান
    তোমাৰ কন্ঠত হৃদয় চুই গৈছে
    গা শিয়ৰি গৈছে
    25 বাৰ শুনিলোঁ এবাৰত

  • @bubulbaruah4926
    @bubulbaruah4926 3 роки тому +4

    বহুত ভাল লাগিল।এটি মিঠা কন্ঠ শুনালে। বহুত সুন্দৰ। ধন্যবাদ।🙏💐🌹

  • @user-qe1wc1zc6p
    @user-qe1wc1zc6p 2 роки тому +9

    গীতিমালিকা যেন আকৌ উভতি আহিছে,মন মোৰ উৰা মাৰে সোণালী শৈশৱলৈ।অশেষ ধন্যবাদ থাকিল

  • @balinkonwar585
    @balinkonwar585 2 роки тому +20

    এই গীতটিয়ে মোৰ অন্তৰ আত্মা চুই যায় তাতে আপোনাৰ কি যাদুকৰী কন্ঠ ৷ গীতটোৰ কথাংশৰ তুলনাবিহীন ৷ great great song

    • @rameshchetia3644
      @rameshchetia3644 2 роки тому

      My

    • @seemakumarithakur1438
      @seemakumarithakur1438 Рік тому

      Happy Anniversary ❤️❤️ to both of you 🎂 stay happy always and enjoy your day with happiness in the years to come in your life stay happy with lots of happiness together in your life stay safe with lots of happiness, laughter and love together in your life stay safe with love congratulations and happy marriage anniversary both of you 🎂 and congratulations for your 💐

  • @jharonachetia2767
    @jharonachetia2767 Рік тому +1

    গীতটি বৰ সুৱদী সুৰীয়া , কথাও হৃদয়স্পৰ্শা ! শুনি থাকিও মন নভৰে যেন । অনাতাঁৰ কেন্দ্ৰ যোগে শুনিছিলো ।

  • @himadrisarmah3120
    @himadrisarmah3120 2 роки тому +3

    হৃয়স্পৰ্শী । অনুভৱ কৰিব পাৰি।
    সকলো কথা ই কৈ যায় ।

  • @JitenMedhi-pq2dt
    @JitenMedhi-pq2dt 2 місяці тому

    মোৰ জীৱনৰ বহুত কথাই কৈ গল এই গীতটোৱে । আবেগিক হৈ পৰো

  • @PodumGogoi-pn2ke
    @PodumGogoi-pn2ke 4 місяці тому

    ইমান সুন্দৰ মিঠা অনুভৱৰ সুৰীয়া গীত, খুবেই ভাল লাগিল শুণি ❤❤❤❤

  • @pradipbarua8375
    @pradipbarua8375 2 роки тому +12

    বৰ সূন্দৰ কণ্ঠৰ মোৰ অতি প্ৰিয় গীত। শুনি থাকিলেও আমনি নেলাগে।🧡🧡🧡🙏

    • @jagadishchetia1294
      @jagadishchetia1294 Рік тому

      আমনি নলগা এটি সুন্দৰ তথা হৃদয় স্পৰ্শ কৰি যোৱা গীত ।

  • @uttamkumarroy2583
    @uttamkumarroy2583 Рік тому +2

    অতিশয় সুন্দৰ কন্ঠ, অতিশয় সুন্দৰ গীত। এনে এটি চিৰসেউজ সৃষ্টিৰ বাবে গীতিকাৰ সূৰ্য্য কুমাৰ ৰাজা আৰু সুৰকাৰ চৈয়দ ছাদুল্লা দেৱলৈ মোৰ শত সহস্ৰ প্ৰণাম জনাইছোঁ।

  • @mirakakoti7636
    @mirakakoti7636 Місяць тому +2

    এই গীতটি মোৰ বহুত ভাল লাগে

  • @bholebaba7039
    @bholebaba7039 2 роки тому +1

    Enekua hundor gaise khubei vl lagi gol.
    Orgnl gantu xunio imn mojja nlge gitu tumi gaisa

