Boraxa Tomar Sokut (বৰষা তোমাৰ চকুত মেঘৰ অঞ্জন) - by Birendra Nath Dutta

Поділитися
Вставка
  • Опубліковано 15 вер 2024
  • Assamese song of Birendra Nath Dutta /Lyrics by Nabakanta Baruah /Melody by Birendra Nath Dutta.
    Lyrics of the song :
    . বৰষা তোমাৰ চকুত মেঘৰ অঞ্জন
    🌿🌼🌿
    বৰষা তোমাৰ চকুত মেঘৰ অঞ্জন......!
    বৰষা তোমাৰ চকুত মেঘৰ অঞ্জন
    ওঁঠত কদম ফুলৰ হাঁহি
    বিজুলী লতাৰে তোমাৰ কবৰী বন্ধন
    বিজুলী লতাৰে তোমাৰ কবৰী বন্ধন
    হাতত কেতেকী ফুলৰ পাহি...!
    বৰষা তোমাৰ চকুত মেঘৰ অঞ্জন ।।
    বৰষা তোমাৰ মেঘ ডম্বৰু স্পন্দন
    বৰষা তোমাৰ মেঘ ডম্বৰু স্পন্দন...
    কত কলাপীৰ চফল হৃদয় ৰঞ্জন
    সুন্দৰ কলিত শত মধুকৰ গুঞ্জন
    সুন্দৰ কলিত শত মধুকৰ গুঞ্জন
    তাৰ সুৰে সুৰে পুৱালী বায়ুৰ বাঁহী....
    তাৰ সুৰে সুৰে পুৱালী বায়ুৰ বাঁহী..!
    বৰষা তোমাৰ চকুত মেঘৰ অঞ্জন ।।
    বৰষা তোমাৰ মেঘ ডম্বৰু স্পন্দন
    বৰষা তোমাৰ মেঘ ডম্বৰু স্পন্দন...
    কত কলাপীৰ চফল হৃদয় ৰঞ্জন
    সুন্দৰ কলিত শত মধুকৰ গুঞ্জন
    সুন্দৰ কলিত শত মধুকৰ গুঞ্জন
    তাৰ সুৰে সুৰে পুৱালী বায়ুৰ বাঁহী....
    তাৰ সুৰে সুৰে পুৱালী বায়ুৰ বাঁহী..!
    বৰষা তোমাৰ চকুত মেঘৰ অঞ্জন ।।
    বৰষা তোমাৰ চকুত মেঘৰ অঞ্জন........ ।।
    গীতিকাৰ : নৱকান্ত বৰুৱা
    সুৰ ও কণ্ঠ : বীৰেন্দ্ৰনাথ দত্ত
    🌿🌼🌿

КОМЕНТАРІ • 29

  • @adasmixproduction478
    @adasmixproduction478 2 місяці тому

    বৰ্ষা তোমাৰ চকুত মেঘৰ অঞ্জন
    বিজুলী লতাৰে তোমাৰ কবৰী বন্ধন
    উস ! কি অপূৰ্ব ব্যঞ্জনা ৷
    শুনি থাকিলেও হেঁপাহ নপলোৱা গীত ৷

  • @pradipkalita6363
    @pradipkalita6363 3 місяці тому

    Axomiya Xobdd,r xoktti aru xundor monor prokash , 🎉🎉 kinttu aji nai nohoya hol ki hol kot gol xey ? ? ?

  • @lakhijan2366
    @lakhijan2366 3 місяці тому

    Great Beautiful So ❤

  • @rijusaikia7445
    @rijusaikia7445 6 років тому +6

    চিৰসেউজীয়া হৃদয়পৰশা সংগীত

  • @arunimad.hazarika5653
    @arunimad.hazarika5653 2 роки тому +2

    বৰ ভাল লগা এটা গান।

  • @hiradevi6637
    @hiradevi6637 2 роки тому +2

    Ai Sira Saw jia git baur bar bhal paw He mahan silpi bahu t bahut pranam

  • @gajendrabaishya6814
    @gajendrabaishya6814 3 роки тому +2

    মোৰ ভাল পোৱা গানৰ ভিতৰত এই টো এটা সুন্দৰ গান। ধন্যবাদ।

  • @parbeenahmed1734
    @parbeenahmed1734 2 роки тому +4

    Xorur pra ma deutar lgot xuni xuni dangor howa aibilk gan a jen jibntu akou abar notunkoi jiyabo hahakar kri uthe🥺🥺

