- 442
- 71 720
BISITRA PRITHIVI
India
Приєднався 22 лис 2014
WORLD DRAMA
কঁহুৱা বন এটি গীত এটি কবিতা
কঁহুৱা বন এটি গীত এটি কবিতা
তোমাৰ উশাহ কঁহুৱা-কোমল। তোমাৰ হাঁহি শেৱালি কোমল। বতাহত লহপহকৈ হালিলে বাজি উঠে মিঠা বাঁহী। শৰতৰ বতৰত প্ৰাণময় পৰিৱেশৰ মাজত ফুলি উঠা কহুৱা তুমি। কত কবি, গায়কৰ বৰ্ণময় শব্দৰ এটা মিঠা নাম কহুৱা। নিৰ্মল আকাশৰ তলত শৰত আহিলেই ফুলি উঠা কহুৱা বহুতৰে মনৰ ভাষা।প্ৰকৃতিৰ অনন্য এই কহুৱাবোৰ স্বাভাৱিকভাৱেই গজি উঠে নৈ, জান, বিলৰ পাৰত। গীতৰ মাজত কহুৱাই জীপাল কৰে শৰতৰ সেই মধুৰ আৱেগসনা পৰিৱেশৰ। কিন্তু এই কহুৱাৰ নাই কোনো ব্যৱহাৰিক প্ৰয়োজন। অথচ কহুৱাবিহীন গীত, কবিতা, প্ৰকৃতিৰ ৰূপ মাদকতা কোনোটোৱেই সম্পূৰ্ণ নহয়।বতাহত লহপহকৈ ফুলি নাচি বাগি থকা এই কহুৱাবোৰৰ মনবোৰ যেন অশান্ত। ভূপেন হাজৰিকাই গীতত কহুৱা বনক লৈ গাইছিল- 'কহুৱা বন মোৰ অশান্ত মন/ আলফুল হাতেৰে লোৱা সাৱটি।' কহুৱাৰ সেই আলফুল ফুলৰ আলসুৱাক গীতৰ মাজত তুলি ধৰোতে মনত ভাহি আহে নদীৰ পাৰত শৰতৰ বতৰত ফুলি উঠা এক সৌন্দৰ্য্যৰ পৰিৱেশ। এই আলসুৱাৰ মাজতেই অশান্ত মনৰ একোণত ভাহি উঠেহি দূৰৈৰ নীলা আকাশৰ শুকুলা ডাৱৰৰ ফাঁকে ফাঁকে উৰি ফুৰা মন।কহুৱাক লৈ বহু কথা। কহুৱাক লৈ বহু আকুলতা। কাৰোবাৰ উশাহ কহুৱা কোমল। কাৰোবাৰ হাঁহি শেৱালিৰ দৰেই কোমল। শৰতৰ বতৰত নিয়ৰ, কহুৱা, শেৱালি আৰু নিৰ্মল আকাশৰ বিনন্দীয়া ৰূপে গঢ়ে উৎসৱৰ পৰিৱেশ।সুধাকণ্ঠই সেই কহুৱাৰ আকুলতাক লৈ গাইছিল এইদৰে- তোমাৰ উশাহ কঁহুৱা-কোমল/ শেৱালি-কোমল হাঁহি/ হাঁহিয়ে হৃদয় হৰিলে শুনাই/ এটি কিবা মিঠা বাঁহী…' হীৰেণ ভট্টাচাৰ্যৰ কবিতাটো কহুৱাই ঠাই পাইছিল- 'স্তব্ধতা ভাগে কোমল কহুৱা ফুলে/ কবিতাৰো বতৰ আছে/ আহিনৰ আকাশে কাণে কাণে ক'লে…'
