ওদালগুৰি জিলা টংলা মহাবিদ্যালয়ৰ ৫০ সংখ্যক সোণালী জয়ন্তী উদযাপন
Вставка
- Опубліковано 9 лют 2025
- বাৰেৰহনীয়া কৃষ্টি সংস্কৃতিৰে টংলা মহাবিদ্যালয়ৰ গৌৰৱোজ্জল সোনালী জয়ন্তীৰ সাংস্কৃতিক শোভাযাত্ৰা। সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ, হেলিনা দৈমাৰীয়ে।
শৈক্ষিক নগৰী টংলাস্থিত টংলা মহাবিদ্যালয়ৰ গৌৰৱোজ্জল সোনালী জয়ন্তী উৎসৱৰ আজি পঞ্চম দিনৰ প্ৰথম দিনৰ কাৰ্যসূচীত ৰাতিপুৱা ভাগত সাংস্কৃতিক শোভাযাত্ৰা ১০ সহস্ৰাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। ৬ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত সোণালী জয়ন্তী উৎসৱ উপলক্ষে আজি পঞ্চম দিনৰ কাৰ্যসূচীত অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ, হেলিনা দৈমাৰীৰ লগতে বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে। উল্লেখ্য যে, টংলাস্থিত সমূহ স্কুল -কলেজৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ সাজ-পাৰৰ প্ৰয়োভৰ দেখিবলৈ পোৱা গৈছে।