ভুমুৰা গুটিৰ উপকাৰীতা

Поділитися
Вставка
  • Опубліковано 18 вер 2024
  • ভুমৰা গুটিৰ উপকাৰীতা
    #বনৌষধি #ভুমৰাগুটি
    আয়ুৰ্বেদ শাস্ত্ৰত ত্ৰিফলাক উৎকৃষ্ট বনৌষধ বুলি বৰ্ণনা কৰিছে। ত্ৰিফলা বুলি কোনো গছ লতা নাই। ই তিনিবিধৰ দ্ৰব্যৰ সম পৰিমাণৰ মিশ্ৰন মাথোন। এই তিনিবিধ দ্ৰব্য হ’ল-আমলখি, শিলিখা আৰু ভোমোৰা ফল। ত্ৰিফলাৰ আয়ুৰ্বেদ শাস্ত্ৰীয় নাম ফলত্ৰিক, ত্ৰিফলী আৰু মহাত্ৰিফলী। ত্ৰিফল চাৰিবিধ হ্ৰস্ব ত্ৰিফলা, সুগন্ধি ত্ৰিফলা মধুৰ ত্ৰিফলা আৰু মহাত্ৰিফলা।
    আমলখি শিলিখা আৰু ভোমোৰা ফলৰ সাহেৰে ত্ৰিফলা প্ৰস্তুত কৰা হয়। প্ৰতিবিধৰ সমপৰিমাণৰ চূৰ্ণৰ দ্বাৰা ত্ৰিফলা বনোৱা হয়। ত্ৰিফলাৰ এক ভাগ গুৰি তিনিভাগ ঘিউৰে মিহলাই খালে সৰ্ব্বৰোগ নাশ হয়। ত্ৰিফলা কফ, পিত্তনাশক, অগ্নিদীপক, ৰুচিকাৰক আৰু বিষম জ্বৰনাশক। ই দৃষ্টিশক্তি বৃদ্ধি কৰে। ত্ৰিফলাৰ কোৱাথেৰে সকলো প্ৰকাৰ চৰ্মৰোগ ধুব পাৰি আৰু ইয়ে চৰ্মৰোগৰ বীজাণু নাশ কৰে। ত্ৰিফলা অৰ্থাৎ আমলখি, শিলিখা আৰু ভোমোৰাৰ সম পৰিমাণৰ ৰস ছাগলীৰ গাখীৰৰ লগত মিহলাই মূৰত সানিলে উফি নাশ হয়। ত্ৰিফলা চূৰ্ণ সৈন্ধৱ লবণৰ লগত খালে ছাত্ৰৰ স্মৃতিশক্তি বাঢ়ে। যাজ্ঞবল্কা সংহিতাৰ এষাৰী শ্লোক ইয়াতে প্ৰণিধানযোগ্য-
    ত্ৰিফলাং লৱনৈৰ্যুক্তাং ভক্ষ্যয়েচ্ছিষ্যকং সদা।
    ক্ষীণমেধা জননোযা স্বৰ্ণবৰ্ণকাৰী তথা।।
    যিজনে ত্ৰিফলা চূৰ্ণ সৈন্ধৱ লৱণৰ লগত সদায় খায়। তেওঁৰ মস্তিস্ক উৰ্দ্ধৰ হয়, স্বাস্থ্য ভালে থাকে আৰু মাত কথা সুন্দৰ হয়।
    আমলখি, ভোমোৰা আৰু শিলিখা তিনিবিধেই শেট পৰিষ্কাৰ আৰু বাত কফ-পিত্তনাশক। গতিকে তিনিবিধৰ সংমিশ্ৰণতো যে পেটৰ বা শৰীৰৰ বাবে মহৌষধ তাক নকৈ কোৱাৰ প্ৰয়োজন নাই।
    ওপৰোক্ত চাৰিবিধ ত্ৰিফলাৰ হ্ৰস্ব ত্ৰিফলা হ’ল গমাৰী কিছমিছ আৰু কলমা গছৰ সম পৰিমাণৰ গুৰিৰ মিশ্ৰণ। ডালিম, খেজুৰি আৰু কিছ্‌মিছৰ সম পৰিমাণৰ মিশ্ৰণক মধুৰ ত্ৰিফলা বোলে।
    শিলিখা, কিছমিছ আৰু ভোমোৰা পিহি পুৰণি গুৰৰ লগত খালে অম্লপিত্ত ৰোগ নাশ হয়। ত্ৰিফলাৰ কোৱাথ মৌৰ লগত খালে মেদৰোগ নাশ হয়।

КОМЕНТАРІ •