আহিনৰ লেণ্ডস্কেপত কবিয়ে লিখিছিল- 'শেষ হৈ গ'ল/ লুব্ধ আকাশৰ হিংস্ৰ উৎসৱ/ উখল মাখল পথাৰত/এতিয়া বলিছে সেউজীয়া ধন…।' উতনুৱা চঞ্চল বতাহে ৰূপোৱালী নৈৰ পাৰে পাৰে কহুৱাক নচুৱাই ভাল পায়। নৈৰ পাৰৰ সেই কহুৱা ফুলে প্ৰকৃতিক সজীৱ কৰি তোলে। একেদৰে সজীৱ কৰি তোলে কবি, সাহিত্যিকক।কহুৱা দেখিলেই মন বতাহত নাচে। কহুৱা এতিয়া এক আবেগৰ নাম। নৈৰ পাৰত কহুৱাই কথা কয়। জীপাল হয় আহিনৰ দিন। জীৱনৰ অলসতা কহুৱাই খেদি পঠিয়াই। সীমাহীন পৰিধিত কহুৱাই অনুভৱৰ নাও চপায়।লাস্যময়ী কহুৱাই বতাহত এৰি দিয়ে জীৱনৰ গান। যি সৌন্দৰ্য্য অনন্য অথচ স্বীকৃতিহীন। উলাহত নাচি থকা কহুৱাবোৰ নিজেই হৈ পৰে আপোনপাহৰা। নাথাকে কহুৱাৰ নিজৰ ঠিকনা। শৰতৰ বতাহে কহুৱাক লৈ ফুৰে উৰুৱাই। তাৰ মাজে মাজে অনুভৱৰ বৰষুণ।মেঘবোৰ আকাশত নাচি থাকে। নদীৰ পাৰত নাচি থাকে কহুৱা। আৰু পুৱা তল সৰি পৰে নিয়ৰ, শেৱালি। নৈৰ পাৰৰ বালি চাপৰিত কহুৱাক চাবলৈকে যেন আহে শৰত। আবেলিৰ নিৰ্জনতা ভাঙি কহুৱাই গাই প্ৰেমৰ গীত।উদাস বতাহক এই কহুৱাবোৰেই দিয়ে পৰিচয়। কহুৱাবোৰ হালিলেহে গম পোৱা যায় শীতৰ আগমণৰ পূৰ্বেই চঞ্চল সুঁহুৰি বজাই ক'ৰবালৈ গৈ আছে এজাক শীতল বতাহ। তাৰ ভাঁজে ভাঁজে লিখা থাকে কহুৱাৰ কথা।কহুৱা অবিহনে পূজা বা শৰত অপূৰ্ণ। অথচ পূজাৰ বাবে নালাগে কহুৱা। গীতিকাৰ প্ৰশান্ত বৰদলৈয়ে 'শাৰদী কোমল জোনাক মায়াৰে' শীৰ্ষক গীতত কহুৱাৰ কথা উল্লেখ কৰিছিল। গীতটোত তেওঁ লিখিছিল- 'জুৰিটিৰ পাৰত কহুৱা ফুলিলে/ মন উতলা কৰে…'
প্ৰকৃতিৰ অসীম সৌন্দৰ্য্যৰ মাজত আহিন আহিলেই ফুলে কহুৱা। মায়াময় নৈসৰ্গিক সেই প্ৰকৃতিয়ে সাধাৰণ লোকৰ পৰা শিল্পী, সাহিত্যিক সকলোকে যুগ যুগান্তৰ ধৰি আকৰ্ষণ কৰি আহিছে। এয়াই প্ৰকৃতিৰ মায়া। বৈদিকোত্তৰ যুগত বাল্মীকি, ব্যাস, কালিদাস আদি কবি, সাহিত্যিকৰ বৰ্ণনাত প্ৰকৃতিৰ বিভিন্ন উপমা পোৱা যায়।
