মেম, এদিন আপুনি এটি সাক্ষাৎকাৰত কথা প্ৰসংগত কৈছিল যে আপোনাৰ গান চবেই নুশুনে, হয়তো ১০ জনৰ ২ জনে শুনে। কোনে শুনে বা কোনে নুশুনে তাক লৈ একো ক'বলৈ নাযাওঁ। কিন্তু আপুনি সেই ২ জনৰ বাবে গান কৰিবই লাগিব... আপোনাৰ এই ধৰণৰ গানবোৰৰ বাবেই আমি ৰৈ থাকোঁ।
I still remember, 3rd November 2017. I was hosting you on behalf of my workplace at our annual function. Apuni green room ot mur logot bohi thakute muk koisile, "Amar manuhe bhal gaan xodai xunibo. Instant fame ot koi monot roi juwa gaan or besi dorkar". Apunar Mukoli r pora Henguliya loi, Ahiba Tumi r pora Matilei Nami oha Junak oloi, protyek tu gaan ei monot roi juwa. You'll always be the finest and best of today's time, and in the near future Tarali ba.
মেম, এদিন আপুনি এটি সাক্ষাৎকাৰত কথা প্ৰসংগত কৈছিল যে আপোনাৰ গান চবেই নুশুনে, হয়তো ১০ জনৰ ২ জনে শুনে। কোনে শুনে বা কোনে নুশুনে তাক লৈ একো ক'বলৈ নাযাওঁ। কিন্তু আপুনি সেই ২ জনৰ বাবে গান কৰিবই লাগিব... আপোনাৰ এই ধৰণৰ গানবোৰৰ বাবেই আমি ৰৈ থাকোঁ।
মই শুনো তেখেতৰ গান
Bohut val paw tarali ma'am r gaan...❤️❤️
মনৰ কথা কৈছে।
Mnr kotha❤
সেই দুজনৰ ভিতৰত অন্যতম এজন মই
তোমাৰ গান যেতিয়াই আমাৰ ঘৰত বাজে,তেতিয়াই মোক ঘৰত সকলোৱে চিঞৰি কয়, ঐ তোৰ বাৰ গান বাজিছে। সঁচাকে বা দিনটোত এবাৰ তোমাৰ গান শুনিলে হে চোন মোৰ মনটোৱে শান্তি পায়। যতেই তোমাৰ গান বাজে তাতেই থমকি ৰওঁ,তোমাৰ গানৰ সুৰত সোমাই পৰো।
আজিৰ ল'ৰা ছোৱালীয়ে আপোনাৰ গান শুনে মানে বা আপুনি সঁচাকৈয়ে এগৰাকী সংগীতৰ সফল সাধক❤🥰
"লৈ যাবা নে মোক তোমাৰ সৰু পৃথিৱীলৈ,
য'ত তুমি মই হেৰাই যাম এজাক জোনাকীক লৈ।"
বাক্যশাৰী ইমান ভাল লগা।❤
Sachai nice line
তৰালী বাৰ এই গীতটো মই 300 বাৰৰ ওপৰত শুনিছোঁ কিন্তু প্ৰত্যেক বাৰতে কিবা নতুন সোৱাদ পাওঁ, বিশেষকৈ অন্তৰাটো উফ....গোসাঁনী মা নমস্কাৰ ।
আপোনাক দেখিলেই মোৰ হৃদয় শ্রদ্ধাৰে ভৰি পৰে। এগৰাকী আদৰ্শ গায়িকা হিচাপে আপোনি সদায় অসমীয়াৰ মনে প্রাণে জীয়াই থাকিব। এনেদৰে গান গাই যাওক বাইদেউ।
অপূৰ্ব 👏🏻
এয়াহে গান 💖
অলেখ শুভ কামনা গোসাঁনী মাঁ 🌼🌸🙏🏻
গীতটিয়ে শ্ৰোতা ৰাইজৰ হৃদয়ত বাস কৰক ❤️❤️
মোৰ হৃদয় চুই গ'ল । অতি হৃদয় স্পৰ্শী কথা । এয়া সপোনবোৰৰ, হেঁপাহবোৰৰ এক আধৰুৱা পৰিসমাপ্তিৰ বিৰহ গাঠা ।
সদৌ শেষত, আপোনাৰ মৰমৰ পৰশ পোৱা প্ৰতিটো সৃষ্টি এনেদৰেই যুগমীয়া হওক ❤️❤️❤️
Heart touching 💓💓💓
দায়িত্ব আমাৰ কোনবোৰ গানক আচলতে আমি জনপ্ৰিয় কৰিব পাৰো। This song deserves much more reach ...No doubt Tarali ba "Nightingale of Northeast"
আমাৰ অসম মুলুকত Taxi wala , Auto wala শুনি ভাল পোৱা মানুহৰ সংখ্যাহে বেছি।
Mod khai nosabur
Texi Wala , buka buka , disco ভন্টি শুনা লোক সকলে কি বুজি পাব
Zublee nightingale of NE
অন্তৰ চুই যোৱা সুন্দৰ গীত । ইমান ধুনীয়া সংগীত ব্যৱস্থাপনা, গীতৰ সুৰ আৰু কথা তৰালী বাৰ দৰদী কন্ঠত প্ৰাণ পাই উঠিছে ।
সকলো শিল্পীৰে একো একোটা আকৃতি থাকে । সেয়ে তৰালী শৰ্মাও তৰালী শৰ্মা হৈয়ে থাকিব , একক আৰু অনন্য হৈ ।❤
Yes ok
হয়
তৰালী শৰ্মা বাইদেউৰ মাতত সচাঁকৈয়ে এক সুকীয়া গাম্ভীৰ্য্যতা লুকাই আছে......তেখেতৰ গীত যিসকলে প্ৰথম শুনে আজীৱন তেওঁ বাইদেউক পাহৰিব নোৱাৰা অনুৰাগী হৈ পৰে।তেখেতৰ গীত বোৰত যেন আমাৰ জীৱনৰ কিছুমান পাহৰিব নোৱাৰা স্বৰ্ণিল বাস্তৱ ;যেনে দুখ-সুখ,বিৰহ-আনন্দ আদি প্ৰস্ফুটিত হৈ থকা যেন লাগে। তৰালী ma'am আপুনি মহান❤
তুমি গানৰ প্ৰকৃত প্ৰেমিক তেতিয়া হে যেতিয়া দীপলিনা ৰ গান শুনিবলৈ এৰি তৰালি বাইদেউৰ গান শুনিবলৈ লবা।
Yes , আমি জুবিন দা , বিপিন চাউদাঙ দা আৰু তৰালি বা তেওঁলোকৰ গান সমূহত নিজক বিচাৰি পাওঁ.... বৰ্তমানৰ গায়ক বিলাকৰ গান বোৰত আমোদ হে পাওঁ কিন্তু অন্তৰ চুই নাজায়
Right
@@bhabitakalita3588 থিক কথা কৈছা তুমি
সছা কথা
Right
কি আচৰিত কন্ঠৰ অধিকাৰী আপুনি!! শিয়ঁৰি উঠো । প্ৰতিবাৰেই।💙💙💙💙💙💙💙💙💙💙💙
muru
Apuni kole mat huni kur hol sai sihoron
ua-cam.com/video/YcXe4hPGSB8/v-deo.html
সচাই আচৰিত 🤗
Yeahh....
