Malhaar Records
Malhaar Records
  • 5
  • 27 383
বিষাদৰ ঐকতান // Bixador Oikotaan // Rupam Bhuyan // New Assamese Song // 2024
The song depicts the reminiscence of adolescent love cherished by a man with his youthful vigor in his matured life in a rainy morning when the continuous heavy downpour made him emotional. The man felt as if the sky and the earth sang a song in unison. In retrospection he repented for not being able to express his love to his love bird who was much elder to him.
The song is dedicated to respected Dr. Hiren Gohain Sir.*
**Lyrics*
# বিষাদৰ ঐকতান #===============
নিৱিড় পুৱাই একাকাৰ আকাশ-পৃথিৱী
অধুনা উটে ভাহে অতীতৰ বিষাদ ৰাগিনী
সঁজাত অসঁজাত এজাক ধাৰাসাৰ বৰষুণ
প্ৰাণচঞ্চল তৰুণৰ অবুজ মন মিঠা গুঞ্জন..
.ঘন ভুৰুৰ তলত সৰল এযুৰি চঞ্চল নয়ন
ঘাম বিৰিঙা মুখনিত বৰষে লয়লাস নাচোন
নিটোল যৌৱন তাইৰ কৈশোৰ তাৰ ছয়াময়া
স্মৃতিৰ পটত ভাহে কল-কন্ঠ খীণসুৰা
অনুভবৰ সিপাৰে ৰুণ দিয়া এজনী কপৌ
হৃদয়ৰ গভীৰত নিগৰে নীৰৱ স্পন্দনৰ ঢৌ
স্মিত সুবাসে ধুৱায় পিৰালিৰ গধূলি গোপাল
টোপ টোপ মধুৰ গান হয় বিষাদৰ ঐকতান * * *
::বিষাদৰ ঐকতান পৃষ্ঠভূমি::
====================
গাঁৱৰ এটা ল'ৰাই কৈশোৰতে ঘৰৰ ওচৰৰে, তাৰ বায়েকৰ বয়সৰ এজনী ছোৱালীক ভাল পাইছিল ; মানে আচলতে প্ৰেমনো কি বুজা হৈ নুঠা তাৰ তাইক ভাল লগিছিল । নীৰৱ প্ৰেম আছিল সেয়া ; দূৰৰ পৰাই উপভোগ কৰে সি তাইৰ কমনীয় সৌন্দৰ্য্য । ককায়েক এটাৰ বাহিৰে আন কেও-কিছু নোহোৱা ছোৱালীজনীৰ ককায়েকটোও আছিল সংসাৰৰ প্ৰতি নিৰ্লিপ্ত । ভনীয়েকক বিয়া দিলেই যেন সি তাৰ দায়িত্বৰ পৰা মুকুতি লভি বৈৰাগ্য পথৰ পথিক হ'ব পাৰে । এদিন কিশোৰে ককায়েকটোৰ লগত বন্ধুত্ব স্থাপন কৰিলে ; মাজে মাজে সি সিহঁতৰ ঘৰলৈ যোৱা কৰিলে ; আশা-প্ৰেমাস্পদৰ অকণমান দৰ্শন লাভ, তাইৰ এষাৰ মিঠা মাত । সৌভাগ্য হৈছিল কেতিয়াবা এবাটি চাহপানী আৰু এচপৰা গুৰৰ সোৱাদ , সেই ছোৱালীজনীৰ হাতেৰে । ভাবি থকাতেই থাকিল সি ; তাৰ 'নীৰৱ প্ৰেম' প্ৰকাশি তাইক নিৱেদন কৰাৰ সুযোগেই নেপালে সি । এদিন ককায়েকৰ মুখত সি শুনিলে তাইৰ বিয়া ঠিক হোৱাৰ কথা । কিশোৰজনৰ অনুভৱ - যিদিনাখন ককায়েকে তাক তাৰ প্ৰেমাস্পদৰ বিয়াৰ কথা কৈছিল সেইদিনাখন ছোৱালীজনীয়ে দুৱাৰ(মন)ৰ সিপাৰে কম্পিত হৃদয়ৰ এজনী কপৌৰ দৰে ৰুণ দিছিল । বহুতবছৰৰ পাছত ; কিশোৰজন তাৰুণ্যৰো শিকলি চিঙি ডাঙৰ হ'ল-মানুহৰ হিচাপত । এদিনাখন নিৱিড় পুৱাই আকাশ-পৃথিৱী একাকাৰ কৰি আহিল সঁজাত অসঁজাত এজাক অবিৰত, ধাৰাসাৰ বৰষুণ । হঠাতে তাৰ বৰ্তমানত উটি ভাহি আহিল এক জোৱাৰ, তাহানিৰ অতীতৰ সেই বিষাদ ৰাগিনী । তৰুণৰ প্ৰাণ চঞ্চল হৈ উঠিছিল ; অবুজ মনত এক মিঠা গুঞ্জৰণ উথলি উঠিছিল, কৈশোৰৰ সেই নীৰৱ প্ৰেমৰ কথা ভাবি । সি অনুভৱ কৰিছিল এক স্মিত সুবাস- শৈশৱৰ ঘৰৰ পিৰালিৰ গধূলি গোপাল ফুলজোপাৰ ।
Audio Credits:-
কথা/Lyrics : যতীন নাথ
সুৰ আৰু কন্ঠ/composition & Vocal : ৰূপম ভূঞা
সংগীত/Music : হৃদয়-স্পন্দন
শব্দ - সংমিশ্ৰন/Mix & Master : হৃদয় নন্দ শইকীয়া
গীটাৰ/Guitar : ভাস্কৰ শইকীয়া
কী-বৰ্ড/keys : ৰিকু বৰবৰা
বেছ গীটাৰ/Bass Guitar : স্পন্দন প্ৰিয়ম
আৰ্টৱৰ্ক আৰু এনিমেচন/Artwork & Animation : অনুভৱ দত্ত & krishna__artgallery
Recorded @studiomalhaar, Jorhat, Assam.
special thanks to- Smritirekha devi, Arpon Dutta and all our well wishers.
#song
#new
#newsong
#newassamesesong
#rupambhuyan
#zubeen
#jorhat
#assamese
#assam
Переглядів: 3 273

Відео

DOIBOKIR BIYA/দৈৱকীৰ বিয়া/ASSAMESE LOKGEET/অসমীয়া লোকগীত/২০২৪/HRIDAY-SPANDAN/ANURAG TAMULI/MALHAARDOIBOKIR BIYA/দৈৱকীৰ বিয়া/ASSAMESE LOKGEET/অসমীয়া লোকগীত/২০২৪/HRIDAY-SPANDAN/ANURAG TAMULI/MALHAAR
DOIBOKIR BIYA/দৈৱকীৰ বিয়া/ASSAMESE LOKGEET/অসমীয়া লোকগীত/২০২৪/HRIDAY-SPANDAN/ANURAG TAMULI/MALHAAR
Переглядів 7 тис.2 місяці тому
CREDITS - LYRICS/COMPOSITION - ANURAG TAMULI (RAAG ANURAG) VOCAL - HRIDAY NANDA SAIKIA TABLA - AMARJYOTI SHARMA (DADU) BANJO - SAMARJYOTI SHARMA (DIPU) FLUTE - PRITAMJIT BARPATRAGOHAIN GUITAR AND BASS - SPANDAN PRIYAM MUSIC - HRIDAY-SPANDAN ARRANGEMENT - HRIDAY NANDA SAIKIA MIX AND MASTER - HRIDAY NANDA SAIKIA LYRICAL VIDEO - HARSHAD BORA GFX - ANUBHAV DUTTA
TOMOXA HARINI//তমসা হাৰিনী//KABERI DUTTA//PRAKASH SHARMA//DURGA VANDANA//2024//STUDIO MALHAARTOMOXA HARINI//তমসা হাৰিনী//KABERI DUTTA//PRAKASH SHARMA//DURGA VANDANA//2024//STUDIO MALHAAR
TOMOXA HARINI//তমসা হাৰিনী//KABERI DUTTA//PRAKASH SHARMA//DURGA VANDANA//2024//STUDIO MALHAAR
Переглядів 1,3 тис.3 місяці тому
TOMOXA HARINI//তমসা হাৰিনী//KABERI DUTTA//PRAKASH SHARMA//HRIDAY-SPANDAN//DURGA VANDANA//2024//STUDIO MALHAAR #assam #music #assamesesong #jorhat #melody #new #durgapuja #durgamaa #durgapuja2024 AUDIO CREDITS - LYRICS & COMPOSITION - PRAKASH SHARMA MUSIC - HRIDAY-SPANDAN TABLA AND GUITAR - SPANDAN PRIYAM KEYBOARD - RAMANANDA SAIKIA FLUTE - PRITAMJIT BARPATRAGOHAIN MIX-MASTER - HRIDAY NANDA SAIK...
ANANTA BINAR XUR //অনন্ত বীণাৰ সুৰ //RUPAM BHUYAN //JATIN NATH // HRIDAY-SPANDAN//2024//ANANTA BINAR XUR //অনন্ত বীণাৰ সুৰ //RUPAM BHUYAN //JATIN NATH // HRIDAY-SPANDAN//2024//
ANANTA BINAR XUR //অনন্ত বীণাৰ সুৰ //RUPAM BHUYAN //JATIN NATH // HRIDAY-SPANDAN//2024//
Переглядів 15 тис.4 місяці тому
Ananta Beenar Xur, our first full fleged song - a tune felt in the turns of life, the rhythm and value of which is taken from the crowd of people we come across everyday. Written by Jatin Nath, composed and sung by Rupam Bhuyan, this song captures a profound journey through emotions and imagery, evoking the essence of creativity and introspection. Through its rich metaphors and evocative langua...
NARAYAN KAVACH // নাৰায়াণ কৱচ // বুবু তামুলী // ২০২৪ // অসমীয়া ভক্তি শ্লোক // HRIDAY // SPANDANNARAYAN KAVACH // নাৰায়াণ কৱচ // বুবু তামুলী // ২০২৪ // অসমীয়া ভক্তি শ্লোক // HRIDAY // SPANDAN
NARAYAN KAVACH // নাৰায়াণ কৱচ // বুবু তামুলী // ২০২৪ // অসমীয়া ভক্তি শ্লোক // HRIDAY // SPANDAN
Переглядів 8385 місяців тому
SONG CREDITS - Vocal - Bubu Tamuli Music Arrangement - Hriday Nanda Saikia Flute - Pritamjit Barpatragohain Doba and Kaanh - Shankarshan Saikia Shankh - Spandan Priyam Mix-Master - Hriday Nanda Saikia Recorded at - Studio Malhaar, Jorhat Special Thanks to Ram Hazarika, Makhani Tamuli, Raag Anuraag, Jatin Nath, Rupam Bhuyan, Kumud Borah, Robin Bhuyan, Uttar Kamalabari Satra and Aauniaati Satra.

КОМЕНТАРІ