প্ৰকৃতিয়ে মানুহক বিমুগ্ধ কৰে। প্ৰকৃতিয়ে মানুহৰ মন ৰোমাঞ্চিত কৰে। প্ৰকৃতিৰ এই চেতনা কবি, লেখকৰ লিখনিৰ মাজত ফুটি উঠে। অসমীয়া সাহিত্য কহুৱাকে ধৰি আন প্ৰাকৃতিক উপাদানেৰে পূৰ্ণ হৈ আছে। শৰতৰ সেই নিয়ৰক লৈ চন্দ্ৰকুমাৰ আগৰৱালাই লিখিছিল- 'মুকুতা মণিটি পাহিত জিলিকে/ স্ফটিক পানীত ধোৱা/ নিশাৰ তৰা আহি সৰিয়েহে আছে/ সৰগত টোপনি যোৱা…।'গীতি কবি পাৰ্বতি প্ৰসাদ বৰুৱাই ৰচনা কৰা এখন কবিতাপুথিৰ নাম আছিল- 'শুকুলা ডাৱৰ ঐ কহুৱা ফুল'। আনকি কবিয়ে এই শৰতক বসন্ততকৈ শ্ৰেষ্ঠ বুলি কৈ গৈছে। নিৰ্মলপ্ৰভা বৰদলৈয়ে লিখিছিল 'শৰত' শীৰ্ষক কবিতাত- 'শৰত প্ৰেমময়। বসন্ততকৈও।'
ময়েই গতি, মহা প্ৰগতি। সঁচাকৈয়ে শৰতৰ এই উপাদানবোৰে জীৱনৰ প্ৰেমময় ভাৱনাক এক গতি দিয়ে। শাৰদী জোনৰ জোনাকে সেই গতিক প্ৰাণ দিয়ে। ৰোমান্টিকতাৰ সেই স্কেছ প্ৰকৃতিয়ে নিজেই আঁকে। 'মায়াময় ৰূপালী জোনাক/ ছায়াঘন সৰলৰে পাৰ/ জিৰ জিৰ জুৰিৰে পাৰত/ পাম নে মই নাপাম তোমাক…'
এই শৰতেই সৃষ্টি কৰে মহাৰাসৰ পৰিৱেশ। সেই পৰিৱেশ কিমান মনোৰম হ'ব পাৰে, সেই কথা গুৰুজনাৰ সৃষ্টিতে ফুটি উঠিছিল।'শৰত কালৰ ৰাত্ৰি অতি বিতোপন।
ৰাসক্ৰিড়া কৰিবাৰ কৃষ্ণৰ ভৈল মন ।।
অখণ্ড মণ্ডল চন্দ্ৰ দেখিলন্ত হৰি ।
কুকুঁমে অৰুণ লক্ষ্মী মুখ পদ্ম সৰি ।।'
নৱকান্ত বৰুৱাই কহুৱাৰ কথা লিখিছিল এইদৰে- 'সৌ পথাৰৰ কহুৱা ফুল/ নীল আকাশত কোনে সজালে…।'
বীৰেন্দ্ৰ নাথ দত্তই গাইছিল এই গীত।শেৱালি আৰু কহুলা ফুলিলেহে যেন শৰত আহে। শৰত আহিলেহে আহে দূৰ্গা পূজা। পূজা মানেই আনন্দৰ সম্ভাৰ। কহুৱাৰ মায়াই সকলোকে হাত বাউলি মাতে। সেয়েহে কহুৱা আমাৰ এক অংগ হৈ পৰিছে। কোনোবাই যদি নৈৰ পৰাৰ কহুৱা হৈ উৰিব খোজে, আন কোনোবাই সেই বিনন্দীয় পৰিৱেশৰ মাজত নিজৰ মনটোক কহুৱা কোমল কৰি প্ৰেমময় পৃথিৱীত এৰি দিয়ে।প্ৰাকৃতিকভাৱে প্ৰকৃতিয়ে পৃথিৱী সজায়। চোতালৰ তলসৰা শেৱালিয়ে আমোল মোল গোন্ধ বিলাই শৰতক আদৰে। নৈৰ পাৰৰ কহুৱাই শুভ্ৰ পোছাক পিন্ধি বতাহত হালিজালি বিলাই শান্তি আৰু প্ৰেমৰ বাণী। ধাননি পথাৰত সেউজ ধানবোৰৰ দীঘল পাতৰ আঁৰত লাগি থাকে মুকুতাৰ মণিৰ দৰে নিয়ৰ।