  • @pranabbhuyan1100
    @pranabbhuyan1100 Місяць тому

    অনাতাঁৰ যন্ত্ৰ শিল্পী হিচাবে এই গীতটো মোৰ প্ৰথম ৰেকৰ্ডিং। চল্লিশ বছৰ মান হ'ল বোধহয় ! কিমান যে কথা , জীৱনৰ বিয়লি বেলা চকু সেমেকি যায়। 😢

  • @chayanikabharali5157
    @chayanikabharali5157 3 роки тому +51

    বৰ সুন্দৰ গীত ,শুনি থাকিলেও আমনি নালাগে ।

  • @babulborah5253
    @babulborah5253 Рік тому +2

    ইমান সুন্দৰ কৈ গীতটি পৰিবেশন কৰিছে , সচাকৈয়ে শুনি বৰ সন্তোষ পাওঁ মই ।

  • @tridipborah1124
    @tridipborah1124 2 роки тому +2

    Xundor geet xundor poribeson xuni xanti palu

  • @Nibirborah175
    @Nibirborah175 2 роки тому +1

    Akerahe 7 bar xunilu kio njanu 🥰❣️🔥

  • @diliproy8071
    @diliproy8071 2 роки тому +1

    অসমৰ সম্পদ এয়া।

  • @binabora5025
    @binabora5025 2 роки тому

    Oti xundor kontha geet xuni bor val lagil 👍❤️

  • @963canushkahazarika8
    @963canushkahazarika8 3 місяці тому

    এই গীত টি মই সদায় ৰাতি শুনো বহুত ভাল লাগে আপোনাৰ কণ্ঠত ।❤❤

  • @dimbeswarrajbongshi9791
    @dimbeswarrajbongshi9791 Рік тому +1

    বাৰে বাৰে শুনিলেও আমনি নালাগে এনেকুৱা গীত l আপোনাৰ কন্ঠ সঁচাই অপূৰ্ব l

  • @cenirambora2377
    @cenirambora2377 8 місяців тому

    ৱাহ, কি সুন্দৰ ,কি যে মনপৰশা গীত।

  • @BMihirRanjanSarma
    @BMihirRanjanSarma 9 місяців тому

    Bor dhunia gan. Bhal lagise ,,,,,,,,,,,,,B.devi.

  • @parulchoudhury5557
    @parulchoudhury5557 2 роки тому +1

    সচাকে অতি সুন্দৰ

  • @kuleswarsonowal2640
    @kuleswarsonowal2640 2 роки тому +2

    সুন্দৰ গীত সদায় চিৰদিনীয়া
    হৈ ৰব

  • @iqbalsaikia3003
    @iqbalsaikia3003 3 роки тому +19

    The best evergreen weekend song for every Assamese cultural minded people. Hats off to the melody queen.

  • @manuranjanbaruah4532
    @manuranjanbaruah4532 11 місяців тому +1

    গানটো শুনিলেই দেউতালৈ খওব মনত পৰে 😭😭😭

  • @bhabeshkumardas7703
    @bhabeshkumardas7703 2 роки тому +2

    Bahut dhunia gaaise .koboloi bhasa nai. Thank you so much Gayatri ba

  • @Kashyapee325
    @Kashyapee325 5 місяців тому

    এই যে একেটা গানেই আৱৰে আমাক ♡
    "অহাৰ দৰেই উভতি আঁতৰি গ'লা ....."
    ✍️দাদা বিশেষ ♡

  • @db-of2kt
    @db-of2kt 2 роки тому +1

    Agoteo huniso ei geet kintu eito bohut vl lagil.

