Cage Broiler Farm II Manual Drinkar লগাব পাৰিব নে ?

Поділитися
Вставка
  • Опубліковано 18 жов 2024
  • বৰ্তমান অসমত যি হাৰে নিবনুৱাৰ হাৰ বৃদ্ধি পাই আছে এই সমস্যাৰ সমাধানত আমি চৰকাৰ বা চৰকাৰী চাকৰিৰ আশাত নাথাকি কৃষি কৰ্ম বা ফাৰ্মৰ লগত জঢ়িত হৈ স্ব-নিৰ্ভৰশীল ভাবে নিবনুৱা সমস্যা সমাধান কৰিব পাৰিম। আমাৰ এই গোটৰ প্ৰধান উদ্দেশ্য হল আমি কি ভাবে আধুনিক প্ৰক্ৰিয়াৰে ফাৰ্ম কৰি আগুৱাই যাব পাৰোঁ তাৰে বিষয়ে আলোচনা,লগতে সৰু সৰু Tips দিব চেষ্টা কৰি আহিছোঁ। যাতে আমাৰ ফাৰ্মাৰ সকলে পালন কৰা কুকুৰাৰ উচিত মূল্যৰ পোৱা যায় আৰু আধুনিক ভাবে ফাৰ্ম কৰি স্বাৱলম্বী হব পাৰিব বুলি মই ভাবো ।
    সেয়েহে আমি সকলোৱে মিলি আমাৰ ফাৰ্মাৰ সুবিধা বাবে Techno Farming নামৰ UA-cam channel টোত যোগদান কৰি গোটৰ সদস্য হোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ। আপোনাৰ লগতে আন ১০ জনো এই Video চাই স্ব-নিৰ্ভৰশীল ভাবে নিবনুৱা সমস্যা সমাধান কৰিব পৰাকৈ মোৰ Video সমূহ Share কৰি দিব বুলি আশা কৰিলো। ধন্যবাদ।
    পিঞ্জৰা পদ্ধতিৰ ফাৰ্মৰ লাভালাভ সমূহ :
    ১।Cage farming বা পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহত ফলীয়া পতান বা ভূছিৰ ব্যবহাৰ নহয়। যাৰ ফলত ভূছিৰ অতিৰিক্ত খৰচ সমূহ নোহোৱা হৈ পৰে।
    ২। পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহত অধিক হাৰত মূৰ্গীৰ placement কৰিব পৰা যায় (০.৯ বৰ্গফুট প্ৰতি মূৰ্গী)। যাৰ দ্বাৰা কম ঠাইতে অধিক মূৰ্গী পালন কৰি অধিক লাভ আদায় কৰিব পৰা যায়।
    ৩। পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহত ফাৰ্মাৰ বা কৃষক জনৰ কষ্ট কম হয়। ভূছি ৰেকিং কৰিব লগীয়া নহয় আৰু ফাৰ্মত অ'ত' দ্ৰিংকাৰ (auto drinker) সংস্থাপনৰ ফলত পানীৰ নাটনি নহয়।
    ৪। পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহৰ ক্ষেত্ৰত heat stroke অৰ্থাৎ গৰমৰ পৰা হোৱা মৰ্টেলিটী ৰোধ কৰিব পৰা যায়।
    ৫। পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহ তুলনামূলক ভাৱে পৰিস্কাৰ হৈ থাকে আৰু তাৰ ফলত বিভিন্ন মাৰাত্মক বেমাৰ যেনে CRD, IBD, RD আদিৰ পৰা তুলনামূলক ভাৱে হাত সাৰি থাকিব পাৰি।
    ৬। পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহৰ এমনিয়াৰ গেছৰ মাত্ৰা বহুপৰিমানে কমি যায় যাৰ ফলত ফাৰ্মৰ মূৰ্গী সমূহৰ স্বাস্থ্য ভালে থাকে আৰু ওজন সোনকালে বৃদ্ধি পায়।
    ৭। পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহ ত ভেকুৰ জাতীয় বেমাৰ যেনে - aspergillosis , aflatoxicosis আদিৰ পৰা হাত সাৰি থাকিব পৰা যায়।
    ৮। পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহত ফাৰ্মাৰ জনৰ কামৰ পৰিমান হ্ৰাস পায় , কাম কৰা মানুহৰ প্ৰয়োজন হ্ৰাস পায় আৰু বেছিকৈ চাপৰি কাম কৰিব লগীয়া নোহোৱাৰ ফলত ফাৰ্মাৰজনৰো স্বাস্থ্য ভালে থাকে।
    ৯। পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহৰ চৰাইবোৰ মাটিৰ পৰা ওপৰত থাকে বাবে ফাৰ্মৰ বতাহ চলাচলত সুবিধা হয়।
    ১০। বানপিড়ীত অঞ্চল সমূহৰ বাবে পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহ অত্যন্ত সুবিধাজনক। এনেধৰনৰ ফাৰ্ম সমূহক বানপানীয়ে ক্ষতি কৰিব নোৱাৰে
    ১১। এনেধৰণৰ ফাৰ্ম সমূহত পানী আৰু পানীৰ পাত্ৰ সমূহ সদায় পৰিস্কাৰ হৈ থাকে যিহেতু ভূছি আদি নাথাকে।
    ১২। জোতা চেন্দেল বা এনেধৰণৰ অন্য সামগ্ৰীৰ পৰা হ'ব পৰা সংক্ৰমন কম হয়।
    ১৩। Shead ready ত ৰৈ যোৱা অনাকাংক্ষিত আসুৱাহ সমূহৰ প্ৰভাব প্ৰতক্ষভাবে মূৰ্গীৰ ওপৰত নপৰে।
    Cage farming বা পিঞ্জৰা পদ্ধতিৰ বিষয়ে সবিশেষ জানিবলৈ PREMIUM CHICK FEEDS P LTD ৰ চুপাৰভাইজাৰ অথবা ব্ৰাঞ্ছ মেনেজাৰৰ লগত যোগাযোগ কৰক।
    BICHITRA NARAYAN
    8486262297
    #technofarming
    #cagefarming
    #poultryfarming
    #bichitranarayan
    Low cost model with high benefit
    Premium Chick Feeds Pvt Ltd
    Bichitra Narayan 8486262297