এয়াই শৰতৰ মাদকতা। এই সকলোবোৰৰ সৈতে সংগী হয় কুঁৱলী। এক কোমল সুবাসত প্ৰকৃতিয়ে ৰচে শৰত অহাৰ পটভূমি। কহুৱা অবিহনে শৰত পূৰ্ণ নহয়। বাটে পথে গৈ থাকোতে দূৰৈৰ পৰা দেখা কহুৱাই হাত বাউল দি জনাই শৰতৰ আগমণৰ কথা।কবি, সাহিত্যিক সকলোৰে অনুভৱত কহুৱা আছে। শাৰদীয় জোনাকৰ পৰশত কহুৱাডৰা আৰু ধুনিয়া হৈ পৰে। নৈৰ পাৰৰ কহুৱা বনে কেতিয়াবা কাৰোবাৰ গীতকে গায়। নিজৰ মাজতেই কহুৱাই লুকাভাকু খেলে।কহুৱাৰ বুকুতো দুখ থাকে। নিৰ্মল আকাশৰ তলত শুভ্ৰ ৰং চটিয়াই কহুৱাই স্নিগ্ধ জোনাকৰ সৈতে ক'ত শৰতক স্বাগতম জনাইছে ৷

Переглядів: 15
Відео
বন পিঠা গুটি গছ
Переглядів 647 годин тому
বন পিঠা গুটি গছ কিতনি বিকল হলে এই ফলৰ গুটি প্ৰয়োজন বন পিঠাৰ আন এটা নাম পিঠা গুটি
কেটাহি জমুনা পকিলে/কোটাহি বেঙেনা
Переглядів 1614 годин тому
কেটাহি জমুনা পকিলে/কোটাহি বেঙেনা জৈৱিক কৃষি সম্পৰ্কত বিভিন্নজনৰ ব্যাখা বিভিন্ন ধৰনৰ হলেও সৰ্বজনগ্ৰাহ্য সূত্ৰ অনুসৰি জৈৱিক কৃষিক বহি:ক্ষেত্ৰৰ পৰা প্ৰয়োগ কৰি কৃষি সামগ্ৰীৰ পৰিবৰ্তে পাৰিৱেশিক ব্যৱস্থাপনাৰ ওপৰত ভৰ দি গঢ় লৈ উঠা এবিধ পদ্ধতি বুলি কব পাৰি।জৈৱিক কৃষি এনে এক ব্যৱস্থাপনা যত ৰাসায়নিক সাৰ,কীটনাশক দৰৱ,পশুধন ঔষধ, জেনেটিকেলি মডিফাইড বীজ আৰু জাত স্ংৰক্ষন ক্ষেত্ৰত ব্যৱহাৰ কৰা সামগ্ৰী আদিৰ দৰে সক...
তামোল বাৰি
Переглядів 2319 годин тому
তামোল বাৰি মাটি : তামোল খেতিৰ বাবে সাধাৰণতে ও বালিচঁহীয়া মাটিয়েই উপযুক্ত ৷ পানী জমা হোৱা আলতীয়া মাটি এই খেতিৰ বাবে অনুপযোগী৷ গতিকে এনে মাটি বাছনি কৰিব নালাগে ৷ সঁচ নিৰ্বাচন: ওজনত প্ৰায় ৪০ গ্ৰাম মান ঘুৰনীয়া, স্বাস্হ্যবান তামোল সঁচৰ বাবে নিৰ্বাচন কৰিব লাগে ৷ বাছি লোৱা তামোল খিনি এটা পাত্ৰত পানী লৈ তাত ডুবাই থব লাগে ৷ পানীত ডুবুৱাৰ পাচত যিবোৰ তামোল পানীত ওপৰমুৱাকৈ ওপঙে তেনেবোৰ তামোলহে বাছনি ক...
