Atitok nejaba pahori Poet-Jatindranath Duwara, অতীতক নেযাবা পাহৰি, কবি- যতীন্দ্ৰনাথ দুৱৰা

Поділитися
Вставка
  • Опубліковано 17 жов 2024
  • কবিতা- অতীতক নেযাবা পাহৰি
    কবি- যতীন্দ্ৰনাথ দুৱৰা
    পাঠ- প্ৰৱাল গোস্বামী
    #assamesepoem
    "অতীতক নেযাবা পাহৰি"
    চেনেহৰ সখা মোৰ শেষ অনুৰোধ
    অতীতক নেযাবা পাহৰি,
    সমাপি জীৱন খেলা বসুধা বুকুত
    যাম গই যিদিনা আঁতৰি,
    অতীতক নেযাবা পাহৰি॥
    সুখে দুখে জীৱনৰ ফুৰে পাছে পাছে
    অতীতৰ মধুৰ সপোন,
    নিমিষতে বিষাদত ধৰিছে আগত
    এৰি অহা প্রেমৰ দাপোণ,
    অতীতৰ মধুৰ সপোন॥
    কঁপি থকা ওঁঠ দুটি নোৱাৰে ফুটাব
    যাওঁ বোলা বিদায়ৰ বাণী :
    দুগালে বাগৰি যায় চকুলো দুধাৰি
    মাগে মাথো শেষৰ মেলানি,
    যাওঁ বোলা বিদায়ৰ বাণী॥
    বিষাদ-ডাৱৰে ঢাকে জীৱন-আকাশ
    পোহৰৰ লেশ মাথো নাই,
    এখুজি দুখুজি কৰি ধীৰে ধীৰে দেহি
    বাটৰুৱা যায় আগুৱাই,
    পোহৰৰ লেশ মাথোঁ নাই॥
    আন্ধাৰ-মুধাৰ বাট নমনি একোকে
    সমুখত স্মৃতিৰ শ্মশান।
    কতনো প্ৰেমৰ ছবি লয় গই তাতে
    তোলে এটি সকৰুণ তান,
    সমুখত স্মৃতিৰ শ্মশান॥
    তাৰ মাজেদিয়ে যায় বাটৰুৱা মোৰ
    সুখৰ দুখৰ গান শুনি,
    আশা নিৰাশাৰ ৰেখ বুকুৰ মাজত
    আঁকি লই অকলে আপুনি,
    সুখৰ দুখৰ গান শুনি ॥
    শুকুলা পাখিৰে সৌ নাওখনি বাই
    নাৱৰীয়া আছে বাট চাই,
    উঠিম যেতিয়া মই নাৱৰ বুকুত
    নাও মেলি যাব ভটীয়াই
    নাৱৰীয়া আছে বাট চাই ॥
    দূৰত গৰজে শুনা অনন্ত সাগৰ
    পর্বত সমান টো তুলি,
    বাহু তোলা মৰণৰ শেষ আলিঙ্গনে
    চিনচাব নেৰাখে সমূলি,
    পর্বত সমান টো তুলি॥
    অনাদৰ-অৱহেলা যত জগতৰ
    সুখ-দুখ সকলো পাহৰি,
    সকলোকে অন্তৰৰ প্ৰণাম জনাই
    নাও মেলি আহিলো আঁতৰি,
    শুখ-দুখ সকলো পাহৰি।
    সন্ধিয়াৰ আকাশৰ সৰু তৰাটিৰ
    সাদৰৰ শেষ আৱাহন,
    সেউজীয়া প্রকৃতিৰ কোমল কোলাত
    খেলা মোৰ হ’ল সমাপন,
    সাদৰৰ শেষ আৱাহন ॥
    নাও মেলি আহিলো আঁতৰি,
    অতীতক নেযাবা পাহৰি ॥

КОМЕНТАРІ • 61

  • @PrabalGoswamiRecitation
    @PrabalGoswamiRecitation  6 років тому +20

    অসমীয়া সাহিত্যৰ নমস্য কবিসকলৰ কবিতা পাঠৰ এক যাত্ৰা আৰম্ভ কৰিছো you tubeৰ জৰিড়তে। আপোনালোকৰ সুপৰামৰ্শ আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ। এই যাত্ৰাৰ সহযোগী হ'বলৈ অনুগ্ৰহ কৰি চেনেলটো Subscribe কৰি থব। ভিডিঅটো চোৱাৰ বাবে আন্তৰিক ধন্যবাদ নিবেদিলোঁ।

    • @sriramgupta5539
      @sriramgupta5539 2 роки тому

      যতীন্দ্ৰনাথ দুৱৰাৰ কবিতাৰ এক সুকীয়া আবেদন আছে।

  • @binodagarwalla2345
    @binodagarwalla2345 4 роки тому +3

    কবিতা ৰ শাৰী বিলাক মাজে মাজে গাই থাকো কোনখিনি কবিতা ৰ এই শাৰী বিলাক আজি পুনৰ মনত পেলাই লোৱা হ'ল। ধন্যবাদ,,,।