  • @durlavnath7153
    @durlavnath7153 2 роки тому +1

    Dhuniya haise baideu bahut dhuniya

  • @kishanubhuyan9826
    @kishanubhuyan9826 2 роки тому +9

    , অতি সুন্দৰ, গীতটো‌ দুবছৰ পুৰণি যদিও গীতটো শুনিলে শুনি থাকিবৰ মন যায় । বাদ্য যন্ত্ৰ সংগত কৰা সকলোলৈ বহুত বহুত ধন্যবাদ থাকিল ।

  • @bipuldas5827
    @bipuldas5827 2 роки тому +3

    ভাষা নাই, কেৱল শুনি থাকিবৰ মন যায়

  • @azizurrahmansaikia3821
    @azizurrahmansaikia3821 Рік тому +1

    ইমান হৃদয়স্পৰ্শী। কি কথা, কি সুৰ, কি গায়কী-সকলো অপূৰ্ব।

  • @lalithazarika2679
    @lalithazarika2679 6 днів тому

    Evergreen song of Assam
    Very nice singing by Gayatri Hazarika

  • @hemlatasaikia1811
    @hemlatasaikia1811 8 місяців тому

    ইমান সুন্দৰ কণ্ঠ শুনি থাকিলেও আমনি নালাগে

  • @putalsarmah6725
    @putalsarmah6725 3 роки тому +3

    বৰ সুন্দৰ সুৰ , দিনটো শুনি থাকিও আমনি নালাগে, তাতে এইটো মোৰ বৰ ভাল
    লগা গীত বিলাকৰ ভিতৰৰ অন্যতম

  • @santanadeka9123
    @santanadeka9123 3 роки тому +7

    হাইস্কুলত পঢ়ি থকা দিনতে শুনা গানটো আজি ৩৫ বছৰৰ পাছত গায়ত্ৰিৰ কণ্ঠত শুনি মন টো ভাল লাগি গ'ল । ধণ্যবাদ গা্য়ত্ৰি ।

  • @nilamanidas2148
    @nilamanidas2148 Рік тому

    বাইদেউ সছাই ভাল লাগে আপোনাৰ গীত বোৰ।

  • @sagarbhumiz3906
    @sagarbhumiz3906 2 місяці тому

    Hriday sui jua geet. Eman nice koi gaaise. God bless you Gaitri baideu.may you live long

  • @user-hk3fi9hs1u
    @user-hk3fi9hs1u 5 місяців тому

    গায়ত্ৰী বা গীতটো শুনি বহুত ভাল লাগিল

  • @tapanray5469
    @tapanray5469 2 роки тому +1

    বৰ সুন্দৰ সুৰ

  • @baikunthasarmah1647
    @baikunthasarmah1647 2 роки тому +9

    So sweet voice... Really heart touching..You are the best amongst all sung by ...

  • @Bike_loverr_girll
    @Bike_loverr_girll 3 місяці тому

    শুনিলে শুনি থাকিব মন যোৱা গীত

  • @sarangabaruah4667
    @sarangabaruah4667 Рік тому

    বৰ সুন্দৰ গীত সঁচাকৈ l শুনিলে শুনি থাকিব মন যায় । গায়িকা গৰাকীৰ কণ্ঠ অপূৰ্ব । বাদ্য যন্ত্ৰৰ পৰিবেশন অতি সুন্দৰ ।

  • @navakumarkumbang4263
    @navakumarkumbang4263 Рік тому +2

    উস! কি সুন্দৰ কণ্ঠ❤️ মন জুৰ পৰি যায়।

  • @pollymahanta7508
    @pollymahanta7508 Рік тому

    গীতটো বৰ সুন্দৰ কৈ গাইছে বাইদেউ

  • @bmahmed2592
    @bmahmed2592 Рік тому +1

    Oti xundar xunile xuni thakibo mon Jai.

  • @rahulpatowary1242
    @rahulpatowary1242 2 роки тому +4

    মোৰ অতিকৈ প্ৰিয় গীত....বৰ ধুনীয়াকৈ গাইছে বাইদেউ আপুনি....