কেচুমূৰীয়া হৈ টুপ টুপকৈ তেজ পৰিলে
Переглядів 621 годину тому
কেচুমূৰীয়া হৈ টুপ টুপকৈ তেজ পৰিলে অৰ্শ বা কেঁচুমূৰীয়া(Piles) অৰ্শ দেখাত পেটৰ অসু নহয় যদিও ইয়াৰ মুখ্য কাৰণ পেটৰ অসুখ; প্ৰধানকৈ শৌচ কচা হোৱাৰ ফলস্বৰূপেই অৰ্শ, ভগন্দৰ বা গুহ্যদ্বাৰৰ ফাট আদি গুহ্যদ্বাৰৰ অসুখবোৰ হয়। এইবোৰ সহজে আৰোগ্য নোহোৱা, কঠিন, কষ্টদায়ক আৰু অতি বিৰক্তিকৰ ৰোগ। বৃহৎ অন্ত্ৰৰ শেষত যি মু বা দুৱাৰ তাক ৰেক্টাম(Rectum) বোলে। ই গুহ্যদ্বাৰৰ ভিতৰ ভাগতে থাকে। তাৰ পৰা বাহিৰফালে থকা গুহ্যদ্বাৰ...
অমৰা গুটিৰ উপকাৰীতা
Переглядів 6День тому
অমৰা গুটিৰ উপকাৰীতা অসমৰ হাবিত প্ৰাকৃতিক অৱস্থাত পোৱা ফল সমূহৰ অন্যতম অমৰা। পিছে ই উপেক্ষিত। এইবিধ ফল পকি মাটিত সৰি থাকিলেও খাওঁতাৰ অভাৱ ঘটিছিল। হয়তো টেঙা-কেহা মিশ্ৰিত সোৱাদ আৰু ডাঙৰ গুটিটোৰ বাবেই ই অনাদৃত হৈ আহিছে আমাৰ মাজত। ফল আৰু পাতৰ গন্ধ আমৰ গছ ফলৰ লগত মিল পোৱা যায়। হয়তো সেয়ে ইয়াক ‘বনৰীয়া আম’ আখ্যা দিয়া হয়। সেই ভাব অক্ষুণ্ণ ৰখা হৈছে ইংৰাজীৰ ক্ষেত্ৰতো wild mango কৰি। তেনেকৈ বৈজ্ঞানিক নামৰ দ...
ধূনা পুলি বিনামূলীয়া
Переглядів 5414 днів тому
ধূনা পুলি বিনামূলীয়া ধুনা গছ আমাৰ জলবায়ুত হোৱা এবিধ অতি দৰকাৰী গছ। আকাৰত ডাঙৰ হোৱাৰ বাবে ইয়াৰ বাবে ডাঙৰ বৰিৰ প্ৰয়োজন। আমি ব্যৱহাৰ কৰা ধূনা স্বাভাবিকতে ধূনা গছৰ গুৰিত ঘপীয়াই দিলে আঠা ওলায়, আৰু শুকোৱাৰ পাছত ই ব্যৱহাৰ কৰাৰ উপযোগী হৈ পৰে। Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন) 1. (Common Noun-Neuter) a tree from which a hydrocarbon secretion or resin is obtained. The resin gives a pleasant smell, ...
একেলগে চাহ আৰু তামোল খেতি কৰি বছৰত লাখ টকা উপাৰ্জন কৰক
Переглядів 12714 днів тому
একেলগে চাহ আৰু তামোল খেতি কৰি বছৰত লা টকা উপাৰ্জন কৰক অসমৰ চাহ উদ্যোগ বিশ্ববিখ্যাত এক বিশেষ গুৰুত্বপূৰ্ণ উদ্যোগ আৰু ৰাজ্যখনৰ মাটি আৰু জলবায়ু চাহখেতিৰ বাবে বেছ উপযোগী। ১৮২৩ চনতে ৰবাৰ্ট ব্ৰুচ চাহাবে ব্ৰহ্মপুত্ৰ উপত্যকাত চাহগছ আৱিষ্কাৰ কৰিছিল যদিও ১৮৩২ চনলৈকে অসমত চাহখেতিৰ একো ব্যৱস্থা লোৱা নহ’ল। ১৮৩২ চনৰ পাছৰ পৰাহে চাহখেতিৰ প্ৰচেষ্টা চলিল আৰু অৱশেষত ১৮৩৯ চনত ‘অসম চাহ কোম্পানী’ গঠন কৰা হ’ল। কাল ক্...