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  4 роки тому

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ মন্তব্যয়ে আমাক সুখী কৰিলে।

  • @bhesojbaruah8725
    @bhesojbaruah8725 4 роки тому +2

    ভাল লাগিল ,
    তেখেতৰ কবিতা পুথিখন ও পঢ়িছো !
    এনেকৈ কবিতা পঢ়িবলৈ পোৱাত নথৈ সুখী হৈছো কিতাপৰ পৃষ্ঠা নুলুটিওৱাকৈ ।

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  4 роки тому

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ মন্তব্যয়ে আমাক সুখী কৰিলে।

  • @runucreation4652
    @runucreation4652 3 роки тому +1

    Vl lagise dhuniya abriti

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  3 роки тому

      আন্তৰিক ধন্যবাদ জনালোঁ ।
      আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে।

  • @pallabisarmah9004
    @pallabisarmah9004 5 років тому +3

    Bhut val lga kobita

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  5 років тому

      অসমীয়া সাহিত্যৰ নমস্য কবিসকলৰ কবিতা পাঠৰ এক যাত্ৰা আৰম্ভ কৰিছো you tubeৰ জৰিড়তে। আপোনালোকৰ সুপৰামৰ্শ আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ। এই যাত্ৰাৰ সহযোগী হ'বলৈ অনুগ্ৰহ কৰি চেনেলটো Subscribe কৰি থব। ভিডিঅটো চোৱাৰ বাবে আন্তৰিক ধন্যবাদ নিবেদিলোঁ।

  • @noormohammad9206
    @noormohammad9206 4 роки тому +2

    Hosaka arre oha din bur monot poroi gol bohut dukh lagel

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  4 роки тому

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে।

  • @akhilgogoi1869
    @akhilgogoi1869 Рік тому +1

    Bhout bhout bhal lagil.

  • @tribenimazumdar5040
    @tribenimazumdar5040 3 роки тому +1

    বহু ত্ত। ভাল। লগিল

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  3 роки тому

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে।

  • @malabikadowerah2904
    @malabikadowerah2904 3 роки тому +1

    সুন্দৰকৈ আবৃত্তি কৰিলে।

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  3 роки тому

      আন্তৰিক ধন্যবাদ জনালোঁ ।
      আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে।

  • @dulumonisaikiaborah6552
    @dulumonisaikiaborah6552 2 роки тому +1

    বৰ ভাল লাগিল কবিতাটি ৰ আবৃত্তি শুনি।

  • @bvlogsassam9226
    @bvlogsassam9226 Рік тому +1

    অতি সুন্দৰ হৈছে 👌🙏

  • @sumitradas2488
    @sumitradas2488 5 років тому +2

    বৰ ভাল লাগিল । হৃদয় চুই গ'ল ।

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  5 років тому

      আন্তৰিক ধন্যবাদ নিবেদিলোঁ 🙏♥️♥️ আমাৰ চেনেলৰ আন কবিতাবোৰো শুনি আমাৰ উদ্দেশ্য আগুৱাই নিয়াত সহায় কৰিব বুলি আশা ৰাখিলোঁ।

  • @balirameducation8589
    @balirameducation8589 3 роки тому +1

    বহুত ভাল লাগিল।

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  3 роки тому

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে।

  • @arpitadas4252
    @arpitadas4252 5 років тому +2

    khub val lagil....very good...keep it up....wish you all the best

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  5 років тому

      ধন্যবাদ… আগলৈ এইদৰেই সহযোগিতা আশা কৰিলোঁ 🙏♥️♥️♥️

  • @suhridbarman1566
    @suhridbarman1566 5 років тому +4

    best kobita ❤❤❤❤❤

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  5 років тому

      আন্তৰিক ধন্যবাদ নিবেদিলোঁ। আপোনাৰ মন্তব্যয়ে উৎসাহিত কৰিলে আমাক। অনাগত ভিডিঅবোৰ সহজতে পাবলৈ চেনেলটো Subscribe কৰি থ'ব বুলি আশা ৰাখিলো।

  • @shyamaljyotideka108
    @shyamaljyotideka108 4 роки тому +2

    আগলৈ বহুত কবিতা পায় বুলি আশা কৰিলো ।

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  4 роки тому

      নিশ্চয়। আমাৰ চেনেলৰ সতে' সংযুক্ত হৈ থাকিব। প্ৰতি সপ্তাহতে আমি একোটাকৈ কবিতা আপলোড কৰিব প্ৰচেষ্টা কৰি আহিছো। আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে। আন্তৰিক ধন্যবাদ জনালোঁ।

