Career Guidance and Counselling by Dr. Buljit Buragohain at Rajdhar Bora H S School (Part 2)

Поділитися
Вставка
  • Опубліковано 7 лют 2025
  • আজাৰাস্থিত ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ গাইডেন্স আৰু কাউন্সেলিঙৰ এখন কৰ্মশালা ২৫ জানুৱাৰীত দিনৰ ১০ বজাত অনুষ্ঠিত হয় । স্নাতকোত্তৰ শিক্ষক দিগন্ত কুমাৰ বড়াই আঁত ধৰা আৰু ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত কুমাৰ পাটগিৰিয়ে আদৰণি ভাষণ আগবঢ়োৱা কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডন বস্ক’ বিশ্ববিদ্যালয় প্ৰযুক্তি বিদ্যাপীঠৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই ।
    ড° বুঢ়াগোহাঁয়ে আই.টি.আই.ৰ বিভিন্ন ট্রেড, পলিটেকনিকৰ তিনি বছৰীয়া ডিপ্লমাৰ বিভিন্ন পাঠ্যক্রম আৰু উচ্চতৰ মাধ্যমিকত শাখা তথা বিষয় কেনেকৈ নিবাৰ্চন কৰিব লাগে আৰু কলা, বিজ্ঞান বা বাণিজ্য বিষয়সহ ভালদৰে উত্তীৰ্ণ হৈ শিক্ষাৰ্থীসকলে নিজৰ দক্ষতা প্রকাশ কৰিলে কেনেধৰণৰ সংস্থাপন লাভ কৰিব পাৰে সেই বিষয়ে উল্লেখ কৰে । ড° বুঢ়াগোহাঁয়ে যি কোনো পাঠ্যক্রমত নামভর্তি কৰাৰ পূর্বে শিক্ষানুষ্ঠানসমূহৰ বৈধতা,ডিগ্রীৰ মর্যাদা,ব্যৱস্থা, স্বীকৃতিপ্রাপ্তিৰ মর্যাদা আদিৰ সবিশেষ তথ্য বিভিন্ন শিক্ষা বিষয়ক পৰিষদ,সংস্থা আদিৰ ৱেবচাইটৰ পৰা জানি ল’বলৈ পৰামৰ্শ দিয়ে । ড° বুঢ়াগোহাঁয়ে বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰবোৰত সাধাৰণ জ্ঞানৰ প্রয়োজনীয়তাৰ বিষয়েও উল্লেখ কৰে। ড° বুঢ়াগোহাঁয়ে উল্লেখ কৰে যে কেৱল চাকৰিৰ দ্বাৰা নিবনুৱা সমস্যাৰ সমাধান কেতিয়াও সম্ভৱ নহয় । চাকৰিৰ বাহিৰেও সৰু-বৰ উদ্যোগ গঢ়ি বা ব্যৱসায়-বাণিজ্যৰ জৰিয়তে নিজে উপাৰ্জনক্ষম হৈ উঠাৰ লগতে আনকো নিয়োগৰ সুবিধা প্রদান কৰিব পাৰি । কৰ্মশালাখন অংশগ্রহণ কৰা শিক্ষক তথা শিক্ষাৰ্থীসকলৰ বিভিন্ন প্রশ্নৰ উত্তৰ ড° বুলজিৎ বুঢ়াগোহাঁয়ে দিয়ে, লগতে প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) বিনামূলীয়াকৈ আগবঢ়োৱা বিষয়েও অৱগত কৰে । ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষয়ত্রী প্ৰাৰ্থনা বৰাই কৰ্মশালাখনত শলাগৰ শৰাই আগবঢ়ায়।

КОМЕНТАРІ •