ভুমুৰা গুটিৰ উপকাৰীতা
Переглядів 1014 днів тому
ভুমৰা গুটিৰ উপকাৰীতা #বনৌষধি #ভুমৰাগুটি আয়ুৰ্বেদ শাস্ত্ৰত ত্ৰিফলাক উৎকৃষ্ট বনৌষধ বুলি বৰ্ণনা কৰিছে। ত্ৰিফলা বুলি কোনো গছ লতা নাই। ই তিনিবিধৰ দ্ৰব্যৰ সম পৰিমাণৰ মিশ্ৰন মাথোন। এই তিনিবিধ দ্ৰব্য হ’ল-আমলখি, শিলিখা আৰু ভোমোৰা ফল। ত্ৰিফলাৰ আয়ুৰ্বেদ শাস্ত্ৰীয় নাম ফলত্ৰিক, ত্ৰিফলী আৰু মহাত্ৰিফলী। ত্ৰিফল চাৰিবিধ হ্ৰস্ব ত্ৰিফলা, সুগন্ধি ত্ৰিফলা মধুৰ ত্ৰিফলা আৰু মহাত্ৰিফলা। আমলখি শিলিখা আৰু ভোমোৰা ফলৰ সাহ...
আউনী পাণ বা জংঘলী পাণৰ মহা ঔষধি গুণ
Переглядів 9214 днів тому
আউনী পাণ বা জংঘলী পাণৰ মহা ঔষধি গুণ অসমত তিনি প্ৰকাৰে পান খেতি কৰা হয় ১)তামোল গছ বা অন্য গছৰ গুৰিত ২)বোৰোজ পদ্ধতি ৩) খটি পদ্ধতি৷ ইয়ৰে প্ৰথম পদ্ধতিতে সাধাৰণতে প্ৰায় বিলাক ঘৰতে কৰা হয়৷ আন দুটা পদ্ধতি ব্যৱসায় ভিত্তিত কৰা হয়৷ সঁচ অসমীয়া পান, খাছী পান, গাৰো পান, চাঁচী পান, বাংলা পান (কালী বাংলা, মুৱা বাংলা, ইৰানিগিটি, গুদি বাংলা) মিঠা পান আৰু কাৰ্বি পান৷ মাটি সাৰুৱা আলতীয়াৰ পৰা বালিচঁহীয়া ম...
মিঠা বস্তুৰ উপকাৰ আৰু অপকাৰ বিষয়ে জানো আহক
Переглядів 10021 день тому
মিঠা বস্তুৰ উপকাৰ আৰু অপকাৰ বিষয়ে জানো আহক তিতা,কেহা , জলা, টেঙা খাওকেই বা নাখাওক মিঠা আমাৰ দৈনন্দিন জীৱনত অপৰিহাৰ্য্য বস্তু- যিটো নহলে আমি চলাটোৱেই টান ( বিশেষ ৰোগক বাদ দি) অৱশ্বে আমাৰ দেহ ৰক্ষাৰ বাবে তিতা কেহাৰ লগতে মিঠাৰ প্ৰয়োজন অধিক । বিশেষকৈ কফজনীত প্ৰায় ৫০ বিধ আৰু পিত্ত ,বাতজনীত নানাবিধ ৰোগৰ প্ৰতিৰোধক । মানৱ জীৱনত শিশুকালচোৱা বেচিকৈ কফৰ প্ৰভাৱত থাকে ,সেয়ে প্ৰাকৃতিক ভাৱেই শিশুসকল চকলেত ,চি...