  • @dorothysaikia108
    @dorothysaikia108 3 роки тому +1

    💓💓

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  3 роки тому +1

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে।

  • @bhagyarabha9091
    @bhagyarabha9091 4 роки тому +4

    আপুনি ৰেডিঅ ত আবৃত্তি কৰা প্ৰবাল চাৰ হয় নে ? বহুত ভাল লাগে আপোনাৰ আবৃত্তি।

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  4 роки тому +2

      আন্তৰিক ধন্যবাদ জনালোঁ। আপুনি ভবা মানুহজন মই নহয় চাগে, মই ৰেডিঅ'ত অনুষ্ঠান বৰ্তমানলৈ কৰা নাই।

    • @bhagyarabha9091
      @bhagyarabha9091 4 роки тому +3

      @@PrabalGoswamiRecitation ওঃ ! একো নহয় দিয়ক । আপুনি ভাল পদক্ষেপ লৈছে আমাৰ অতীত বোৰ সোঁৱৰাই দিয়ে ।

  • @basantakonwar5350
    @basantakonwar5350 5 років тому +2

    👏👏👏👏moi pronam joniso......
    Husakoi.....Oti xundur............

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  5 років тому +2

      আন্তৰিক ধন্যবাদ নিবেদিলোঁ। আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে। এইদৰেই আগলৈও আমাক উৎসাহিত কৰি যাব বুলি আশা ৰাখিলো। 🙏🙏♥️♥️♥️

  • @prasantagoswami1477
    @prasantagoswami1477 4 роки тому +3

    সকলোৱে সকলো কাম কৰিব নোৱাৰে ।জন্মতেই লৈ আহে । এয়া তাৰেই প্ৰমান ।কবিতা হৈছে শব্দৰ ভড়াল । প্ৰবাল গোস্বামী ডাঙৰীয়া; আপুনি get together পাতি শৈশবৰ লগ বন্ধুবিলাকক (মানে কবিতা)একে লগে পোৱাৰ সুবিধা কৰি দিলে। ধন্যবাদৰ বাহিৰে আৰু নো কি দিম। 21-09-2020.PG.Assam.

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  4 роки тому +1

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ মন্তব্যয়ে আমাক সদায় উৎসাহিত কৰে।

  • @diptimonigoswami4696
    @diptimonigoswami4696 5 років тому +6

    "মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে
    সেউজীয়া বননিৰ বৰণেৰে ঢকা " এই যতীন্দ্ৰ নাথ দুৱাৰৰ কবিতাটো ও দিবচোন।

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  5 років тому

      মন্তব্যৰ বাবে ধন্যবাদ। নিশ্চয় চেষ্টা কৰিম কবিতাটো দিবলৈ। 🙏

  • @nababorgohain8014
    @nababorgohain8014 5 років тому +2

    ✌✌✌✌

  • @anitasonar1358
    @anitasonar1358 3 роки тому +1

    Bohut vl pome

  • @bharotiphukan908
    @bharotiphukan908 4 роки тому +2

    কবিতাৰ জৰিয়তে কিছু শিকিব পাৰিম বুলি আশা কৰিছোঁ ৷

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  4 роки тому

      নিশ্চয়। আপোনাসৱৰ মন্তব্যয়ে আমাক উৎসাহিত কৰে। আমাৰ চেনেলৰ সতে' সংযুক্তহৈ থাকিব। আন্তৰিক ধন্যবাদ জনালোঁ।

  • @bipulsaikia9013
    @bipulsaikia9013 3 роки тому +1

    Nice poem ❤️❤️

  • @KobitaProduction
    @KobitaProduction 4 роки тому +2

    Bhuhut bhal lagil. Kobita tu bor bhal hoise. Xosake bhal lagi gol.
    Apuni mur channel tu nishyoi sabo. Moi kobita lekhu. Mur notun channel hoi. Support koribo 😊

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  4 роки тому

      আন্তৰিক ধন্যবাদ জনালোঁ। নিশ্চয় চাম।

  • @rahidashajonghajong962
    @rahidashajonghajong962 2 роки тому

    333

  • @dhirendeka04
    @dhirendeka04 Рік тому

    এবাৰ নেযাবা এবাৰ নাযাব এইবোৰ কবিতাত কিহৰ ভাষাৰ খেলা ?

  • @mriduladas5527
    @mriduladas5527 Рік тому

    কিছুমান বাটৰ কুকিৰনিৰ মুখৰ বিজাল বাটট পৰি থাকিলেও চৰায়ে তাত মুখ নলগাায়

  • @mriduladas5527
    @mriduladas5527 Рік тому

    কুকুৰৰ নেজ চিধা নহয় কিতাও

  • @itsnarjumbegum
    @itsnarjumbegum 4 роки тому +1

    ঢৌ শব্দটো ভূল হৈছে।

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  4 роки тому +2

      মই জনাত 'ঢউ' আৰু 'ঢৌ' দুয়োটায়ে শুদ্ধ।

    • @bhesojbaruah8725
      @bhesojbaruah8725 4 роки тому

      হয় !
      কবিয়ে ছন্দ্ব মিলাবলৈ তেনেকৈ লিখে !
      চতুষ্পদী কবিতাৰ সৃষ্টি কৰিবলৈ .... !