আউনী পাণ বা জংঘলী পাণৰ মহা ঔষধি গুণ

Поділитися
Вставка
  • Опубліковано 19 вер 2024
  • আউনী পাণ বা জংঘলী পাণৰ মহা ঔষধি গুণ
    অসমত তিনি প্ৰকাৰে পান খেতি কৰা হয়
    ১)তামোল গছ বা অন্য গছৰ গুৰিত
    ২)বোৰোজ পদ্ধতি
    ৩) খটি পদ্ধতি৷
    ইয়ৰে প্ৰথম পদ্ধতিতে সাধাৰণতে প্ৰায় বিলাক ঘৰতে কৰা হয়৷ আন দুটা পদ্ধতি ব্যৱসায় ভিত্তিত কৰা হয়৷
    সঁচ
    অসমীয়া পান, খাছী পান, গাৰো পান, চাঁচী পান, বাংলা পান (কালী বাংলা, মুৱা বাংলা, ইৰানিগিটি, গুদি বাংলা) মিঠা পান আৰু কাৰ্বি পান৷
    মাটি
    সাৰুৱা আলতীয়াৰ পৰা বালিচঁহীয়া মাটি ও পানী জমা নোহোৱা মাটি পান খেতিৰ বাবে উপযোগী৷ নতুনকৈ পান বাৰী প্ৰস্তুত কৰিবলৈ অন্য ঠাইৰ পৰা মাটিৰ ওপৰ ভাগ কাটি আনি কৰিব পাৰিলে ভাল৷ পুলি ৰোৱাৰ এমাহৰ আগতে মাটিত চূণ মিহলাই মাটিৰ অম্লতা কমাই ল’লে ভাল হয় অৰ্থাৎ পি, এইচ ৬.৫ মানত ৰাখিব লাগে৷
    তামোল গছৰ সহায়লৈ কৰা পান খেতি
    তামোল গছৰ গুৰিৰ পৰা ৬০-৭০ ছে: মি: দুৰত্বত ৬০ ছে: মি:x ৬০ ছে: মি: x ৬০ ছে: মি: ব্যাসাৰ্দ্ধৰ গাত খান্দি তাত পচন সাৰ বা গোবৰ আদি প্ৰয়োগ কৰিব লাগে ৷ প্ৰত্যেক জোপা তামোলগছৰ বাবে ৩-৪ টা পানৰ ডাল (cutting) ৰোব লাগে ৷ সাধাৰণতে ২-৩ ফুট দীঘল ডাল য’ত ৬ টা মানকৈ কোঁহ/গাঁঠি থাকে তেনেবোৰ ডালহে ৰোৱাৰ বাবে উপযোগী ৷
    বোৰজ আৰু খুটি পদ্ধতি
    বাঁহ আৰু খেৰ আদিৰ বোৰজ প্ৰস্তুত কৰি সকলো দিশ খেৰেৰে বেৰি দিব লাগে ৷ পান গছবোৰ বাঁহৰ খুটিত বগাবলৈ দিব লাগে ৷ খুটি পদ্ধতিত কৰা পান খেতিৰ বাবে ওপৰ ভাগ আবদ্ধ কৰি পান গছবোৰ বাঁহৰ খুটিত বগাবলৈ দিব লাগে ৷ এই ক্ষেত্ৰত বাঁহৰ দীঘল খুটিৰ ব্যৱহাৰ হয় ৷
    পুলি ৰোৱাৰ আগেয়ে পান ৰোবলৈ লোৱা মাটি দৰা ভালদৰে চহায় লব লাগে ৷
    ৰোপন সামগ্ৰী
    সাধাৰণতে পান গছৰ উৰ্দ্ধমুখী ২-৩ বছৰীয়া পূৰঠ আগবোৰ কাটি আনি তাৰ পৰা সৰু সৰুকৈ অৰ্থাৎ ৩০-৪০ ছে: মি: দীঘলে কাটি ল’ব লাগে ৷ এই সৰু সৰু ডাল বা কাটিং বিলাকত ৩-৪ টাকৈ গাঁঠি থাকিব লাগে ৷ এই ডালবোৰৰ পৰা যেতিয়া নতুন পোখা ওলাই বাঢ়িবলৈ ধৰিব তেতিয়া মূল পথাৰত অৰ্থাৎ তামোল গছৰ গুৰিত ৰোপন কৰিব লাগে ৷
    বোৰজ পদ্ধতিত পোখা ওলোৱা ডালবোৰ ৫০ ছে: মি: আৰু ১৫ ছে: মি: দূৰত্বত অথাৎ দুটা শাৰীৰ মাজত দূৰত্ব ৫০ ছে: মি: আৰু প্ৰতিটো শাৰীত দুটা পুলিৰ মাজৰ দূৰত্ব ১৫ ছে: মিটাৰত ৰোৱাৰ ব্যৱস্হা কৰিব লাগে ৷ এই পদ্ধতিত প্ৰতি বিঘা মাটিত ১২,৬০০-১২,৭০০ টা পুলি ৰোপন কৰিব পাৰি ৷ কিন্তু খুটি পদ্ধতিত পুলি আৰু শাৰীৰ দূৰত্ব ৯০ ছে: মি: ৰাখিব লাগে বাবে প্ৰতি বিঘা মাটিত ১০০০-১৪০০ টা পুলিহে ৰোপন কৰিব পাৰি ৷
