Anamika, Hem Boruah, অনামিকা, হেম বৰুৱা Assamese famous poem

Поділитися
Вставка
  • Опубліковано 5 січ 2019
  • কবিতা- অনামিকা
    কবি- হেম বৰুৱা
    পাঠ- প্ৰৱাল গোস্বামী
    #assamesepoem
    #hemboruahpoem
    "অনামিকা"
    নিয়ৰ টোপালে এটি এটি কৈ
    চুই যোৱা দুবৰিডৰাৰ শেৱালিৰ স'তে,
    আহিছিলা তুমি, কোনো এক নিৰ্জন পুৱাতে।
    পৃথিৱীখন তেতিয়া নিতাল মাৰি শুই আছিল।
    সকলো নিমাত, তুমি, ভাষাহীন এলানি পোহৰ।
    মোৰ মনৰ অবাঙ্ময় কথাবোৰ, সেইবোৰো শুই আছিল,
    কেতেকী ফুলৰ আমোল-মোলোৱা গোন্ধৰ বুকুত,
    এলেহুৱা ফেটী সাপ এটা নিতাল মাৰি
    শুই থকাৰ দৰেই। তাৰ চকু দুটা একোটা জোনাকী পৰুৱা।
    মই নিস্তব্ধ, নিৰ্বাক। তুমি? তুমি বাৰু কি?
    সেইদিনা অনুচ্চাৰিত ভাষাৰ বহু সোঁত বৈ গ'ল,
    মোৰ নিমগ্ন চেতনাৰ পথাৰ ভেদি। কামৰূপীয়া বানপানী।
    বহু কথা কোৱা হ'ল শেষ।
    এতিয়াও বহু আছে বাকী।
    তোমাৰ জীৱনৰ পথ, মোৰ বাবে অচিনাকী।
    এক উত্তৰ বিচাৰি নোপোৱা জটিল সাঁথৰ।
    আৰু মোৰ পথ,__ ইমান গভীৰ আৰু ইমান তন্ময়,
    তুমি জানো চিনিব পাৰিবা? তুমি ভাই বুজিব নোৱাৰা।
    আমাৰ এই অচিনাকী পথঃ
    অপৰিচিত দুয়ো বাট বুলি বুলি,
    হঠাতে এদিন কোনো এক বাটৰ কেঁকুৰিত
    তুমি চিনি পালা মোক। মই চিনিলোঁ তোমাক।
    উচাপ খাই আমি দুয়ো স্তব্ধ হৈ গ'লো
    মৰমৰ খৰস্ৰোতা নৈ শিলনি বগাই বৈ গ'ল।
    বহু কথা কোৱা হ'ল শেষ।
    এতিয়াও বহু কথা আছে বাকী।
    তুমি কিয় শুনিব নোখোজা?
    মোৰ চকুৰ পতাত সেইবোৰ কথাঃ
    এবাৰ মাথোন শুনা, আছে একেধাৰে লেখা।
    তুমি বুজিকে নোপোৱা। তুমি অনাখৰী।
    মই কিন্তু জানো, এটা কথা জানো,
    খুব নিয়াৰিকৈঃ
    চকুৰ পতাত মোৰ বুকুৰ মৰমবোৰ,
    কষটি শিলৰ সোণোৱালী ৰেখা হৈ আছে।
    চম্পাকলি, কিমান যে নাম সাজি, মাতিছো তোমাক।
    বহু কথা কোৱা হ'ল শেষঃ
    এতিয়াও বহু কথা আছে বাকী, এখন বহল সাগৰ,
    তাৰ দিগন্ত চকুৰে নালাগে,
    মনেৰেও তুমি জানো মনিব পাৰিবা?

КОМЕНТАРІ • 29

  • @Priyankul
    @Priyankul 2 роки тому +1

    ♥️

  • @bhabeshmedhi9963
    @bhabeshmedhi9963 Рік тому +1

    কবিতাটো শুনি অতিশয় আনন্দিত হ'লো ।

  • @prasantagoswami1477
    @prasantagoswami1477 3 роки тому +1

    বৰ সুন্দৰ আবৃত্তি।

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  3 роки тому

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে।

  • @kuntalahandique224
    @kuntalahandique224 Рік тому +1

    বৰ ভাল আবৃত্তি কৰিছে। আপোনাৰ কণ্ঠত আৰু কবিতা শুনিবলৈ ৰৈ আছোঁ।

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  Рік тому

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে।

  • @monidiparajkhowa4414
    @monidiparajkhowa4414 Рік тому +1

    বৰ সুন্দৰ। ভাল লাগিল।

  • @bibidha2257
    @bibidha2257 4 роки тому +1

    সুন্দৰ

  • @manikarabha3787
    @manikarabha3787 Рік тому +1

    Val lagil.

  • @a.b.7630
    @a.b.7630 5 років тому +1

    অতি সুন্দৰ ।অতি শিহৰণকাৰী আবৃত্তি ।শুনি এক অজানা অনুভৱে খুন্দিয়ালে..... আৰু প্ৰয়োজন অসমীয়া কবিসকলক অমৰ কৰি ৰাখিব পৰা এনে কবিতা .....।।

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  5 років тому

      আমাৰ চেনেললৈ আহি কবিতা শুনাৰ বাবে আন্তৰিক ধন্যবাদ নিবেদিলোঁ। অসমীয়া কবিতাৰ চিৰনমস্য কবিসকলৰ কবিতাসমুহক নৱপ্ৰজন্মৰ অধিক কাষ চপাবলৈ কৰা আমাৰ এই নম্ৰ প্ৰয়াস। আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে।

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 роки тому +1

    হেম বৰুৱাৰ চিৰসেউজ কবিতা "অনামিকা"ৰোমান্টিক ভাবধাৰাৰ কবিতাটি আপুনি অনুভৱী কন্ঠেৰে শ্ৰোতাৰ আগত তুলি ধৰিবলৈ সক্ষম হৈছে।কবিতাটিৰ আবৃত্তি শুনি অতিশয় আনন্দিত হলোঁ।

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  2 роки тому

      আন্তৰিক ধন্যবাদ জনালোঁ। মন্তব্যয়ে সুখী কৰিলে।

  • @manabdas3667
    @manabdas3667 5 років тому +1

    ধুনীয়া !

  • @someguy1653
    @someguy1653 4 роки тому +1

    Bor dhuniya kobita aru bor bhal recitation.

  • @pranjalpratimdas2482
    @pranjalpratimdas2482 5 років тому +1

    খুব সুন্দৰ 💕

  • @simibhagawatibhagawati3399
    @simibhagawatibhagawati3399 5 років тому +1

    ভাল লাগিল💜❤

  • @haridas2055
    @haridas2055 3 роки тому +1

    Nice

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  3 роки тому +1

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে।