অসমীয়া কবিতা
Вставка
- Опубліковано 5 лют 2025
- অসমীয়া কবিতা চিৰ চেনেহী//Assamese poem Siro Senehi//
চিৰ চেনেহী
(অসমীয়া কবিতা)
ৰচনাঃ জিতু এম. তালুকদাৰ ।।
মোৰ পৃথিৱী,
মোৰ হেঁপাহৰ...
মোৰ অৱেগৰ, মোৰ চেনেহৰ
প্ৰতি উশাহৰ
শোণিতৰ কোঁহে-কোঁহে বৈ থকা
বহু যুগ যুগৰ প্ৰহৰী...
মোৰ সৃষ্টি নহয় বাৰিষাৰ বৃষ্টি
উটি যাব নিদিও বান্ধি ৰাখিম
হেৰাব নিদিও যতনে ৰাখিম
ধুমুহাক মলয়াৰ ৰূপ দিম...
পৃথিৱীখন সেউজীয়া কৰিম
মালিনীয়ে হাঁহিব...
ৰঙত উতলা হ'ব ফাগুনী মন;
প্ৰাণ পাই উঠিব কৃশ চৌপাশ ।।
আশাৰ বতৰা লৈ আহিব ব'হাগ...
নতুন ৰঙত জিলিকি উঠিব...
ধুনীয়া ব'হাগী সুগঢ়ী পৃথিৱী
দেখিলেই ৰ লগা...
মুগ্ধ কৰিব জীৱন
সেইজীয়া পৃথিৱীৰ গুণ গৰিমা
তুলনা কাৰ লগত কৰিম...
বৰ্ণনা কিদৰে কৰিম...
ভাষাৰে কিদৰে গুঠিম...
ক্লান্ত মোৰ আকলুৱা মন;
স্তব্ধ মোৰ প্ৰণয়ৰ গভীৰতা ।।
মোৰেই পৃথিৱী মোৰেই হৈ থাকিব ।
নহয় ভূমিকম্প, নহয় প্ৰলয়...
আউসী, পূৰ্ণিমা, একাদশী
ৰ'দ-ছাঁ নিশাৰ এন্ধাৰ
পৃথিৱীত চিৰস্থায়ী...
আপোন-পৰ সকলো সাঁথৰ;
জীৱন-মৰণ নিৰন্তৰ স্ৰোত...
পৃথিৱীখন আপোন বৰ আপোন...
হৃদয়ৰ সাঁচত থাকি যায় চিৰ চেনেহী ।।
• O jaan Utha#Assamese p...
Nice
Good
Nice
Thanks