কল খেতিৰ জানিব লগিয়া কিছু কথা
Переглядів 14621 день тому
কল খেতিৰ জানিব লগিয়া কিছু কথা মাটি নিৰ্বাচন ওখ, পানী জমা নোহোৱা আৰু যথেষ্ট পৰিমাণৰ জৈৱিক সাৰ থকা মাটি কল খেতিৰ বাবে উপযোগী৷ ৰোপন সামগ্ৰী কল খেতি সাধাৰণতে পোখাৰ পৰা কৰা হয় ৷ স্বাস্হ্যবান এটা পোখা বা পুলি ওঘালি তাৰ পৰা শিপাবোৰ ভালদৰে আঁতৰাই লব লাগে, যাতে মুঢ়াটোৱে আঘাত নাপায় ৷ তাৰ পাচত ১ ফুট ওপৰত পুলিটোৰ আগটো হেলনীয়াকৈ কাটি ৰোৱাৰ ব্যৱস্হা কৰিব লাগে৷ বাছনি কৰা পুলিটোৰ ওজন ১.৫ - ২.০ কেজিৰ ভিতৰত ...
জীৱনৰ কিছু কথা ৫ম ভাগ
Переглядів 421 день тому
জীৱনৰ কিছু কথা ৫ম ভাগ ধন-সম্পত্তিক লৈ কেতিয়াও অহংকাৰ কৰিব নালাগে কাৰণ এই পৃথিৱীত এনেকুৱা কোনো মানুহ নাই যে যিয়ে জন্ম-মৃত্যু আৰু সময়ক কিনিব পাৰে ধনী অথবা দুখীয়া সকলোৰে অন্তিম ঠিকনাই শ্মশান মানুহজনে এইবাৰ এজন মানুহক প্ৰশ্ন কৰিলে : তোমাৰ ইমান অহংকাৰ কিয়? মানুহজনে উত্তৰ দিলে : এইখন পৃথিৱীত মোৰ একোৱে অভাৱ নাই, মোৰ গাড়ী আছে, ঘৰ আছে, সন্দৈৰ্য আছে মই ইচ্ছা কৰিলে তোমাৰ নিচিনা তিনিজনক অকলে মাৰিব পাৰো, ই...
সুন্দৰ
Hi
Moja lagil
সুন্দৰ বহুত বহুত ধন্যবাদ 🙏
Val hoise dai
Bhut puroni sge😮
Val hoise dai
ভাল লাগিল বহুত বহুত ধন্যবাদ জনাইছো 🙏
ভাল লাগিল বহুত বহুত ধন্যবাদ জনাইছো 🙏
ধন্যবাদ জনাইছো ভাইজি
Thanks 🙏
Thanks brother 🙏
Thanks very good 🙏
Thanks 🙏
Thanks 🙏
ভাল লাগিল,,,,,video টো চাই 💖💖💖
❤❤❤❤❤Thanks so much brother
Bhut val bondhu vdo...
❤❤❤❤❤Thanks friend
Thanks very good 🙏
❤❤❤❤❤Thanks so much bhaiji
Thanks very good 🙏
Thanks 🙏
Thanks 🙏
Thanks 🙏
Thanks very good 👍
Thanks 🙏
Thanks very good 👍
Good morning shukriya 🙏
Thanks very good 👍
Wonderful thanks 🙏
Thanks brother 🙏
Thanks 🙏
Thanks 🙏
Thanks 🙏 Good morning 🌅
Ramro shukriya 🙏
Om shanti 🙏 Very good thanks 🙏🙏
Om shanti 🙏
Om shanti 🙏 Good morning shukriya 🙏
Om shanti 🙏 Barhiya thanks 🙏
Koti Ramro kora thanks 🙏
sunder anubhav .on shanti bhaiji .
Om shanti 🙏
Om shanti 🙏 Thanks 🙏
Ramro bhayo 🙏
Thanks 🙏
Thanks 🙏
Thanks
Thanks 🙏
Thanks 🙏
Om shanti thanks 🙏
❤❤❤❤
N❤