Disco Dance || Bipin Chawdang || Susmita Trikha Das || Bhaskar Neelom || New Assamese Song 2022
Вставка
- Опубліковано 8 лис 2024
- Singer
Bipin Chawdang
Co -Singer
Susmita Trikha Das
Kalpana Moran
Lyrics / Tune
Bipin Chawdang
Music
Bhaskar Neelom
Bass Guitar
Akashdeep Gogoi (Mumbai)
Lead Guitar
Arup Dutta
Flute
Biswajeet Sonowal
Dhol
Pranjal Gogoi(Bubu)
Mix / Mastered
Bhaskar Neelom
Studio
Strings
Lyrical Video
Biman Boruah Axomiya
(Studio Maa Movie)
Digital Media Partner : @DhwaniMusic
ঢুলীয়া ককাইটি
ঢোলটো থʼলি
ধোৱাঁচাঙত
পেপুঁৱা ককাইটি
পেঁপাটো থʼলি
বাকচত
আওকলীয়া বিহু বুলি আজি
নাচনী নানাছে লাজত
ড্ৰামছেত গীটাৰ লগত লৈ
বিহুৱা ওলাল বিহু লৈ
নাই ঢুলীয়া নাই পেঁপোৱা
এ ব্ৰাদাৰ এই চিচতাৰ
মাৰিদিয়া ডিস্ক ডান্স
অ বোলো মৰমৰে অসমীয়া জীৱৰী
অ বোলো মৰমৰে অসমীয়া ডেকালʼৰা
কথা এটি কওঁ বুলিছো
ভূল হলে ক্ষমিবা
সময়ৰ খোজতেই খোজ মিলাই আগবাঢ়া
সেইবুলি ঢোল পেঁপা গগনা ও নেৰিবা
বিহু হʼল অসমীয়া জাতিটোৰ আয়ুস ৰেখা
ঢোল পেঁপা গগনা বজাবই লাগিব
হুঁচৰী জেং বিহু থাকিবই লাগিব
তেতিয়াহে বাছি থাকিব অসমীয়া বিহুতি
তেতিয়াহে চিন ৰব অসমীয়া জাতি
কুলি চৰাই কোমল মাত
দেহা ঐ
হিয়া মন জুৰুৱা
বহাগৰে ঢোলৰ মাত
দেহা ঐ
পেঁপাৰে বোলোৱা
নেনাচো নেনাচো লাগে নে তেতিয়া
মৰম মানে চেনাইৰ মাত
দেহা ঐ হিয়া মন উতলা
হিয়া মন উটলা কৰা
নাই ঢুলীয়া নাই পেপুঁৱা
নাই হুটোলি নাই গগণা
এ ব্রাদাৰ এই চিচটাৰ
মাৰিদিয়া ডিস্ক ডান্স
অ বোলো আজি দিনৰ
অসমৰে অসমীয়া
দুৰ্গা পূজা কালি পূজা ষথ পূজা ও
পাতিলা
সমনীয়াৰ সতে মিলি পাৰামানেইন নাচিলা
অসমীয়া বিহুতিহে অৱহেলা কৰিলা
বহাগত বিহু বুলি দূৰণিলৈ ওলালা
মাঘৰ বিহুত ঠাণ্ডা বুলি
লেপৰ তলত সোমালা
কাতিবিহু কেতিয়া গʼল
পাহৰীয়েই থাকিলা
বাঃ বাঃ অসমীয়া হাঃহাঃ অসমীয়া
আহ ঐ নাচনী আহ ঐ ঢুলীয়া
আহ ঐ স্বাভীমানী খিলঞ্জীয়া অসমীয়া
এতিয়াও জীয়াই আছোঁ অসমীয়া আমি
আকৌ এবাৰ দেখাই দিওঁ
বিহুখন পাতি
ঢেঁকিৰে গুমগুমনি
দেহা ঐ
তাঁতৰ খিত খিতনি
কোমল কুঁহি পাতে
দেহা ঐ
সজালে ধৰণী
কন্দিল কেতেকীয়ে বিহু বিহু বুলি
নেপাতি কেনেকৈ
দেহা ঐ
থাকোঁ বিহুখনি,
থাকোঁ বিহুখনি আমি
নাই বিহুৱাৰ ফুলাম গামোচা
নাই নাচনীৰ মুগা মেখেলা
এ ব্ৰাদাৰ এই চিচটাৰ
মাৰিদিয়া ডিস্ক ডান্স
#Disco_Dance#Bipin_Chawdang#Susmita_Trikha