КОМЕНТАРІ • 17

  • @prithirajray5498
    @prithirajray5498 Рік тому

    Bhal lagil

  • @dushmantabora2627
    @dushmantabora2627 Рік тому

    সুন্দৰ পদ্ধতি 💞💞💞

  • @d.p4134
    @d.p4134 Рік тому

    Vle lge dada apumar video bur sai moi apumar video sai a atiya firm khuliba loisu

  • @birusatnami5261
    @birusatnami5261 Рік тому

    Super🤜 idea big b

  • @teronkongkat8155
    @teronkongkat8155 Рік тому

    Dada apunalukor premium mot Dana problem hoi ne hoi Jodi ketia hoi jonabo sun...

  • @kanakgogoi6448
    @kanakgogoi6448 Рік тому

    Dada moran lengarit apunalukor farm asa ni bru moi humam buli bvsu mur Ghar lengari usrota.

  • @ahsrafulansari2353
    @ahsrafulansari2353 Рік тому

    দাদা মই নিজা ববিয়া ফাৰ্ম কৰি আছোঁ এতিয়া মই কোম্পানী ফাৰ্ম ফাৰ্ম কৰিব বিচাৰোঁ কি কি কৰিব লাগিব অলপ কৈ দিব নেকি

  • @prodipgogoi8086
    @prodipgogoi8086 Рік тому

    Dada please apunur nmber2 dboxun... Janibo logiya bhutt kotha ase apunar pora

  • @arupgogoi6711
    @arupgogoi6711 Рік тому

    Apunalukor fram lakhimpurot asei niki moi apuna number tu dibo niki

  • @onlycompilation52
    @onlycompilation52 Рік тому

    Dada mui Goalpara District 'Dudhnoi'or Premium company logot jorito hobo khujisu apunak kenekuwa contact kurim jonabo sun please?