গীতিৰ শব্দ আৰু সুৰে হৃদয় চুই গ'ল,সচাঁই গীতটি বাৰে বাৰে শুনি থাকিলে আমণি নালাগে,গীতটি এক সুন্দৰ অনুভূতিৰ প্ৰকাশ ঘটিছে।।
অপূৰ্ব!অনন্য! কিমানদিনৰ পাছত এনে এটা গীত শুনিবলৈ পালো! ধন্যবাদ তৰালীবা!💗💗💗
তৰালি বা ৰ প্ৰতিটো গানেই হৃদয়স্পৰ্শী ❤
হেঁপাহেৰে ৰৈ থকা এটি সুন্দৰ গীত----
অভিনন্দন তৰালী বা। তোমাৰ সকলোবোৰ গীতেই মোৰ প্ৰিয়, কিন্তু এইটো কিছু সুকীয়া, ক'বনোৱাৰাকৈয়েই বুকুত সোমাই গ'ল গীতটো -সকলোৰে অনুভূতিবোৰ যেন প্ৰতিটো শব্দই কৈ গৈছে-----
"বাউলী কিয়যে মোৰ --সময়বোৰ তোমাতেই ৰ'ল
তুমি অবিহনে নোৱাৰো জীয়াব মই------
Chake bouli kio je mur samoi bor tumatei roi tumi abihone noaru jiabo moi hrt touching line
বৰ্ষশ্ৰেষ্ঠ ভিডিঅ বাইদেউ..
ইমান ভাল লাগিল কনচেপটো ধুনীয়া .
কন্ঠত সৰস্বতী বিৰাজ কৰি আছে..
আশা কৰো গীতটো সকলোৱে আকোৱালি লৱ ..
মোৰ মন চুই গৈছে..
টিমৰ আটাইলৈ অভিনন্দন ..আগলৈ শুভ কামনা থাকিল বা❤❤❤❤
*শব্দ আৰু সুৰৰ মায়াজাল, অপূৰ্ব সংগীত* ❤🙏
অস্থিৰ মন স্থিৰ কৰিব পৰা এটা শক্তি আছে আপোনাৰ কণ্ঠত।আপুনি অসমৰ গৌৰৱ🙏❤️
যিমানবাৰ শুনিছো প্ৰতিবাৰেই আৱেগিক হৈ উঠিছোঁ ।প্ৰতিটো শব্দই যেন বুকুৰ গভীৰতাত শিপাই গৈ উশাহৰ বাট বুলিছে❤️❤️
।। অনন্য ৰচনা।। অনবদ্য সংগীত।। সুৰ-কণ্ঠৰ অপূৰ্ব চয়ন।। চেল্যুট।।
গীতটো শুনি হঠাতে দুধাৰি বৈ আহিল। কিয় নাজানো।বহুত ভাল লাগিল তৰালী বা।🙏🙏
হাজাৰ বাৰ শুনিলেও আমনি নলগা এটি শ্ৰুতিমধুৰ গীত, যিমানেই শুনিছোঁ, আকৌ শুনিব লৈ মন গৈ থাকে,আপোনাৰ কণ্ঠত আচৰিত শক্তি আছে, বা আগলৈও এনেদৰে আমাক আপোনাৰ গানবোৰ উপহাৰ দি যাব বুলি আশা কৰিলোঁ...শুভেচ্ছা আৰু শুভকামনা থাকিল আগন্তুক প্ৰতিটো গানৰ লৈ।
কিমানবাৰ যে শুনিছোঁ ! হেঁপাহেই নপলায় আপোনাৰ কণ্ঠ শুনি ❤❤❤
শুনিয়েই থাকোঁ,শুনিয়েই থাকোঁ...তৰালী বা সদায়েই অনন্য, চিৰসেউজ 🍃💚
ক'বলৈ ভাষা নাই। মাথো এষাৰেই ক'ম....ভাল পাওঁ আপোনাক তৰালি বা। বুকুত আছে আপুনি সদায়। বহুত বহুত শ্ৰদ্ধা আৰু মৰম❤️❤️
সঁচা অৰ্থত এইয়া গানৰ মহিমা খুব সুন্দৰ কণ্ঠ.... সকলোৱে share কৰা উচিত.... ধন্যবাদ তৰালী বাইদেউ ইমান ধুনীয়া কণ্ঠ
আপোনাৰ কন্ঠৰ ৰে নিগৰোৱা সকলোবোৰ গানে ইমান মিঠা সচাই অভিনব অপূৰ্ব অময়া আপোনাৰ কন্ঠ ।সচাকৈ ভাল লাগি গল বা সন্ধিয়া ডুবিব খোজা ৰঙা বেলিটিও আজি থমকি ৰল জুৰিটিৰ কুলু কুলু শব্দই আজি লাজতে স্তব্ধ হৈ ৰল প্ৰত্যেক টো গীতেই যেন অনুভৱৰ পৃষ্ঠা বোৰ লুটিয়াই দিয়ে ইমান ৰসাল ইমান আবেগময় চুই যাই হৃদয়ৰ দুৱাৰ দলি আপোনালৈ শুভ কামনা বা
Heart touching song n video ❣️😢 Bohut Bohut vl lagile ❤️❤️👍
ইমান সুন্দৰ ইমান সুন্দৰ কন্ঠ। বাইদেউ আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ
ইমানেই ধুনীয়া লাগিল, সঁচা তৰালীবা আপোনাৰ কণ্ঠ সুকীয়া, একেদৰে গীতৰ সুৰ, কথা সকলোবিলাক সুকীয়া, মন চুই যোৱা।❤️❤️❤️❤️
বহুত দিনৰ মূৰত এটি হৃদয় স্পৰ্শী গান শুনিলো... ভাল লাগিল । এনেদৰেই যাতে আপুনি সুন্দৰ গীতবোৰ উপহাৰ দিয়ে তাকে কামনা কৰিলো ।
Bht val lgil dai Baa.. Xundar. Najanu kio gan to mor babe bht priya hoi....
I still remember, 3rd November 2017. I was hosting you on behalf of my workplace at our annual function. Apuni green room ot mur logot bohi thakute muk koisile, "Amar manuhe bhal gaan xodai xunibo. Instant fame ot koi monot roi juwa gaan or besi dorkar". Apunar Mukoli r pora Henguliya loi, Ahiba Tumi r pora Matilei Nami oha Junak oloi, protyek tu gaan ei monot roi juwa. You'll always be the finest and best of today's time, and in the near future Tarali ba.
Xobdo bihin.... Kolija sui jua geet.... Tarali sharma is tarali sharma...... U r great forever
ক'বলৈ ভাষা নাই বাইদেউ। কান্দি দিলো। কি আচৰিত কণ্ঠ,শব্দ আৰু ভিডিঅ'।
মন চুই গ'ল❤️❤️❤️❤️
উফ্! কান্দি দিলো অ’৷ কি হৃদয় চুই যোৱা গান!তৰালী বা just Hats off👍
হৃদয়স্পৰ্শী৷ কথাখিনি,ষ্ট'ৰীলাইনটোৱে কৰবাত বুকুখন খুন্দিয়াই থৈ গ'ল৷ বুবু দায়ে এটা গান লৈ আপোনাৰ ওচৰলৈ লৈ গৈছিল৷ কিবা কিবি কাৰণত ৰৈ গ'ল… বুবু দা আতৰি যোৱা একবছৰেই হ'ল৷ আজি আকৌ চকুপানী ওলাই গ'ল গানটো শুনি- দেখি৷
"গানটো কৰিম তৰালী বা"
দাদা আপোনাৰ লিখনি বোৰ ভাল লাগে
@@novellake7527 মোকে কৈছা নে?
@@HarmonyVerseCreations অ দাদা আপোনাকে কৈছো ভাল লাগে আপোনাৰ লিখনি বোৰ সুব সাবলীল ভাবে মন গহনৰ ভাব বোৰ প্ৰকাশ কৰি লিখে
@@novellake7527 ধন্যবাদ জনালোঁ৷
@@HarmonyVerseCreations আপোনাক চেঁচা কুঁৱলীৰ পৰেশেৰে আদৰনি জনাইছোঁ
বহুবোৰ গান শুনি থাকিলেও কিন্তু নিৰ্দিষ্ট একোটা গানে আমাৰ বুকুত জোৱাৰ তুলি যায়.. গাৰ নোম শিয়ৰি আহে..বাইদেউ আপোনাৰ মাত আৰু গান শুনিলে সচাঁকৈ কি সোৱাদ লাগে.. ইমান মিঠা❤
গানৰ কথা আৰু সুৰ...কি যে মনোমোহা!!
Hridoy sui goise gaan ti huni....❤❤
শিয়ঁৰী উথিছো... জীৱনৰ গান❤❤❤
এটি মনপৰশা গীত আৰু হৃদয় উথলি উঠা প্ৰতিচ্ছবি।তৰালি শৰ্মা আপোনালৈ বহুত বহুত শুভেচ্ছা যাচিলো। আগলৈও সুন্দৰ গীত শুনাৰ আশা পুহি ৰাখিছোঁ।
আগতে আপোনাৰ গান শুনিছিলো , tv ত কথা কোৱা দেখিছিলো কালি কটন উনিভাৰ্চিটি ত আপোনাক সন্মুখত পাই আপোনাৰ কথা শুনি বৰ ভাল পালো ,ভালে থাকক বা
হয় বা আপুনি সদায় জিলিকি থাকক।
toraki baa r gan val lge. nija gaan buli nhy okl
tarali baa agr pray fev..... ❤❤ 8:22 mr soku pani ulai goise, heart touching baa❤❤
এয়া ভগৱানৰ আশীৰ্বাদ যাক আমি পাইছোঁ❤️❤️❤️❤️❤️❤️I love you torali baaa❤❤❤❤
হৃদয়ত চুই গল অ তৰালী বা 🔥🔥🔥💖💖💖💖💖💖💖🥀🥀🥀🥀🥀
উফ! কি কম ইমান সুন্দৰ! বা আপোনাৰ কণ্ঠৰ সদায় প্ৰেমত পৰো। এইবাৰ যেন অলপ বেছিকৈয়ে পৰিলো। ❤️🔥
ইমান ধুনীয়াকৈ কাহিনী টো সংযোজন হৈছে গানৰ লগত ,,, সঁচাই ❤️🙏🏿❤️
💚💜💖👌👌👌 অপূৰ্ব অনন্য অনন্য বা। কিমানবাৰ যে শুনিছোঁ.... তথাপি হেঁপাহ নপলাই। গীতৰ শব্দ, কণ্ঠ, পৰিকল্পনা, পৰিচালনা সকলো অপূৰ্ব 💖👌👌। সহস্ৰ প্ৰণাম তথা সকলোলৈ গভীৰ অভিনন্দন জনালোঁ।।
Uff . Baa ..
শুনি থাকিলে শুনি থাকিবলৈ মন যায় । ❤
চকু পানী ৰখাব নোৱাৰিলোঁ, কি সুন্দৰ গীত, প্ৰতিটো শব্দ, প্ৰতিটো অনুভৱ, হৃদয় চুই গৈছে,
সদায় প্ৰিয় , মোৰ শেষ উশাহলৈকে কামনা কৰিম আপোনাৰ গীত যেন শুনি থাকিবলৈ পাওঁ,,,
অদৃশ্যজনৰ ওচৰত আপোনাৰ কুশল কামনা চিৰদিন আছে আৰু আজীৱন থাকিব,, এটাই দূৰ্বাৰ হেঁপাহ আৰু শেষ আশা আছে মাথো এটি বাৰ আপোনাৰ চৰণ চুবলৈ পোৱাটো....
বহুত বহুত চেনেহ শ্ৰদ্ধা জনালোঁ....
কি কন্ঠ ,আপ্লুত হৈ উঠে মন প্ৰাণ । ধন্যবাদ বা ইমান ধুনীয়া গীতটিৰ বাবে😍😍 বহুত বহুত মৰম থাকিল দেই
Best lyrics best music best voice .. overall a perfect heart touching song i have ever listened.. Tarali baa.. love you and god bless you..❤❤❤❤❤❤
ভাষা নাই নিজৰ অনুভূতি খিনি প্ৰকাশ কৰাৰ, কি এক সুন্দৰ কণ্ঠ, গীত আৰু সংগীতৰ এক সুন্দৰ নিদৰ্শন, অশেষ মৰম আৰু শুভ কামনা সদায় থাকিব বাইদেউ আপোনালৈ। লগতে অসমীয়া বোলছবি " অনুৰ " আপুনি যি সংগীত সৃষ্টি কৰিছে সঁচাই এক অনন্য মাত্ৰা দিছে ছবি খনক।
এইবোৰ গানে অন্তৰ চুই যায়, দেহত কম্পন ৰ সৃষ্টি কৰে। ❤❤❤❤❤❤my favourite Tarali Baa🥰🥰🥰
মৌ মিঠা মাত, মন পৰশা গীত হ্নদয় স্পশী কাহিনী তিলোতমাৰ আবিৰ্ভাৱ
গীতটি দিনত এবাৰমান নুশুনিলেচোন ভালেই নালাগে , প্ৰতিটো গীতেই হৃদয়স্পৰ্শী ❤❤
আপোনাৰ প্ৰতিটো গানেই অন্তৰত ঝংকাৰ তোলে.........
আপোনাক অশেষ ধন্যবাদ.....
যি গানৰ কথা বুজি পায় সি আপোনাৰ গান শুনিবই তৰা বা।
অতি সুন্দৰ । হৃদয়স্পৰ্শী। আপোনাৰ গীতৰ প্ৰতিটো ভি.ডি.অ.ই শ্ৰোতাৰ মনত দোলা দি যায়। প্ৰতিটো গীতৰ মাজত বিচাৰি পাওঁ এক সুকীয়া সত্বা।
"ঠেৰেঙা বুকুত হেৰুৱা অতীত"🌻
ভাষা নাই:)🥺❤
Thank you so much Ma'm for delivering us this soulful and touching song🎵🎵🎵. Always and forever will keep loving you and your works! 😌
সচাঁকে এটা অতি হৃদয়স্পর্শী গান। নিজৰ চকুপানী খিনিক বাধা দিব নোৱাৰিলো। বহুত মৰম বা আপোনালৈ❤❤
বা আপোনাক 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏❤️❤️🙏❤️🙏❤️🙏 সুন্দৰ কথা সুন্দৰ concept লগতে আপোনাৰ voice ❤️
ধুনীয়া, মন চুই গৈছে 😍😍
From ojantric
আপোনাৰ ১০জনৰ ভিতৰত থকা ২জনৰ মই এজন 😌🌿💚
আৰু আনজন হৈছে মই
@@GitikaMoran-u4m আপোনাৰ প্ৰিয় কোনটো;?
😊😊😊😊😊😊😊😊😊p😊p😊
😊
হেৰাই গ'লো আপোনাৰ সুৰৰ আৰু কণ্ঠৰ মায়াজালত..আকৌ এবাৰ... তৰালি বা... I love you ❤️❤️❤️❤️❤️❤️❤️❤️
কি আচৰিত কণ্ঠ !!! সুন্দৰ শব্দ আৰু কণ্ঠৰ সমাহাৰে এক অনন্য মাত্ৰা প্ৰদান কৰিছে গীতটোক।
অহ অন্তৰ কুৰুকি গ'ল। ইমান ধুনীয়া ধাৰনা লৈ কি ধুনীয়া গীত তৰালি শৰ্মা বাইদেউ। নমন🙏🙏
Hklot koi priyo apuni ❤
আস্... মন ভৰি গ'ল ❤ what a lyrics ! what a voice ma'am ! what a concept...❤
O karabi ba...gaantu bohut val lagil noh❤️❤️
Great song and work by a great artist 😍❤️ spectacular composition with lots of emotion
মোৰ প্ৰিয় ব্যক্তিৰ Caller Tune ❤❤
বহুত ভাল পাওঁ এই গীতটিক
😢it such a heart touching..