    ৰোৱাৰ আগতে মাটিডৰা ভালদৰে চহায় লব লাগে আৰু ৰাসায়নিক দ্ৰৱ্যৰে মাটিডোখৰ শোধন কৰি লব লাগে৷ তাৰ বাবে ০.২ শতাংশ পি, চি, এন্, বি (ব্ৰাচিক’ল) নামৰ ঔষধৰে মাটিডোখৰ তিয়াই লব লাগে৷ আকৌ পুলবাৰীৰ পৰা উঠাই অনা পোখা পুলিবোৰ ০.৫ শতাংশ শক্তিৰ ব'ৰডো মিশ্ৰণ আৰু ষ্টেপ্টোচাইক্লিন(Streptocycline) ৫০০ পি, পি, এম মিশ্ৰণত আধা ঘন্টা ডুবাই ৰাখিব লাগে৷ অসমত সাধাৰণতে মে’ - আগষ্ট মাহলৈকে পান পুলি ৰোৱা হয়৷
    সাৰ প্ৰয়োগ
    ১৫০ কেজি নাইট্র'জেন প্ৰতি হেক্টৰত প্ৰতি বছৰে
    ১০০ কেজি ফছফৰাচ প্ৰতি হেক্টৰত প্ৰতি বছৰে
    ৫০ কেজি পটাচ প্ৰতি হেক্টৰত প্ৰতি বছৰে
    এই গোটেইখিনি সাৰ মাটিডৰাত বছেৰেকত ৬-৮ টা ভাগত ভাগ কৰি গোবৰৰ লগত প্ৰয়োগ কৰিব লাগে ৷
    বোৰজ পদ্ধতিত কৰা পান খেতি প্ৰতিবছৰে হেক্টৰে প্ৰতি ২০০ কেজি নাইট্র'জেন (ইউৰিয়াৰ) লগত খলিহৈৰ লগত ১ : ১ অনুপাতত মিহলাই সমানে চাৰিভাগ কৰি প্ৰয়োগ কৰিব৷
    পানৰ উৎপাদন আৰু মানদণ্ড বৃদ্ধি কৰিবলৈ ৪ শতাংশ জিঙ্ক চালফেটৰ মিশ্ৰণ ৬ বাৰ মানলৈ ৬০ দিনৰ ব্যৱধানত স্প্ৰে কৰিব৷
    যদি পৰা যায় নাইট্ৰ'জেনৰ ৫০ শতাংশ পৰিমাণৰ জৈৱিক সাৰ আৰু পচন সাৰ প্ৰয়োগ কৰিব পাৰিলে ভাল ফল পোৱা যায়৷
    পান বগোৱা
    মূখ্য লতাডাল যেতিয়া আশ্ৰয়কাৰী বাঁহৰ খুটাত বা গছত বগাব তেতিয়া ৬-৮ ইঞ্চি অন্তৰত কলগছৰ পতুৱাৰ আঁহৰে বা দীঘল দুৱৰি বনৰ লতাৰে ঢিলাকৈ বান্ধিব লাগে যাতে গছজোপাত বগাই যাবলৈ সুবিধা হয় ৷ গছজোপাৰ বাঢ়নৰ ওপৰত লক্ষ্য ৰাখি ১৫-২০ দিনৰ অন্তৰত এবাৰ বান্ধিব লাগে৷
    লতাপান নমোৱা
    সাধাৰণতে পানগছৰ মূখ্য লতাডাল এবছৰত প্ৰায় ১০ ফুট মানলৈ ওখ হয় ৷ গতিকে যেতিয়া লতাডাল সিমান ওপৰলৈ যায় তেতিয়া গছডাল বছৰেকত এবাৰ তললৈ নুৰা বান্ধি খহাই আনিব লাগে আৰু আগ অংশৰ মোটা গা-গছডাল মাটিত আকৌ পুতি দিব লাগে যাতে ওপৰৰ আনটোৰ মাত্ৰ ২-৩ ফুটহে ওলাই থাকে৷ তেনেকৈ নমাই আনিলে গছজোপাৰ গুৰিতো জোপোহা হ’ব আৰু একেডাল আশ্ৰয়কাৰীতে আকৌ বগাব পাৰিব৷
    শস্য ৰক্ষা
    পাত পচা (Phytophthora leaf rot), শিপা পছা (root rot) : এই বিধ বেমাৰত ০.১ শতাংশ শক্তিৰ বৰডো মিশ্ৰণ বেমাৰৰ প্ৰকোপ অনুযায়ী ১ মাহৰ অন্তৰত ৪ বাৰ গছৰ গুৰিত প্ৰয়োগ কৰিব লাগে ৷ আনহাতে ০.৫ শতাংশ ব'ৰডো মিশ্ৰণ বেমাৰৰ প্ৰকোপ অনুযায়ী ১৫ দিনৰ অন্তৰত ৮ বাৰ গছৰ গুৰিত প্ৰয়োগ কৰিব লাগে ৷ এই ঔষধ প্ৰয়োগ জুন মাহৰ পৰা চেপ্তেম্বৰ মাহৰ ভিতৰত কৰিব লাগে ৷
    পাত বা ঠাৰিত দাগ পৰা বেমাৰ (Bectrial leaf spot) : এই বেমাৰৰ বাবে ০.৫ শতাংশ বৰডো মিশ্ৰণ আৰু এক শতাংশ ষ্টেষ্ট্রোমাইচিনৰ মিশ্ৰণ তৈয়াৰ কৰি ২০ দিনৰ ব্যৱধানত ৰোগ আৰম্ভ পৰাৰে পৰা প্ৰয়োগ কৰিব ৷
    এনথ্ৰেকন’জ (Anthracnose) : এই বেমাৰৰ বাবে ০.৫ শতাংশ বৰডো মিশ্ৰণ ২০ দিনৰ ব্যৱধানত ৪ বাৰ ৰোগ ৰোগৰ প্ৰাৰম্ভিক পৰ্য্যায়ৰ পৰা প্ৰয়োগ কৰিব ৷

КОМЕНТАРІ •