    • @kunjalatamedhi762
      @kunjalatamedhi762 2 роки тому

      সঁচাকৈয়ে অতুলনীয় কন্ঠ।

  • @nalinikantaboro763
    @nalinikantaboro763 3 роки тому +2

    অতুলনীয় কন্ঠ ও অনুভৱ৷

  • @KaushikvlogsTamulpur
    @KaushikvlogsTamulpur 2 роки тому

    এনেকুৱা গান শুনি ভাল লাগে ।শুনি থাকিব মন যায় ।

  • @nayanmoniborah6728
    @nayanmoniborah6728 11 місяців тому +1

    🙏Surya kr Raja sir & Gayatri baa

  • @parlironjonigogoigogoi5779
    @parlironjonigogoigogoi5779 23 дні тому

    Gayatri ba loi bohu bohu dhonyabad disu punar ai geet ti huniba pua babe.Bor hundar kontha aapunar.

  • @manojswargiary1403
    @manojswargiary1403 2 роки тому

    অতি সুন্দৰ গীত। শুনি থাকিলেও অামনি নেলাগে। আজি কালি তেনে গীত শুনিবলৈ পোৱা নাযায়। অকল বিহু বিহু। সকলো সময়তে বিহু গীত শুনিবলৈ মন নাযায়।

  • @balendas4511
    @balendas4511 8 місяців тому

    সুন্দৰ গীত ❤ সৰু তে শুনি ছিলো।

  • @kalitamadhuchhanda1202
    @kalitamadhuchhanda1202 3 роки тому +5

    আপোনাৰ কন্ঠ তেই এই গানটো শুনি ব বিচাৰি আছিলোঁ।।।।বহুত দেৰিকৈ পালো। ধন্যবাদ।।

  • @ashimaphukon6547
    @ashimaphukon6547 Рік тому +2

    ইমান শুনিছো, যেন প্ৰথমবাৰহে শুনিছো।❤

  • @aloksarmah3473
    @aloksarmah3473 3 роки тому +3

    এই গীতটো অতি সুন্দৰ হৈছে !

  • @smritisikhabora6782
    @smritisikhabora6782 Рік тому

    বৰ ভাল লাগে, শুনি থাকিবলে মন যায়

  • @parameswardas-sk2uq
    @parameswardas-sk2uq 9 місяців тому

    শুনি শুনি যেন হেপাহ নপলাই এই গীতটি। গীতটিৰ কলি বোৰ ইমান ধুনীয়া লিখিছে কি বুলি যে কম আৰু। ইমান ধুনীয়া গীত এটি উপহাৰ দিয়াৰ বাবে তেওঁলৈ মই শ্ৰদ্ধাৰে সেৱা জনাইছো 🙏❤️

  • @bhaskardeka8618
    @bhaskardeka8618 3 роки тому +1

    Assamese female singer r bhitorot apuni a queen baa. Eman dhuniya kontho aponar.

  • @sinkusarmah72
    @sinkusarmah72 2 роки тому +3

    Xundor lagise ❤️

  • @sanjeevlikson3166
    @sanjeevlikson3166 8 місяців тому

    বহুত ভাল পাওঁ এই গানটো ।

  • @biplobibhorali510
    @biplobibhorali510 2 роки тому +1

    akashbani dibrughar gitanjalee anusthanar ati akarsaniya sundar geet. Suni thakile amoni nalage

  • @madansarma9703
    @madansarma9703 2 роки тому +2

    বাইদেউ খুব সুন্দৰ কণ্ঠ,গীতৰ শব্দৰ কোমলতাই মনলৈ সৰগ নামি আহে,সংগীত ব্যৱস্থাপনাও বুকু জুৰ পৰা।
    ধন্যবাদ জ্ঞাপন কৰিলোঁ।

  • @KMECHKK
    @KMECHKK 2 роки тому +3

    Mind-blowing, Evergreen, Super Song 🙏❤️

  • @jyotishkalita8398
    @jyotishkalita8398 Рік тому

    বহুত ধুনীয়া ।আগুৱাই যোৱা বহুদূৰ.....