তোমাৰ কথা যেতিয়া ভাবো / শৰতৰে তুমি জোন - by Jayanta Hazarika

Поділитися
Вставка
  • Опубліковано 7 вер 2024
  • Assamese song of Jayanta Hazarika / Lyrics by Nirmalprobha Bordoloi / Melody by Gagadish Baruah / Lyrics of the songs :
    তোমাৰ কথা যেতিয়া ভাবো
    দুচকু পানীৰে ভৰে
    বিৰিণা বনৰ পাতৰ আগে
    বিৰিণা বনৰ পাতৰ আগে
    এটুপি নিয়ৰ সৰে..!
    তোমাৰ কথা যেতিয়া ভাবো
    দুচকু পানীৰে ভৰে ।
    তুমি যেন দূৰ-দূৰণিত শুনা
    ৰিণিকি ৰিণিকি বাঁহী
    নিজম ৰাতি সোঁতে সোঁতে
    যেন কাষলে আহা ভাঁহি
    হেৰুৱা ফুলৰ সুবাসেৰে
    হেৰুৱা ফুলৰ সুবাসেৰে
    পদুলি উপচি পৰে...!
    তোমাৰ কথা যেতিয়া ভাবো
    দুচকু পানীৰে ভৰে ।
    তোমাৰ কথা মনত পৰিলে
    বুকু যে উৰুঙা লাগে
    শুকান পাত উৰুৱাই যেন
    এচাটি পচোৱা বলে
    বৰ অসহায় অসহায় লাগে
    বৰ অসহায় অসহায় লাগে
    যেন নিজান মৰুৰ দৰে...!
    তোমাৰ কথা যেতিয়া ভাবো
    দুচকু পানীৰে ভৰে ।।
    গীতিকাৰ : নিৰ্মলপ্ৰভা বৰদলৈ
    সুৰকাৰ : জগদীশ বৰুৱা
    কণ্ঠ : জয়ন্ত হাজৰিকা
    🌿🌼🌿

КОМЕНТАРІ • 4

  • @chitradas4893
    @chitradas4893 11 місяців тому +4

    Jayanti Hazarika k sradhare xururilo

  • @user-xw8ld2gg7j
    @user-xw8ld2gg7j 10 місяців тому

    Love Love

  • @juliphukan5107
    @juliphukan5107 11 місяців тому

    Jayanta hajarika aru Nirmalprabha Bordoloi Baidew r apurbo jugolbondi .

  • @-jugikhupa
    @-jugikhupa 10 місяців тому