Apunar gaan bur buku khundiyai jai....bor bhal lagie
Kandi disu aponar geet r concept and voice t Torali Mem. Really its a heart touching song.
বহুত মৰম আপোনালৈ...❤️❤️অলেখ অযুত শুভ কামনা🙏🙏💖 আপোনাৰ গান আপোনাৰ কথাই আমাক প্ৰেৰণা যোগাই❤️
বা আপোনাৰ মাত আৰু ব্যক্তিত্ব ই মোৰ বাবে সৰুৰে পৰা আজিলৈ অনুপ্ৰেৰণা হৈ আহিছে,তাৰোপৰি মোৰ মায়ে সদায় আপোনাৰ গান শুনি আপোনাৰ পৰা সদায় কিবা হলেও নতুন নতুন কথা শিকিবলৈ কয়,আৰু আপোনাৰ দৰে হবলৈ কয়...আৰু সঁচাকৈ আপোনাৰ মাত ত এনে এক আবেগ আছে যিয়ে সদায় মোৰ অন্তৰ স্পৰ্শ কৰে...!যি নহওঁক আপোনাক মই সপ্তম মান শ্ৰেণীত পঢ়ি থাকোঁতেই গীতৰ এক অনুষ্ঠানত লগ পোৱা,আপুনি গোৱা অনুষ্ঠানত মই ও গীত গাবলৈ গৈছিলো(ঠাই - চেচা(হাজো) ,সেই আপোনাৰ লগত তোলা ফটো খন এতিয়াও মোৰ দ্ৰৱিং ৰোমৰ আলমিৰাত সযতনে ৰাখিছোঁ।এতিয়া বাৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা(২০২১) স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিলোঁ।
শেষত আপোনাৰ সু স্বাস্থ্য কামনা কৰিলো,আগলৈ বহুত ভাল ভাল কাম কৰি যাওক,শুভেচ্ছা💐💐
#Taralisharma ❤️❤️❤️
I literally cried. 😭😭❤️
Lyrics , composition & the concept was amazing...🙂
বহুত সৰুৰ পৰা আপোনাৰ গান শুনি আহিছো, আজিও একেই মিঠা অনুভৱবোৰ পাও। আপুনি বৰ আদৰ্শৰ ।❤ ইন্ষ্টাৰ ৰিল্ছৰ সলনি আপোনাৰ গানে এক মানসিক শান্তি দিয়ে। 😊😊
বহুত ভাল লাগিলে বা.... হৃদয় চুই গ'ল .....💚💚💚💚💚💚💚
আপোনাৰ কণ্ঠত মুগ্ধ হৈ যাও , আপোনাৰ সঙ্গীতৰ মধুৰ সুৰত 😊। আপোনাৰ নতুন নতুন সঙ্গীতৰ বাবে সদায় অপেক্ষাত থাকিম 😇
Best female singer of Assam😍😍😍🙏🙏
Lyrics in Assamese:
মাতিলেই নামি অহা জোনাক সিঁচি দিওঁ গুপুতে মই তোমাক যি কথা বতাহে কঢ়িয়াব নোৱাৰে যি কথা আকাশে খুলি বুজাব নোৱাৰে কুৰুকি কুৰুকি খান্দি যোৱা বিষ ঠেৰেঙা বুকুত হেৰুৱাও দিশ আজি কওঁ শুনা মই আজি কওঁ শুনা তোমাকেই তোমাৰেই কথা মই তোমাতেই তুমি শেষ আকুলতা
বাউলী কিয় যে মোৰ সময়বোৰ তোমাতে নয় তুমি অবিহনে নোৱাৰো জীয়াব মই ফল্গু দুখৰ মেৰুত বৰষুণ এজাক হৈ কৰাচোন শীতল এই পিয়াসীৰ হৃদয়
লৈ যাবানে মোক
লৈ যাবানে মোক তোমাৰ সৰু পৃথিৱীলৈ
য'ত তুমি মই
য'ত তুমি মই হেৰাই যাম এজাক জোনাকীক লৈ.
