Mor Geetor Hejar Srota (মোৰ গীতৰ হেজাৰ শ্ৰোতা) - by Bhupen Hazarika.

Поділитися
Вставка
  • Опубліковано 7 вер 2024
  • Assamese song of Bhupen Hazarika /Lyrics, Melody and Music by Bhupen Hazarika /Lyrics of the song :
    মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ,
    গীতৰ সভাত তুমিয়েইতো প্ৰধান অলঙ্কাৰ ।
    প্ৰয়াস কৰো তোমাৰ মুখত হাঁহি বিলাবলে,
    প্ৰয়াস কৰো তোমাৰ দুখত সঁচাই কান্দিবলে,
    তোমাৰ ক্ৰোধত ক্ৰোধান্বিত হৈও গীত ৰঁচো ;
    ব্যক্তি সমূহৰ হৈ সুৰৰ শৰাই যাচোঁ ।
    সেয়ে গীতৰ কুসুমেৰে আজি জীৱন জাতিষ্কাৰ,
    গীতৰ সভাত তুমিয়েইতো প্ৰধান অলঙ্কাৰ ।
    ভুল যদি হয় সৃষ্টিত মোৰ
    ভুল যদি হয় সৃষ্টিত মোৰ
    তুমি হোৱা চিন্তিত ।
    সমালোচনাৰ অগনিৰে পুৰি
    সমালোচনাৰ অগনিৰে পুৰি
    মোকো কৰা উন্নত ।
    শৈশৱতে এখন দুখন গীতৰ সভাত গায়,
    মন উজাৰ কৰোতেই বুকুত দিলা ঠাই ।
    তোমাৰ বুকুৰ তপত উমৰ উদগনি পাই,
    জীৱনৰে দুপৰীয়াও আছো গীত গায় |
    গীতৰ সভাত আছিলো তোমাৰেই আৱিষ্কাৰ,
    গীতৰ সভাত তুমিয়েইতো প্ৰধান অলঙ্কাৰ ।
    🌿🌼🌿
    কথা, সুৰ-সংগীত ও কণ্ঠ :
    #_ভূপেন_হাজৰিকা ।
    🌿🌼🌿

КОМЕНТАРІ • 7

  • @uttamkumarroy2583
    @uttamkumarroy2583 Рік тому

    অসমৰ মহানায়ক🙏🙏🙏

  • @chitradas4893
    @chitradas4893 Рік тому +2

    Dhanybaad jiea paithese

  • @binudvauquline
    @binudvauquline Рік тому +1

    বৰ ভাল পালোঁ

  • @vedashyasworld7076
    @vedashyasworld7076 Місяць тому +1

    দুখৰ গীত |

  • @swargojyotigogoi4135
    @swargojyotigogoi4135 Рік тому +1

    অসমীয়াৰ হিয়াঁৰ আমঠূ

  • @balendas4259
    @balendas4259 Рік тому +1

    বৰ ভাল পালো গীতটি বেক পিকচাৰ টোৰ সৈতে গীতটি উপস্থাপন কৰা বাবে ।

  • @chitradas4893
    @chitradas4893 Рік тому +2

    Chira jugamiya geet addarere grahan