25 বছৰত মোৰ ওজন হৈছিল 25 KG😢😢 Assamese Podcast Ft Nirmali Nayantara In Kotha Studio

Поділитися
Вставка
  • Опубліковано 26 жов 2024

КОМЕНТАРІ • 71

  • @nitamoniphukon3895
    @nitamoniphukon3895 7 місяців тому +1

    নিৰ্মালী নয়নতৰাৰ গল্প খুব প্ৰিয়……।❤❤

  • @dhonbora9602
    @dhonbora9602 6 місяців тому +1

    Jibonar pra moi hanti bisaru aru muk jibone juji juji jiya thakiboloi hikale😊

  • @Chintumanihazarika
    @Chintumanihazarika 7 місяців тому +3

    কৃষ্ণ,নিৰ্মালি বা,আমিও জন্মসূত্ৰে শঙ্কৰ সঙ্ঘৰ সংগী হৈছোঁ।এই সমাজৰ পৰা বহুত কিবাকিবি পাইছোঁ।

  • @nizaranath2661
    @nizaranath2661 5 місяців тому

    বাইদেউৰ বেমাৰটো আৰু মোৰ ভন্টিৰ বেমাৰটো একেই আছিলে। ভগৱানৰ কৃপাত আপোনালোক দুয়ো সুস্থ এতিয়া।

  • @kidsentertain517
    @kidsentertain517 7 місяців тому +1

    জীৱনৰ পৰা কি বিচাৰো বুলি ক'লে এটা সাধাৰণ জীৱন যত নিজৰ জীৱনৰ মনে বিচাৰি থকা কামবোৰ কৰিব পাৰো। কাৰো উপকাৰ নকৰাকৈ জীৱনটো উপভোগ নকৰাকৈ উদযাপন কৰো। নিজৰ কামেৰে আনৰ সৰু উপকাৰ কৰিলে পাৰো চেষ্টা কৰো।
    জীৱনে মোক এটা ধুনীয়া উপহাৰ দিছে মানুহ হিচাপে। Love you zindagi
    Pallavi ধন্যবাদ, নিৰ্মালি বাট চিনি পাওঁ লিখনিৰ বাবে

  • @suramanath5523
    @suramanath5523 7 місяців тому +1

    বা জেনীৰ কথা। শুনি বৰ ভাল লাগিল ।❤

  • @pranitaphukan9197
    @pranitaphukan9197 7 місяців тому +1

    Kotha studio t Dekhi bahut bhal lagil sunu

  • @KaSiYali
    @KaSiYali 7 місяців тому +1

    নিৰ্মালি বা বহুত মৰমৰ মানুহ❤

  • @Pompibaruah.123
    @Pompibaruah.123 7 місяців тому +1

    Oi nirmali ki khobor aji tk dekhi vl lagil tr bemaror ktha gm npu

  • @parashmoniboruah6641
    @parashmoniboruah6641 7 місяців тому +1

    বহুত দিনৰ পিছত দেখিলো প্ৰিয় বা' জনীক। পল্লৱী বালৈ বহুত বহুত ধন্যবাদ ইমান ধুনীয়া এটি অনুষ্ঠান উপহাৰ দিয়াৰ বাবে। নিৰ্মালি বাৰ লেখনিবোৰ অৰ্দ্ধ আকাশত বিচাৰি বিচাৰি পঢ়িছিলোঁ। আপোনাৰ দৰে নাৰী আমাৰ আদৰ্শ।
    জীৱনে মোক কি দিছে??
    জীৱনে মোক নোখোজাকৈয়ে বহুত বেছি দিছে, সেয়া ভগৱানৰ আশীষ বুলি ভাৱো। কিন্তু বেয়া অভিজ্ঞতা আৰু হতাশাৰ সোৱদো দিছে, আচলতে দুখ থাকিলেহে সুখৰ অনুধাৱন কৰিব পাৰি।
    জীৱনৰ পৰা কি বিচাৰো??
    আধুনিকতাৰ ধামখুমীয়াত প্ৰকৃত মইজনীক যাতে হেৰুৱাই নেপেলাও, বিখ্যাত হব নোৱাৰিলেও কুখ্যাত যাতে নহও আৰু ভগৱানে যাতে সদায় ভকত বৈষ্ণৱৰ সেৱা কৰিবলৈ, মানৱ সেৱা কৰিবলৈ আগবঢ়াই নিয়ে তাকেই বিচাৰো।

  • @moonboruah8311
    @moonboruah8311 7 місяців тому +1

    আপুনি বুলিলে সঁচাই এটা ভাললগা অনুভৱ এটাই হয় বৌ।

  • @mridushmaandeuri
    @mridushmaandeuri 7 місяців тому +1

    ভাল লাগিল নিৰ্মালি ....লগৰ হিচাপে গৌৰৱান্বিত আমি....আৰু আগুৱাই যোৱা তুমি!!💚

  • @rohiniborgohain7654
    @rohiniborgohain7654 7 місяців тому +1

    জীৱনৰ পৰা এটা সুন্দৰ জীৱন বিছাৰো ।জীৱনে এখন পৃথিৱী দিয়ে ।

  • @priyamdas5740
    @priyamdas5740 7 місяців тому +1

    বহুত বহুত ভাল লাগিল অনুষ্ঠানটো চাই

  • @rashmibhargdwaj4973
    @rashmibhargdwaj4973 7 місяців тому +1

    Nirmali baa mur senior

  • @JharnaDeka-qv1wr
    @JharnaDeka-qv1wr 7 місяців тому +1

    প্ৰিয় মানুহগৰাকী। নিৰ্মালি বা❤❤

  • @Pinkubora-p8v
    @Pinkubora-p8v 7 місяців тому +1

    ইমান ভাল লাগিল চাই❤❤

  • @dear_zindegi2020
    @dear_zindegi2020 7 місяців тому +1

    মানুহগৰাকীলৈ কিবা এটা মায়া ওপজিছিল প্ৰথম তেওঁৰ লেখা পঢ়াৰ পৰাই। মাতষাৰতে আচৰিত শক্তি আছে।
    জীৱনৰ পোৱা নোপোৱাৰ হিচাপ বৰ দীঘলীয়া। সময়ে সময়ে সেইয়া কম বেছি কৰি ৰাখে। কিন্তুু এই জীৱনটোক সুন্দৰ কৰাৰ চাবিকাঠীও নিজৰেই হাতত। ভালপোৱাবোৰ যদি আমি বেছিকৈ বিলাই দিওঁ বেয়া লগাৰ সুৰুঙা ক'ত? প্ৰিয় আঞ্জা এখন তৈয়াৰ কৰিবলৈ যাওঁতে হয়তো আঙুলিত কাটিবও পাৰে, হাতত পুৰিবও পাৰে তথাপিও জানো আমি আঞ্জাখন সুস্বাদু কৰাৰ বাবে আপ্ৰাণ চেষ্টা নকৰো? জীৱনটো ঠিক তেনেকুৱাই।
    দুয়োগৰাকীলৈ শ্ৰদ্ধা যাঁচিলো 🙏। সাক্ষাৎকাৰটি সচাকৈ খুব ভাল লাগিল।

  • @parabisonowal2184
    @parabisonowal2184 7 місяців тому +1

    জীৱনৰ পৰা বিচাৰো এখিনি সুন্দৰ সময় আৰু জীৱনে সেইখিনি উপভোগ কৰাৰ সুযোগ দিছে বুলি অনুভৱ কৰো।
    নিৰ্মালী 😘😘

  • @linaborah5011
    @linaborah5011 7 місяців тому +1

    দুদিনমানৰ আগত কথা ষ্টুডিঅৰ ইণ্টাৰভিউ এটা চাই থাকোতেই হঠাৎ মনলৈ আহিছিল এফালৰ পৰা মোৰ পচন্দৰ মানুহখিনিক মাতিছে নিৰ্মালি বাকো দেখোন মাতিব পাৰে।এতিয়া হঠাৎ দেখি নিজেই আচৰিত🤩

  • @rituparnaborah9703
    @rituparnaborah9703 7 місяців тому +1

    খুব ভাল লাগিল ইণ্টাৰ্ভিউটো চাই।

  • @kaxyapath5853
    @kaxyapath5853 7 місяців тому +2

    Kotha Studio ৰ প্ৰায়বোৰ অনুস্হান চাইছো। খুউব ভাল লগা অনুষ্ঠান এটি উপহাৰ দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ।নিৰ্মালি নয়নতৰা এখনি চিনাকি মুখ।অৰ্দ্ধ আকাশৰ এগৰাকী নিয়মীয়া পঢ়ুৱৈ হিচাপে এখেতৰ লিখনি প্ৰিয়।এখেতৰ ফ্ৰেণ্ড লিষ্টত নাই যদিও প্ৰফাইল খুচৰি চাওঁ কিন্তু দেখা নাপাওঁ। কিছুমান মানুহক আচলতে চাব মন যায়। আজিৰ অনুষ্ঠানটোত নিৰ্মালি নয়নতৰাৰ কথাই মোৰ দৰে বহুতক অনুপ্ৰেৰণা যোগাব,সাহস দিব।
    জীৱনটোৱে মোক কি দিলে?
    আচলতে মোৰ বাবে জীৱনটো নিজেই এটি ধুনীয়া উপহাৰ। জীৱনটোৱে মোক এটি মোক এটি ধুনীয়া জীৱন দিলে। প্ৰতিটো দিন উদযাপন কৰিবলৈ শিকালে। কথা ক'বলৈ সাহস নথকা মোক সত্যৰ স'তে মুখামুখি হৈ মূৰ দাঙি অন্যায়ৰ প্ৰতিবাদ কৰিবলৈ শিকালে। কোনো মানুহক যে সহজে বিশ্বাস কৰিব নাপায় সেইয়া বাৰুকৈয়ে শিকালে। আনৰ ঠাট্টা-মস্কৰা,কটাক্ষ, আওকাণ বোৰক মোকো আওকাণ কৰি আগুৱাবলৈ শিকালে।"কৰি যোৱা,ফল আশা নকৰিবা"___হোমেন বৰগোহাঞিৰ এই কথাষাৰ সাৰোগত কৰি খোজ দি আছোঁ কিয়নো সকলো ভাল কামৰে কম বেছি পৰিমাণে ভাল ফল থাকে।
    জীৱনটোৰপৰা কি বিচাৰোঁ?
    আৰু একো নিবিচাৰোঁ।নিবিচৰাকৈ বহুত দিলে।পোৱাখিনিৰে আগবাঢ়িব বিচাৰোঁ হেজাৰ ধুমুহাতো হাওলি নপৰাকৈ কাৰো অপকাৰ নোহোৱাকৈ সূৰ্য ফুলাৰ দিশে..........

    • @nirmalinayantora723
      @nirmalinayantora723 7 місяців тому +1

      ❤❤কৃতজ্ঞতা আৰু ধন্যবাদ জনালোঁ

  • @rituparnaborah9703
    @rituparnaborah9703 7 місяців тому +1

    জীৱনে মোক কি দিছে?
    ~ জীৱনে মোক নিজক বুজাৰ সুযোগ দিছে। প্ৰতিটো দিনতেই মই নতুন নতুন কথা শিকাৰ সুবিধা পাইছোঁ। সংগ্ৰাম কাক বোলে, সেই কথা বুজাৰ অৱকাশ মোক জীৱনে দিছে। এই ধুনীয়া পৃথিৱীখন দেখাৰ সৌভাগ্য হৈছে জীৱনৰ বাবেই।
    নিৰ্জন পাহাৰ এখনত কুলু কুলুকৈ বৈ থকা নৈখনৰ সৌন্দৰ্য উপভোগ কৰিবলৈ জীৱনে বাট দেখুৱাইছে। মনটো উৰি যাব পৰাকৈ বলা ফাগুনৰ বতাহ অনুভৱ কৰিবলৈ জীৱনে শিকাইছে । বাৰিষাৰ বৰষুণত মন জীপাল কৰিবলৈ জীৱনে শিকাইছে । জাৰৰ দিনত খিৰিকীৰ জলঙাৰে চিটিকি অহা ৰ'দৰ উত্তাপ ল'বলৈ জীৱনে শিকাইছে। জীৱনে মোক সমগ্ৰ পৃথিৱীখন দিছে।
    মই জীৱনৰ পৰা কি বিচাৰোঁ?
    ~ আচলতে জীৱন হৈছে পৰিস্থিতিৰ দাস। মই বিচাৰোঁ অনাগত দিনবোৰতো জীৱনে মোক মনৰ জোখাৰে সুখী হ'বলৈ দিয়ক। সফলতাক মোৰ সহচৰ কৰি জীৱনে অদৃশ্য হাতেৰে মোৰ প্ৰাপ্য আটাইখিনি আজুৰি আনিবলৈ পোহৰমুখী বাট দেখুৱাওক ।
    সংগ্ৰাম কৰিবলৈ জীৱনে মোক শক্তি দিয়ক।

  • @dhupshikhadeka4834
    @dhupshikhadeka4834 7 місяців тому +1

    বৰ ভাল লাগিল❤❤। নিৰ্মালী বাৰ কথা বোৰ শুনিলে শুনিয়েই থাকিব মন যায় ❤❤❤

  • @xyo55
    @xyo55 7 місяців тому +2

    অৰ্দ্ধ আকাশত তোমাৰেই প্ৰথম লেখা পঢ়িছিলো নিৰ্মালি ২০১৭ চনত। সেইদিনাই মোৰ মনত কিয় জানো ভাৱ এটা হৈছিল যে এই ছোৱালীজনী বহুদূৰ আগুৱাই যাব, শব্দত যাদু দেখিছিলো। খুবেই সুখী হৈছিলো এইকাৰণেই যে নতুন প্ৰজন্মৰ মাজত এতিয়াও ইমান ধুনীয়া শব্দৰ যাদুৰে কাহিনী লিখিবপৰা সৃষ্টিকৰ্তা আছে। সদায় গৌৰৱ কৰোঁ, সদায় সুখী হোৱা❤❤বহুত মৰমেৰে আৰাধনা চেতিয়া বা😊😊

  • @Er.mridusmitaborbora
    @Er.mridusmitaborbora 7 місяців тому +1

    জীৱনৰ পৰা সাহস বিচাৰো, জীৱনে নিত্য নতুন অভিজ্ঞতা দিছে।
    নিৰ্মালিয়ে লিখা এটা বাক্যত (ডাক্তৰে কোৱা) মই বহুত সাহস পাইছিলো, “get lost ….!!”

  • @sikhatalukdar5566
    @sikhatalukdar5566 7 місяців тому +1

    Bohut besi aguwai jaa...❤ Bohut proud hou je toi mur bhal bandhi.. tuk bohut khini sage janiboloi sujug paisilu.. Bhale thak..bohut morom.. ❤

  • @suramanath5523
    @suramanath5523 7 місяців тому +1

    বানান টো ভুল হৈছে । জনীৰ

  • @flowrinachetia4679
    @flowrinachetia4679 7 місяців тому +1

    দুয়ো গৰাকী মৰমৰ💞❤️

  • @FarminBegum-official
    @FarminBegum-official 7 місяців тому

  • @Sabitavlogs8472
    @Sabitavlogs8472 7 місяців тому +1

    জীৱনৰ পৰা বিচাৰো এখনি মৰম লগা জীৱন নাটক❤ আৰু জীৱনে সেই মৰম লগা নাটক খন খুব সুন্দৰকৈ আগবঢাই লৈ গৈ আছে বুলি মই ভাবো I❤

  • @Sabitavlogs8472
    @Sabitavlogs8472 7 місяців тому +1

    নিৰ্মালী বাইদেউৰ কথাখিনিয়ে বহুত সাহস দিয়ে ,বহুত ভাল লাগিলে❤

  • @moureensvlogandworld225
    @moureensvlogandworld225 7 місяців тому +1

    শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক হিচাপে তুমি কোৱা কথাখিনি যথেষ্ট প্ৰাসঙ্গিক। আমি নিজেও সংগী। ভাল লাগিল তোমাৰ কথা শুনি নিৰ্মালি।❤

  • @dibrugarhorsuwalimoitandra9682
    @dibrugarhorsuwalimoitandra9682 7 місяців тому +1

    খুব ভাল লাগিল❤❤❤ । সদায় কুশলে থাকা ভনী💐💐💐💐💐💐

  • @kakalidutta1741
    @kakalidutta1741 7 місяців тому +3

    Pallabi bohut vl lage. Aye kothabur xuni. Aguaye juwa... Pallabi.

  • @chitrachutialifestyle1616
    @chitrachutialifestyle1616 7 місяців тому +1

    নিৰ্মালী বা আপোনাৰ লিখনি মোৰ খুব প্ৰিয় । 'অৰ্দ্ধ আকাশত ' প্ৰথম আপোনাৰ লিখনি পঢ়িছিলোঁ ২০১৯ চনত তেতিয়াৰ পৰাই আপোনাৰ প্ৰত্যেকটো লিখনি পঢ়ো । আপোনাৰ "ৰ'দৰ পখিলা আৰু ২৪ গল্প" গ্ৰন্থ খনি সংগ্ৰহ কৰিছিলোঁ ।
    আপোনাৰ প্ৰশ্ন দুটাৰ উত্তৰ মোৰ মতে ____ জীৱনৰ পৰা মই মানসিক শান্তি আৰু ভগৱানক বিচাৰোঁ ।
    জীৱনে মোক মানুহ চিনি পোৱাত সহায় কৰিলে আৰু জীৱনৰ কঠিন সময়ত ধৈৰ্য্য নেহেৰুৱাই সাহসেৰে যুঁজ দিবলৈ শিকালে ।

  • @flowrinachetia4679
    @flowrinachetia4679 7 місяців тому

    জীৱন মানেই সংগ্ৰাম...এই সংগ্ৰাম সকলোৰে বেলেগ বেলেগ.... ভালতকৈ বেয়া বহু পাইছোঁ কিন্তু মৰিব নিবিচাৰোঁ জিয়াব বিচাৰো..জীয়াম, ভাল বেয়া দুয়োটাই জীৱনত থাকিবই গতিকে যি দিছে জীৱনে তাক কৃতজ্ঞ হৈ উপভোগ কৰিম...সুখী ৰঙীন জীৱন এটাটো সকলোৱে বিচাৰে...মইও বিচাৰো সেয়া জীৱনত নিশ্চয় পাম

  • @prettysoul6236
    @prettysoul6236 7 місяців тому +1

    নিৰ্মালি নয়নতৰা বাৰ লিখনি অৰ্দ্ধ আকাশত পঢ়িছিলো। সেইসময়ত তেওঁ মোৰ বন্ধুলিষ্টত আছিল। কিন্ত কি হ'ল নাজানো তেওঁ মোক আনফ্ৰেণ্ড কৰিলে। এতিয়া তেওঁৰ লেখা পঢ়িবলৈ নাপাও। তেওঁৰ লেখাসমূহ ভাল লাগিছিল। আৰ্লেং পঢ়ি বৰ ভাল পাইছিলো।

  • @moonboruah8311
    @moonboruah8311 7 місяців тому +1

    ভাললগা❤

  • @parinaborah5981
    @parinaborah5981 7 місяців тому +1

    'নিৰ্মালি নয়নতৰা' -অৰ্ধ আকাশত আপোনাৰ লিখনি পঢ়াৰ পৰাই আপোনাৰ নামটোৱে মোক খুউব আৰ্কষন কৰিছিল বা। আজি আপোনাৰ বিষয়ে জানিব পাৰি বহুত বেছি ভাল লাগিল। পল্লৱী বা আপোনালৈয়ো বহুত ধন্যবাদ থাকিল।❤

  • @nirmalinayantora723
    @nirmalinayantora723 7 місяців тому +1

    ❤❤❤❤আৰাধনা বা😘😘😘😘কৃতজ্ঞতা।

    • @xyo55
      @xyo55 7 місяців тому

      🥰😘😘

  • @Monalishabora96
    @Monalishabora96 7 місяців тому +1

    Jivan mane xaxoh
    Xikhya

  • @nirusaikia7631
    @nirusaikia7631 7 місяців тому +2

    জীৱন পৰা কি বিচাৰে বুলি ক'লে ,মোক ভগৱানে যি দিছে তাক লৈ সন্তুষ্ট ।
    জীৱনে আপোনাক কি দিলে বুলি ক'লে মই ভাবো যে এই পৃথিৱীত মানুহৰ জন্ম লৈ ভগৱানক আৰু মানৱৰ সেৱা, শ্ৰদ্ধা,ভক্তি কৰিব পাইছো ।যি নেকি একমাত্ৰ মানৱ জীৱনতহে পাইছো। ময়ো এগৰাকী ঈশ্বৰ বিশ্বাসী লোক।

  • @nirmalinayantora723
    @nirmalinayantora723 7 місяців тому

    ❤❤❤অশেষ ধন্যবাদ বা

  • @dipaborah1632
    @dipaborah1632 7 місяців тому +1

    জীৱন মানে এখন যুদ্ধ ৷ হাৰিবও লাগিব জিকিবও লাগিব কিন্ত পিছুৱাই যাব নালাগে ৷ জীৱনৰটোৰ পৰা মই মোৰ জন্ম লোৱাৰ উদ্দেশ্য টো জানিব বিচাৰো ৷ ভাল লাগিল অনুষ্ঠান টো চাই ৷ ধন্যবাদ

  • @channdramallika1291
    @channdramallika1291 7 місяців тому +1

    ❤❤❤❤

  • @nabajyotihandique1999
    @nabajyotihandique1999 7 місяців тому +1

    ❤❤❤

  • @Monalishabora96
    @Monalishabora96 7 місяців тому

    ❤❤