  • @rupasaikia3046
    @rupasaikia3046 4 роки тому +2

    অনন্য সুন্দৰ গীত । যি গীত শুনি শুনি প্ৰকৃতিৰ প্ৰেমত নিজক উৎসৰ্গা কৰিব পাৰি।

  • @rumabarua5905
    @rumabarua5905 2 роки тому +2

    চিৰসেউজ মনপৰশা গীত ❤️🙏👍

  • @HarmonyVerseCreations
    @HarmonyVerseCreations 2 роки тому +2

    One of my all time favorite song

  • @rishangkamal8092
    @rishangkamal8092 2 роки тому +2

    চির সেউজ। । । । । । ।

  • @Ritamanikitchenwithvlog0354
    @Ritamanikitchenwithvlog0354 2 роки тому +1

    হি য়া মন জুৰ পৰি যায়

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 роки тому +1

    "বৰষা তোমাৰ চকুত মেঘৰ অঞ্জন...."কিযে অপূৰ্ব সুন্দৰ কথা! নৱকান্ত বৰুৱা দেৱৰ সেই সৃষ্টিক দৰদী শিল্পী বীৰেন্দ্ৰনাথ দত্ত দেৱে সুৰ আৰু কণ্ঠেৰে চিৰসেউজ ৰূপ দিছে। গীতটি শুনি হীয়া শাঁত পৰি যায়। এনে এটি চিৰসেউজ গীত আপলোড কৰা বাবে আপোনালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

  • @sukumardutta9260
    @sukumardutta9260 Рік тому +1

    Birendranath Dutta is singing all songs through AIR then regularly hearing these are the valuable memory and asset of soceity

  • @simantanath4758
    @simantanath4758 4 роки тому +2

    সচাকৈয়ে মনপৰশা গীত । মষ্টিষ্ক শীতল কৰি দিয়ে

  • @pulindutta
    @pulindutta 4 роки тому +2

    great song of all time.

  • @axomarpathsala5660
    @axomarpathsala5660 Рік тому +2

    দত্ত চাৰৰ প্ৰতিটো গীতত মই কি জানো বিচাৰি পাওঁ। বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়তে আকাশবাণীৰ ৰাতিৰ ১০বজাৰ অনুষ্ঠানলৈ পোষ্ট কাৰ্ড পঠাই এই গীতটোৰ বাবে অনুৰোধ জনাইছিলো।

  • @maheshchandrasarmah1785
    @maheshchandrasarmah1785 3 роки тому +1

    চিৰ সেউজী গীত।শুনি থাকিবৰ মন।

  • @gitikadas1891
    @gitikadas1891 4 роки тому +1

    Val lagil

  • @bhesojbaruah8725
    @bhesojbaruah8725 4 роки тому +1

    আপুৰুগীয়া ,চিৰসেউজ গীত ....

    • @bipulborah7778
      @bipulborah7778 3 роки тому

      Oldisgoldevergreen song ,. 🥰🥰❤️🌹🥰

  • @ranjanasaharia3387
    @ranjanasaharia3387 2 роки тому +1

    Lyrics tu dibo nki

  • @sujatagogoi3737
    @sujatagogoi3737 4 роки тому +2

    গীতবোৰৰ quality অলপ ভাল কৰিব লাগে।

    • @assameseoldsongs3806
      @assameseoldsongs3806  4 роки тому

      অডিঅ' quality কেনেকৈ ভাল কৰিব পাৰি ?

    • @bhesojbaruah8725
      @bhesojbaruah8725 4 роки тому +1

      বীৰেন্দ্ৰনাথ দত্তদেৱে গোৱা কেছেটবিলাক ও মোৰ আছে আৰু শুনি থাকো মাজে সময়ে .... !!

    • @bhesojbaruah8725
      @bhesojbaruah8725 3 роки тому +1

      ★মোৰ কেইটামান কেছেট এতিয়া ডিজিটাইজেছন কৰি perfect কৈ পোৱা নাই , এনেকুৱা হয়েই নেকি .... কাৰণ কেছেটবিলাক বহুত পুৰণি , হলেও আছেগৈ যে সেইটোৱেই অতি ভাল কথা ।