Apuniu kom nhoi mam ❤ .. Apunar personality great 👏👍👍👍❤❤❤❤ ru bohut kotha kobo mon jai apunar bixoe.. Kintu kuar proyuijon nai.. Xai kotha bur apunar ganor jugedie xokolue gom pai ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
দিনটোৰ ব্যস্ততাৰ পিছত আপোনাৰ গান এটি নুশুনিলে কিবা আধৰুৱা আধৰুৱা লগা হৈছে তৰালী বা ,,,
তৰালী শৰ্মাক ভালপাওঁ৷ ঢৌত উটি যোৱাবিধৰ নহয় তৰালী শৰ্মা৷ কৰি যাওক এনেকৈয়ে কামবোৰ৷ শুভ ইচ্ছা বা৷
Hoi
Masterpiece ♥️
My all time favourite Assamese singer. Loads and loads of love at Tarali Baa
গানৰ প্ৰতি মোৰ সামান্য জ্ঞানো নাই। কিন্তু আপোনাৰ এনেবোৰ গানে এক সুকীয়া ঠাই লয়।। ধন্যবাদ এনে ধুনীয়ায়া, সুৰীয়া, মন চুই যোৱা সৃষ্টিৰ বাবে।। আগলৈ আৰু এনে সৃষ্টি আপোনাৰ পৰা পাম বুলি আশা ৰাখিলোঁ
Apunr geety jiai thokar prerona diye oo tarali baa....you are ultimate
বা কি ক’ম ভাষা নাই❤️বহুত ডাঙৰ অনুৰাগী আপোনাৰ,জীৱনত এবাৰ ইচ্ছা আছে আপোনাৰ লগত কাম কৰাৰ❤️
উফ .. এনেকুৱা composition মাথো তৰালী বায়েহে কৰিব পাৰে ...!!
video টিৰ কিছুমান দৃশ্যই চকু সেমেকালে... 4:28
জোনাকে হয়টো মধ্যবিত্ত পৰিয়ালৰ প্ৰতিজন শিল্পীকেই প্ৰতিনিধিত্ব কৰিছে .... !
গীতটিৰ লগত জড়িত প্ৰতিজন শিল্পীলৈ অযুত মৰম যাচিলো 💙
Spectacular composition, awesome singing. Splendidly executed video
অনন্য আৰু একক। সঙ্গীতেই পৰিৱেশ সৃষ্টি কৰিছে। সুৰ,শব্দৰ মায়াজালে শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি ৰাখিছে।
অতুলনীয় ... হৃদয় ভেদি যোৱা এটি গীত
I just love the way you sing...thank you so much ma'am for this outstanding work
হৃদয়স্পর্শী ❤
বহুত মৰম আপোনালৈ বা ❤❤
The smoothness of the voice is out of this world!! Eman dhuniya gai apuni baa! Thank you for existing in the world of singing!
যি গান শুনি নভাগৰো, যি সুৰে দেহত প্ৰেমৰ ঢৌ তোলে, যাৰ কণ্ঠত সৰস্বতী মা বিৰাজমান... তেওঁৱেই তৰালী বাইদেউ... বহুত বহুত শুভকামনা...যুগ যোগান্তৰলৈ বৈ যাওক আপোনাৰ কণ্ঠৰ নিজৰা...
বেলেগ আজিকালিৰ ফকতীয়া কেতাতকে অলপ পৃথক.. আপুনি এনেকুৱা গান আমাক উপহাৰ দি যাওক তৰালী বা 🙏